< যোব 30 >
1 ১ কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
Dar acum cei ce sunt mai tineri decât mine mă iau în derâdere, pe ai căror părinți i-aș fi disprețuit încât să îi așez cu câinii turmei mele.
2 ২ যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
Da, la ce mi-ar folosi tăria mâinilor lor, în cei care bătrânețea a pierit?
3 ৩ সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।
Singuri, din lipsă și foamete, fugind în pustie de mult pustiită și secătuită.
4 ৪ আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।
Care taie nalbă de pe lângă tufișuri și rădăcini de ienupăr ca hrană a lor.
5 ৫ সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।
Ei au fost alungați dintre oameni, (care au strigat după ei ca după un hoț);
6 ৬ সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।
Ca să locuiască în coastele văilor, în peșteri ale pământului și în stânci.
7 ৭ সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়।
Printre tufișuri au zbierat; sub urzici s-au adunat.
8 ৮ সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
Erau copii de nebuni, da, copii de oameni josnici; erau mai ticăloși decât pământul.
9 ৯ এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।
Și acum sunt cântecul lor, da, sunt zicătoarea lor.
10 ১০ সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।
Ei mă detestă, fug departe de mine și nu se abțin să mă scuipe în față.
11 ১১ কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।
Pentru că mi-a dezlegat frânghia și m-a chinuit, ei de asemenea și-au dat frâu liber înaintea mea.
12 ১২ মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
Tinerii se ridică peste dreapta mea; ei îmi împing deoparte picioarele și își ridică împotriva mea căile nimicirii lor.
13 ১৩ সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি: সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।
Ei îmi distrug cărarea, profită de nenorocirea mea, nu au ajutor.
14 ১৪ গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
Au venit peste mine ca apele printr-o spărtură largă, în pustiire s-au rostogolit peste mine.
15 ১৫ নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
Terori s-au întors asupra mea, ei îmi urmăresc sufletul ca vântul; și bunăstarea mea trece ca un nor.
16 ১৬ সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
Și acum sufletul meu este turnat peste mine; zilele nenorocirii m-au apucat.
17 ১৭ ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
Oasele îmi sunt străpunse în mine pe timpul nopții și tendoanele mele nu au odihnă.
18 ১৮ ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।
Prin marea forță a bolii mele este îmbrăcămintea mea schimbată, mă leagă împrejur ca gulerul cămășii mele.
19 ১৯ ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ।
El m-a aruncat în mocirlă și am devenit ca țărâna și cenușa.
20 ২০ মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
Strig către tine și nu mă asculți; mă ridic în picioare și nu iei aminte la mine.
21 ২১ তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,
Ai devenit crud față de mine, cu mâna ta puternică mi te opui.
22 ২২ তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা।
Tu mă ridici spre vânt, mă faci să călăresc pe el și îmi topești ființa.
23 ২৩ কিয়নো মই জানো, যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
Fiindcă știu că mă vei aduce la moarte și la casa rânduită pentru toți cei vii.
24 ২৪ তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
Totuși el nu își va întinde mâna spre mormânt, deși ei strigă la nimicirea lui.
25 ২৫ দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
Nu am plâns pentru cel ce era în necaz? Nu a fost sufletul meu întristat pentru cel sărac?
26 ২৬ মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।
Când căutam binele, atunci răul a venit; și când am așteptat lumina, a venit întunericul.
27 ২৭ মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।
Adâncurile mele fierbeau și nu se odihneau; zilele necazului mă întâmpinau.
28 ২৮ মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।
Umblam jelind, fără soare; m-am ridicat în picioare și am strigat în adunare.
29 ২৯ মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।
Sunt frate dragonilor și însoțitor bufnițelor.
30 ৩০ মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।
Pielea mi se înnegrește pe mine și oasele mi se ard de arșiță.
31 ৩১ সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।
Harpa de asemenea mi s-a prefăcut în jelire și instrumentul meu de suflat în vocea celor ce plâng.