< যোব 3 >
1 ১ পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
Ẹ̀yìn èyí ní Jobu yanu, ó sì fi ọjọ́ ìbí rẹ̀ ré
2 ২ ইয়োবে মাত লগাই ক’লে,
Jobu sọ, ó sì wí pé,
3 ৩ যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
“Kí ọjọ́ tí a bí mi kí ó di ìgbàgbé, àti òru ni, nínú èyí tí a wí pé, ‘A lóyún ọmọkùnrin kan!’
4 ৪ সেইদিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
Kí ọjọ́ náà kí ó já si òkùnkùn, kí Ọlọ́run kí ó má ṣe kà á sí láti ọ̀run wá; bẹ́ẹ̀ ni kí ìmọ́lẹ̀ kí ó má ṣe mọ́ sí i.
5 ৫ অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
Kí òkùnkùn àti òjìji ikú fi ṣe ti ara wọn; kí àwọsánmọ̀ kí ó bà lé e; kí ìṣúdudu ọjọ́ kí ó pa láyà.
6 ৬ সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।
Kí òkùnkùn kí ó ṣú bo òru náà biribiri, kí ó má ṣe yọ pẹ̀lú ọjọ́ ọdún náà: kí a má ṣe kà a mọ́ iye ọjọ́ oṣù.
7 ৭ চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।
Kí òru náà kí ó yàgàn; kí ohun ayọ̀ kan kí ó má ṣe wọ inú rẹ̀ lọ.
8 ৮ দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
Kí àwọn tí í fi ọjọ́ gégùn ún kí o fi gégùn ún, tí wọ́n mura tán láti ru Lefitani sókè.
9 ৯ সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
Kí ìràwọ̀ òwúrọ̀ ọjọ́ rẹ̀ kí ó ṣókùnkùn; kí ó má wá ìmọ́lẹ̀, ṣùgbọ́n kí ó máa mọ́ sí i, bẹ́ẹ̀ ni kí ó má ṣe rí àfẹ̀mọ́júmọ́
10 ১০ কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
nítorí tí kò sé ìlẹ̀kùn inú ìyá mi, láti pa ìbànújẹ́ rẹ́ ní ojú mi.
11 ১১ মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
“Èéṣe tí èmi kò fi kú láti inú wá, tàbí tí èmi kò kú ní ìgbà tí mo ti inú jáde wá?
12 ১২ কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
Èéṣe tí orúnkún wá pàdé mi, tàbí ọmú tí èmi yóò mu?
13 ১৩ কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
Ǹjẹ́ nísinsin yìí èmi ìbá ti dùbúlẹ̀ jẹ́ẹ́; èmi ìbá ti sùn, èmi ìbá ti sinmi
14 ১৪ তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
pẹ̀lú àwọn ọba àti ìgbìmọ̀ ayé tí wọ́n mọ ilé fún ara wọn wá dùbúlẹ̀ nínú ìsọdahoro.
15 ১৫ অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
Tàbí pẹ̀lú àwọn ọmọ-aládé tí ó ní wúrà, tí wọ́n sì fi fàdákà kun ilé wọn.
16 ১৬ বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
Tàbí bí ọlẹ̀ tí a sin, èmi kì bá ti sí: bí ọmọ ìṣunú tí kò rí ìmọ́lẹ̀?
17 ১৭ সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
Níbẹ̀ ni ẹni búburú ṣíwọ́ ìyọnilẹ́nu, níbẹ̀ ni ẹni àárẹ̀ wà nínú ìsinmi.
18 ১৮ তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
Níbẹ̀ ni àwọn ìgbèkùn sinmi pọ̀, wọn kò gbóhùn amúnisìn mọ́.
19 ১৯ তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
Àti èwe àti àgbà wà níbẹ̀, ẹrú sì di òmìnira kúrò lọ́wọ́ olówó rẹ̀.
20 ২০ দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
“Nítorí kí ni a ṣe fi ìmọ́lẹ̀ fún òtòṣì, àti ìyè fún ọlọ́kàn kíkorò,
21 ২১ তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
tí wọ́n dúró de ikú, ṣùgbọ́n òun kò wá, tí wọ́n wá a jù ìṣúra tí a bò mọ́lẹ̀ pamọ́ lọ.
22 ২২ কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
Ẹni tí ó yọ̀ gidigidi, tí inú wọ́n sì dùn nígbà tí wọ́n wá ibojì òkú rí?
23 ২৩ যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
Kí ni a fi ìmọ́lẹ̀ fún ẹni tí ọ̀nà rẹ̀ fi ara pamọ́ fún, tí Ọlọ́run sì ṣọgbà dí mọ́ ká?
24 ২৪ কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
Nítorí pé èémí-ẹ̀dùn wà ṣáájú oúnjẹ mi; ìkérora mi sì tú jáde bí omi.
25 ২৫ কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
Nítorí pé ohun náà tí mo bẹ̀rù gidigidi ni ó dé bá mi yìí, àti ohun tí mo fòyà rẹ̀ bá mi ó sì ṣubú lù mí.
26 ২৬ মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”
Èmi wà láìní àlàáfíà, bẹ́ẹ̀ ni èmi kò ní ìsinmi; bẹ́ẹ̀ ni èmi kò ni ìfàyàbalẹ̀, bí kò ṣe ìdààmú.”