< যোব 3 >
1 ১ পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
Potem otworzył Ijob usta swoje, i złorzeczył dniowi swemu.
2 ২ ইয়োবে মাত লগাই ক’লে,
I zawołał Ijob, mówiąc:
3 ৩ যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
Bodaj był zginął dzień, któregom się urodził! i noc, w którą rzeczono: Począł się mężczyzna!
4 ৪ সেইদিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
Bodaj się był on dzień obrócił w ciemność! By się był o nim nie pytał Bóg z wysokości, i nie był oświecony światłością!
5 ৫ অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
Bodaj go była zaćmiła ciemność i cień śmierci! by go był ogarnął obłok, i ustraszyła go gorącość dzienna!
6 ৬ সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।
Bodaj była noc onę osiadła ciemność, aby nie szła w liczbę dni rocznych, i w liczbę miesięcy nie przyszła!
7 ৭ চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।
Bodaj noc ona była samotna, a śpiewania aby nie było w niej!
8 ৮ দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
Bodaj ją byli przeklęli, którzy przeklinają dzień, którzy są gotowi, wzruszać płacz swój!
9 ৯ সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
Bodaj się były zaćmiły gwiazdy przy zmierzkaniu jej! a czekając światła, aby się go była nie doczekała, ani nie oglądała zorzy porannej!
10 ১০ কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
Iż nie zawarła drzwi żywota mego, a nie skryła boleści od oczu moich.
11 ১১ মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
Przeczżem w żywocie nie umarł, albo, gdym z żywota wyszedł, czemum nie zginął?
12 ১২ কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
Przeczże mię piastowano na kolanach? a przeczżem ssał piersi?
13 ১৩ কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
Albowiembym teraz leżał i odpoczywał; spałbym i miałbym pokój,
14 ১৪ তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
Z królmi i z radcami ziemi, którzy sobie budowali na miejscach pustych;
15 ১৫ অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
Albo z książętami, którzy mieli złoto, a napełniali domy swe srebrem,
16 ১৬ বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
Albo czemum się nie stał jako martwy płód skryty? albo jako niemowlątka, które nie oglądały światłości?
17 ১৭ সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
Tam niepobożni przestawają straszyć, i tam odpoczywają zwątleni w siłę.
18 ১৮ তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
Tamże więźniowie sobie wydychają, a nie słyszą głosu trapiącego ich,
19 ১৯ তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
Mały i wielki tam sobie są równi a niewolnik wolny od pana swego.
20 ২০ দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
Przecz nędznemu dana jest światłość, a żywot tym, którzy są utrapionego ducha?
21 ২১ তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
Którzy czekają śmierci, a nie przychodzi, choć jej pilniej szukają niż skarbów skrytych;
22 ২২ কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
Którzyby się z radością weselili, pląsając, gdyby znaleźli grób.
23 ২৩ যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
Przecz dana jest światłość mężowi, którego droga skryta jest, a którego Bóg ciężkościami ogarnął?
24 ২৪ কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
Albowiem kiedy mam jeść, wzdychanie moje przychodzi, a rozchodzi się jako woda ryczenie moje;
25 ২৫ কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
Bo strach, któregom się lękał, przyszedł na mię, a czegom się obawiał, przydało mi się.
26 ২৬ মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”
Nie byłem bezpieczny, anim się uspokoił, anim odpoczywał, a przecież na mię przyszła trwoga.