< যোব 3 >

1 পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
After this, Job opened his mouth and cursed the day of his birth.
2 ইয়োবে মাত লগাই ক’লে,
And this is what he said:
3 যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
“May the day of my birth perish, and the night it was said, ‘A boy is conceived.’
4 সেইদিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
If only that day had turned to darkness! May God above disregard it; may no light shine upon it.
5 অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
May darkness and gloom reclaim it, and a cloud settle over it; may the blackness of the day overwhelm it.
6 সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।
If only darkness had taken that night away! May it not appear among the days of the year; may it never be entered in any of the months.
7 চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।
Behold, may that night be barren; may no joyful voice come into it.
8 দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
May it be cursed by those who curse the day — those prepared to rouse Leviathan.
9 সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
May its morning stars grow dark; may it wait in vain for daylight; may it not see the breaking of dawn.
10 ১০ কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
For that night did not shut the doors of the womb to hide the sorrow from my eyes.
11 ১১ মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
Why did I not perish at birth; why did I not die as I came from the womb?
12 ১২ কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
Why were there knees to receive me, and breasts that I should be nursed?
13 ১৩ কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
For now I would be lying down in peace; I would be asleep and at rest
14 ১৪ তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
with kings and counselors of the earth, who built for themselves cities now in ruins,
15 ১৫ অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
or with princes who had gold, who filled their houses with silver.
16 ১৬ বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
Or why was I not hidden like a stillborn child, like an infant who never sees daylight?
17 ১৭ সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
There the wicked cease from raging, and there the weary find rest.
18 ১৮ তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
The captives enjoy their ease; they do not hear the voice of the oppressor.
19 ১৯ তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
Both small and great are there, and the slave is freed from his master.
20 ২০ দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
Why is light given to the miserable, and life to the bitter of soul,
21 ২১ তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
who long for death that does not come, and search for it like hidden treasure,
22 ২২ কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
who rejoice and greatly exult when they can find the grave?
23 ২৩ যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
Why is life given to a man whose way is hidden, whom God has hedged in?
24 ২৪ কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
I sigh when food is put before me, and my groans pour out like water.
25 ২৫ কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
For the thing I feared has overtaken me, and what I dreaded has befallen me.
26 ২৬ মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”
I am not at ease or quiet; I have no rest, for trouble has come.”

< যোব 3 >