< যোব 3 >

1 পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
Pambuyo pake Yobu anatsekula pakamwa pake nayamba kutemberera tsiku limene iyeyo anabadwa.
2 ইয়োবে মাত লগাই ক’লে,
Ndipo Yobu anati:
3 যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
“Tsiku limene ine ndinabadwa litembereredwe ndi usiku umene ananena kuti, ‘Mwana wamwamuna wabadwa!’
4 সেইদিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
Tsiku limenelo lisanduke mdima; Mulungu wa kumwambako asalilabadirenso; kuwala kusaonekenso pa tsikulo.
5 অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
Mdima ndi mthunzi wa imfa zikhale pa tsiku limeneli; mtambo uphimbe tsikuli; mdima wandiweyani udetse kuwala kwake.
6 সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।
Usiku umenewo ukutidwe ndi mdima wandiweyani; usawerengedwenso pamodzi ndi masiku a chaka, kapena kukhala pa mwezi wina uliwonse.
7 চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।
Usiku umenewo usabweretse chilichonse chabwino; kusamvekenso nthungululu za chikondwerero.
8 দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
Odziwa kutemberera masiku alitemberere tsikulo, iwo amene akonzekera kuwutsa Leviyatani.
9 সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
Nyenyezi zake za mʼbandakucha zikhale mdima; tsikulo liyembekezere kucha pachabe ndipo lisaonenso kuwala koyamba kwa mʼbandakucha.
10 ১০ কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
Pakuti tsiku limenelo ndiye ndinatuluka mʼmimba ya amayi anga ndipo ndi limene linandionetsa zovuta.
11 ১১ মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
“Bwanji ine sindinawonongeke pamene ndinkabadwa ndi kufa pamene ndimatuluka mʼmimba?
12 ১২ কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
Chifukwa chiyani panali mawondo wondilandirirapo ndi mawere woti andiyamwitsepo?
13 ১৩ কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
Pakuti tsopano bwenzi ndili gone mwamtendere; ndikanakhala nditagona tulo ndili pa mpumulo
14 ১৪ তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
pamodzi ndi mafumu ndi aphungu a dziko lapansi, amene anadzimangira nyumba zikuluzikulu zimene tsopano ndi mabwinja,
15 ১৫ অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
pamodzi ndi olamulira amene anali ndi golide, amene anadzaza nyumba zawo ndi siliva.
16 ১৬ বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
Kapena, bwanji sindinakwiriridwe pansi monga mwana wobadwa wakufa kale, ngati khanda limene silinaone kuwala kwa dzuwa?
17 ১৭ সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
Ku mandako anthu oyipa sakhalanso pa mavuto, ndipo kumeneko anthu otopa ali pa mpumulo.
18 ১৮ তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
A mʼndende kumeneko akusangalala ndi mtendere; sakumvanso mawu ofuwula a kapitawo wa akapolo.
19 ১৯ তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
Anthu wamba ndi anthu apamwamba ali kumeneko, ndipo kapolo ndi womasuka kwa mbuye wake.
20 ২০ দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
“Chifukwa chiyani dzuwa limawalira iwo amene ali pa mavuto, ndipo moyo umapatsidwa kwa owawidwa mtima,
21 ২১ তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
kwa iwo amene amalakalaka imfa imene sibwera, amene amayifunafuna imfayo kupambana chuma chobisika,
22 ২২ কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
amene amakondwa ndi kusangalala akamalowa mʼmanda?
23 ২৩ যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
Chifuwa chiyani moyo umaperekedwa kwa munthu amene njira yake yabisika, amene Mulungu wamuzinga ponseponse?
24 ২৪ কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
Mʼmalo moti ndidye, ndimalira, ndi kubuwula kwanga nʼkosalekeza.
25 ২৫ কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
Chimene ndinkachiopa chandigwera; chimene ndinkachita nacho mantha chandichitikira.
26 ২৬ মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”
Ndilibe mtendere kapena bata, ndilibe mpumulo, koma mavuto okhaokha.”

< যোব 3 >