< যোব 29 >
1 ১ পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
Job again took up his parable, and said,
2 ২ অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
"Oh that I were as in the months of old, as in the days when God watched over me;
3 ৩ যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ,
when his lamp shone on my head, and by his light I walked through darkness,
4 ৪ যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
as I was in the ripeness of my days, when the friendship of God was in my tent,
5 ৫ সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
when Shaddai was yet with me, and my children were around me,
6 ৬ যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
when my steps were washed with butter, and the rock poured out streams of oil for me,
7 ৭ যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
when I went forth to the city gate, when I prepared my seat in the street.
8 ৮ তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
The young men saw me and hid themselves. The aged rose up and stood.
9 ৯ প্ৰধান লোকসকলে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল;
The princes refrained from talking, and laid their hand on their mouth.
10 ১০ ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
The voice of the nobles was hushed, and their tongue stuck to the roof of their mouth.
11 ১১ কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
For when the ear heard me, then it blessed me; and when the eye saw me, it commended me:
12 ১২ কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
Because I delivered the poor who cried, and the fatherless also, who had none to help him,
13 ১৩ বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
the blessing of him who was ready to perish came on me, and I caused the widow's heart to sing for joy.
14 ১৪ মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
I put on righteousness, and it clothed me. My justice was as a robe and a diadem.
15 ১৫ মই অন্ধৰ চকু আছিলোঁ; আৰু খোৰাৰ ভৰি আছিলোঁ।
I was eyes to the blind, and feet to the lame.
16 ১৬ মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
I was a father to the needy. The cause of him who I did not know, I searched out.
17 ১৭ মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
I broke the jaws of the unrighteous, and plucked the prey out of his teeth.
18 ১৮ তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব;
Then I said, 'I shall die in my own house, I shall number my days as the sand.
19 ১৯ আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
My root is spread out to the waters. The dew lies all night on my branch.
20 ২০ মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
My glory is fresh in me. My bow is renewed in my hand.'
21 ২১ লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
"Men listened to me, waited, and kept silence for my counsel.
22 ২২ মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
After my words they did not speak again. My speech fell on them.
23 ২৩ বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
They waited for me as for the rain. Their mouths drank as with the spring rain.
24 ২৪ সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
I smiled on them when they had no confidence. They did not reject the light of my face.
25 ২৫ মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।
I chose out their way, and sat as chief. I lived as a king in the army, as one who comforts the mourners.