< যোব 28 >

1 নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়; সেই সোণৰ ঠাইও আছে।
Есть бо сребру место, отюнудуже и бывает, и место злату, отюнудуже очищается.
2 লোহা মাটিৰ পৰা উলিওৱা হয়, আৰু শিল গলাই তাম উলিয়ায়।
Железо бо из земли раждается, медь же равно камению сечется.
3 মানুহে অন্ধকাৰ শেষ কৰে, নিচেই তলিলৈকে খান্দে, আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়।
Чин положи тме, и вся концы сам испытует, камык тмы и сень смерти.
4 সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়; সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে।
Пресечение потока от праха: забывающии же путь правый изнемогоша, от человек подвигошася.
5 যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা।
Есть земля, из неяже изыдет хлеб: под нею обратися яко огнь.
6 তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, আৰু গুড়ি সোণ তাত আছিল।
Место сапфира камение ея, и персть злато ему.
7 সেই পথ হিংসক পক্ষীয়ে নাজানে, আৰু শেনৰ চকুৱেও তাক নেদেখে।
Стезя, не позна ея птица, и не узре ю око супово,
8 গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই, আৰু সিংহও সেই ফালেদি যোৱা নাই।
и не ходиша по ней сынове величавых, и не прейде по ней лев.
9 মানুহে অতি টান শিলত হাত দিয়ে; সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়।
На несекоме камени простре руку свою, преврати же из корения горы:
10 ১০ সি শিলৰ মাজে মাজে নলা কাটে, আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়।
бреги рек расторже, всякое же честное виде око мое:
11 ১১ সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়।
глубины же рек откры и показа силу свою на свет.
12 ১২ কিন্তু জ্ঞান ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
Премудрость же откуду обретеся? И кое место есть ведения?
13 ১৩ মনুষ্যই তাৰ মূল্য নাজানে, আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়।
Не весть человек пути ея, ниже обретеся в человецех.
14 ১৪ অগাধ জলে কয়, এইটি মোত নাই, আৰু সাগৰে কয়, মোৰ ইয়াতো নাই।
Бездна рече: несть во мне: и море рече: несть со мною.
15 ১৫ শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।
Не дастся сокровище за ню, и не извесится сребро на изменение ея,
16 ১৬ ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
и не сравнится со златом Софирским, со ониксом честным и сапфиром:
17 ১৭ সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।
не равно будет ей злато и кристаль, и изменение ея сосуди злати.
18 ১৮ তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।
Превысокая и бисерие не помянутся, и притяжи премудрость паче внутреннейших:
19 ১৯ কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।
не уравнится ей топазий Ефиопский, со златом чистым не сравнится.
20 ২০ তেন্তে জ্ঞান ক’ৰ পৰা আহে? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
Премудрость же откуду обретеся? И кое место есть разуму?
21 ২১ এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য।
Утаися от всякаго человека, и от птиц небесных скрыся.
22 ২২ বিনাশ আৰু মৃত্যুৱে কয়, আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ।
Пагуба и смерть рекосте: слышахом ея славу.
23 ২৩ তাৰ পথ ঈশ্বৰেহে জানে, আৰু তাৰ ঠাই তেওঁৰহে জনা আছে।
Бог благо позна ея путь: Сам бо весть место ея.
24 ২৪ কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।
Ибо Сам поднебесную всю надзирает, ведый, яже на земли, вся, яже сотвори.
25 ২৫ তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে,
Ветров вес и воде меру егда сотворил,
26 ২৬ যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,
тако видяй сочте, и путь в сотрясении гласов,
27 ২৭ তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;
тогда виде ю и поведа ю, уготовав изследи
28 ২৮ আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।
и рече человеку: се, благочестие есть премудрость, а еже удалятися от зла есть ведение.

< যোব 28 >