< যোব 28 >
1 ১ নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়; সেই সোণৰ ঠাইও আছে।
“Certamente existe uma mina de prata, e um lugar para o ouro, que eles refinam.
2 ২ লোহা মাটিৰ পৰা উলিওৱা হয়, আৰু শিল গলাই তাম উলিয়ায়।
O ferro é retirado da terra, e o cobre é fundido a partir do minério.
3 ৩ মানুহে অন্ধকাৰ শেষ কৰে, নিচেই তলিলৈকে খান্দে, আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়।
O homem põe um fim à escuridão, e busca, até o limite mais distante, as pedras da obscuridade e da escuridão espessa.
4 ৪ সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়; সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে।
Ele quebra um eixo a partir de onde as pessoas vivem. Eles são esquecidos pelo pé. Eles ficam longe dos homens, eles balançam para frente e para trás.
5 ৫ যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা।
Quanto à terra, dela sai o pão. Debaixo dele é aparecido como se fosse por fogo.
6 ৬ তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, আৰু গুড়ি সোণ তাত আছিল।
As safiras vêm de suas rochas. Tem pó de ouro.
7 ৭ সেই পথ হিংসক পক্ষীয়ে নাজানে, আৰু শেনৰ চকুৱেও তাক নেদেখে।
Esse caminho que nenhuma ave de rapina conhece, nem o olho do falcão o viu.
8 ৮ গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই, আৰু সিংহও সেই ফালেদি যোৱা নাই।
Os animais orgulhosos não a pisaram, nem o leão feroz passou por lá.
9 ৯ মানুহে অতি টান শিলত হাত দিয়ে; সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়।
Ele coloca a mão na pedra frágil, e ele derruba as montanhas pelas raízes.
10 ১০ সি শিলৰ মাজে মাজে নলা কাটে, আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়।
Ele corta canais entre as rochas. Seu olho vê cada coisa preciosa.
11 ১১ সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়।
Ele liga os riachos que eles não gotejam. A coisa que está escondida ele traz à luz.
12 ১২ কিন্তু জ্ঞান ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
“Mas onde será encontrada a sabedoria? Onde está o lugar do entendimento?
13 ১৩ মনুষ্যই তাৰ মূল্য নাজানে, আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়।
O homem não sabe seu preço, e não é encontrada na terra dos vivos.
14 ১৪ অগাধ জলে কয়, এইটি মোত নাই, আৰু সাগৰে কয়, মোৰ ইয়াতো নাই।
O fundo diz: 'Não está em mim'. O mar diz: “Não está comigo”.
15 ১৫ শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।
Não pode ser comprado por ouro, nem a prata será pesada por seu preço.
16 ১৬ ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
Não pode ser valorizado com o ouro de Ophir, com o precioso ônix, ou a safira.
17 ১৭ সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।
Ouro e vidro não podem ser iguais, nem será trocado por jóias de ouro fino.
18 ১৮ তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।
Nenhuma menção será feita ao coral ou ao cristal. Sim, o preço da sabedoria está acima dos rubis.
19 ১৯ কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।
O topázio da Etiópia não se igualará a ele. Não será valorizado com ouro puro.
20 ২০ তেন্তে জ্ঞান ক’ৰ পৰা আহে? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
De onde vem então a sabedoria? Onde está o lugar do entendimento?
21 ২১ এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য।
Seeing está escondido dos olhos de todos os vivos, e mantido perto dos pássaros do céu.
22 ২২ বিনাশ আৰু মৃত্যুৱে কয়, আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ।
Destruição e Morte dizem, “Ouvimos um rumor com nossos ouvidos”.
23 ২৩ তাৰ পথ ঈশ্বৰেহে জানে, আৰু তাৰ ঠাই তেওঁৰহে জনা আছে।
“Deus entende seu caminho, e ele conhece seu lugar.
24 ২৪ কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।
Pois ele olha para os confins da terra, e vê sob todo o céu.
25 ২৫ তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে,
Ele estabelece a força do vento. Sim, ele mede as águas por medida.
26 ২৬ যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,
Quando ele fez um decreto para a chuva, e um caminho para o relâmpago do trovão,
27 ২৭ তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;
então ele o viu, e o declarou. Ele o estabeleceu, sim, e o pesquisou.
28 ২৮ আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।
Ao homem, disse ele, Eis o temor do Senhor, que é sabedoria”. Partir do mal é compreender'”.