< যোব 26 >
1 ১ তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
Replicó Job y dijo:
2 ২ “তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
“¡Cómo sabes ayudar tú al flaco, y sostener el brazo del que carece de fuerza!
3 ৩ আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা!
¿Qué consejo has dado al falto de sabiduría? ¿qué plenitud de saber has ostentado?
4 ৪ তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?”
¿A quién dirigiste estas palabras? ¿y de quién es el espíritu que procede de tu boca?
5 ৫ বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন, যিসকলে জল সমূহৰ তলত নিবাস কৰে ---
Hasta los muertos tiemblan, bajo las aguas con sus habitantes.
6 ৬ তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। (Sheol )
El mismo scheol está ante Él desnudo, y el abismo carece de velo. (Sheol )
7 ৭ তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, আৰু পৃথিবীক শূন্যত ওলোমাই থয়।
Él tendió el septentrión sobre el vacío, y colgó la tierra sobre la nada.
8 ৮ তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে।
Él encierra las aguas en sus nubes, y no se rompen las nubes bajo su peso.
9 ৯ তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।
Él impide la vista de su trono, tendiendo sobre Él su nube.
10 ১০ যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,
Trazó un círculo sobre el haz de las aguas, hasta donde linda la luz con las tinieblas.
11 ১১ তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়,
Las columnas del cielo tiemblan, y se estremecen a una amenaza suya.
12 ১২ তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়, আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে।
Con su poder revuelve el mar, y con su sabiduría machaca al monstruo.
13 ১৩ তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে।
Con su soplo hizo serenos los cielos, y su mano formó la fugaz serpiente.
14 ১৪ চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?
Esto es solo el borde de sus caminos, es un leve susurro que hemos oído de Él; pues el trueno de su poder ¿quién podría comprenderlo?”