< যোব 25 >
1 ১ তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
And Bildad the Shuhite answers and says:
2 ২ প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।
“The rule and fear [are] with Him, Making peace in His high places.
3 ৩ তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে? আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?
Is their [any] number to His troops? And on whom does His light not arise?
4 ৪ তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
And what? Is man righteous with God? And what? Is he pure—born of a woman?
5 ৫ চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়।
Behold—to the moon, and it does not shine, And stars have not been pure in His eyes.
6 ৬ তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!
How much less man—a grub, And the son of man—a worm!”