< যোব 24 >

1 সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়?
מדוע משדי לא נצפנו עתים וידעו לא חזו ימיו׃
2 কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়।
גבלות ישיגו עדר גזלו וירעו׃
3 সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়।
חמור יתומים ינהגו יחבלו שור אלמנה׃
4 সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়।
יטו אביונים מדרך יחד חבאו עניי ארץ׃
5 চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে।
הן פראים במדבר יצאו בפעלם משחרי לטרף ערבה לו לחם לנערים׃
6 সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়।
בשדה בלילו יקצירו וכרם רשע ילקשו׃
7 সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই।
ערום ילינו מבלי לבוש ואין כסות בקרה׃
8 সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে।
מזרם הרים ירטבו ומבלי מחסה חבקו צור׃
9 কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়।
יגזלו משד יתום ועל עני יחבלו׃
10 ১০ তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে, আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়।
ערום הלכו בלי לבוש ורעבים נשאו עמר׃
11 ১১ সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে, আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে।
בין שורתם יצהירו יקבים דרכו ויצמאו׃
12 ১২ জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই, আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে; তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে।
מעיר מתים ינאקו ונפש חללים תשוע ואלוה לא ישים תפלה׃
13 ১৩ আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়, তাৰ আওভাও নাজানে, আৰু তাৰ পথতো নচলে।
המה היו במרדי אור לא הכירו דרכיו ולא ישבו בנתיבתיו׃
14 ১৪ নৰবধীয়ে দোকমোকালিতে উঠে; সি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়।
לאור יקום רוצח יקטל עני ואביון ובלילה יהי כגנב׃
15 ১৫ কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে; সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”। সি নিজৰ মুখ ঢাকি ৰাখে।
ועין נאף שמרה נשף לאמר לא תשורני עין וסתר פנים ישים׃
16 ১৬ কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে।
חתר בחשך בתים יומם חתמו למו לא ידעו אור׃
17 ১৭ কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে।
כי יחדו בקר למו צלמות כי יכיר בלהות צלמות׃
18 ১৮ এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়; সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়; সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়।
קל הוא על פני מים תקלל חלקתם בארץ לא יפנה דרך כרמים׃
19 ১৯ অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে, তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে। (Sheol h7585)
ציה גם חם יגזלו מימי שלג שאול חטאו׃ (Sheol h7585)
20 ২০ যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে, আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে,
ישכחהו רחם מתקו רמה עוד לא יזכר ותשבר כעץ עולה׃
21 ২১ এনে লোকক মাতৃ-গৰ্ভেও পাহৰে, পোকে তাক সন্তোষেৰে খায়; কোনেও তাক সোঁৱৰণ নকৰে; এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়।
רעה עקרה לא תלד ואלמנה לא ייטיב׃
22 ২২ তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তসকলৰ আয়ুস দীঘল কৰে; এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে।
ומשך אבירים בכחו יקום ולא יאמין בחיין׃
23 ২৩ তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।
יתן לו לבטח וישען ועיניהו על דרכיהם׃
24 ২৪ সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়, আৰু ধানৰ থোকৰ দৰে কটা হয়।
רומו מעט ואיננו והמכו ככל יקפצון וכראש שבלת ימלו׃
25 ২৫ এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব? আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?”
ואם לא אפו מי יכזיבני וישם לאל מלתי׃

< যোব 24 >