< যোব 23 >

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
ויען איוב ויאמר
2 এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
גם-היום מרי שחי ידי כבדה על-אנחתי
3 অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।
מי-יתן ידעתי ואמצאהו אבוא עד-תכונתו
4 তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;
אערכה לפניו משפט ופי אמלא תוכחות
5 তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন, আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।
אדעה מלים יענני ואבינה מה-יאמר לי
6 তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।
הברב-כח יריב עמדי לא אך-הוא ישם בי
7 তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।
שם--ישר נוכח עמו ואפלטה לנצח משפטי
8 চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই; আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ।
הן קדם אהלך ואיננו ואחור ולא-אבין לו
9 তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।
שמאול בעשתו ולא-אחז יעטף ימין ולא אראה
10 ১০ কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
כי-ידע דרך עמדי בחנני כזהב אצא
11 ১১ মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
באשרו אחזה רגלי דרכו שמרתי ולא-אט
12 ১২ তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
מצות שפתיו ולא אמיש מחקי צפנתי אמרי-פיו
13 ১৩ কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
והוא באחד ומי ישיבנו ונפשו אותה ויעש
14 ১৪ মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; আৰু এনে অনেক কথা তেওঁৰ মনত আছে।
כי ישלים חקי וכהנה רבות עמו
15 ১৫ এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।
על-כן מפניו אבהל אתבונן ואפחד ממנו
16 ১৬ কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
ואל הרך לבי ושדי הבהילני
17 ১৭ কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।
כי-לא נצמתי מפני-חשך ומפני כסה-אפל

< যোব 23 >