< যোব 23 >
1 ১ তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
Job antwoordde, en sprak:
2 ২ এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
Al weer heet mijn klagen verzet: Maar zijn hand dwingt mij tot zuchten!
3 ৩ অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।
Ach, dat ik Hem vinden kon, En voor zijn troon kon verschijnen!
4 ৪ তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;
Dan zette ik Hem mijn zaak uiteen, En vulde mijn mond met bewijzen;
5 ৫ তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন, আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।
Dan kende ik de woorden, waarmee Hij mij antwoordt, Vernam ik, wat Hij mij zegt.
6 ৬ তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।
Zou Hij zijn macht in het geding moeten brengen? Neen, als Hij slechts naar mij hoorde!
7 ৭ তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।
Dan zou Hij bemerken dat er bij Hem een onschuldige pleit, En ik was voorgoed van mijn Rechter bevrijd!
8 ৮ চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই; আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ।
Maar ga ik naar het oosten, Hij is er niet, Of naar het westen, ik bespeur Hem niet;
9 ৯ তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।
Ik zoek Hem ten noorden, ik vind Hem niet, Wend mij naar het zuiden, ik zie Hem niet.
10 ১০ কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
Het is, omdat Hij mijn wandel kent Omdat ik als goud te voorschijn zou treden, als Hij mij toetst:
11 ১১ মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
Want mijn voet bleef steeds in zijn spoor, Ik hield zijn pad, en verliet het nooit!
12 ১২ তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
Van het bevel zijner lippen week ik niet af, Het woord van zijn mond heb ik in mijn boezem bewaard:
13 ১৩ কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
Maar wil Hij iets, wie kan Hem beletten, Begeert Hij iets, Hij voert het uit!
14 ১৪ মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; আৰু এনে অনেক কথা তেওঁৰ মনত আছে।
Ja, Hij volbrengt, wat Hij over mij heeft besloten, Met al het andere, wat Hij heeft beschikt:
15 ১৫ এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।
En daarom ben ik voor Hem zo bang, Sidder ik, als ik aan Hem denk.
16 ১৬ কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
Het is God, die mijn hart murw heeft geslagen, De Almachtige, die mij verschrikt;
17 ১৭ কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।
Neen, niet door de duisternis ben ik ontsteld Niet door het donker, dat mijn gelaat bedekt!