< যোব 21 >

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
Kisha Ayubu akajibu na kusema,
2 তোমালোকে মন দি মোৰ কথা শুনা; আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
“Sikilizeni hotuba yangu kwa makini, hii na iwe faraja yenu.
3 অলপ সহন কৰা, ময়ো কওঁ; মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
Nimeteswa, lakini pia nitasema; nikisha kusema, endeleeni kudhihaki.
4 মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
Lakini kwangu mimi, malalamikio yangu ni kwa mtu? Kwa nini nisiwe mwenye subira?
5 তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা, আৰু নিজৰ মুখত হাত দিছা।
Nitazameni na mshangae, nanyi wekeni mkono wenu midomoni mwenu.
6 যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
Ninapoyafikiria mateso yangu, ninaumizwa, mwili wangu unaogopa.
7 দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
Kwa nini waovu wanaendelea kuishi, wanazeeka, na kuwa na uwezo katika madaraka?
8 সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
Wazao wao wanathibitishwa mbele zao, na uzao wao unaimarika machoni pao.
9 সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
Nyumba zao ziko salama mbali na hofu; wala fimbo ya Mungu haiko juu yao.
10 ১০ সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।
Dume lao la ng'ombe linazalisha; halishindwi kufanya hivyo; ng'ombe wao anazaa na hafishi ndama wake akiwa mchanga.
11 ১১ সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
Wanawapeleka wadogo wao kama kundi la kondoo, na watoto wao hucheza.
12 ১২ সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
Wanaimba kwa tari na vinubi na hufurahi kwa muziki na zomari.
13 ১৩ সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়। (Sheol h7585)
Wanatumia siku zao katika mafanikio, na wanashuka kuzimu kwa utulivu. (Sheol h7585)
14 ১৪ তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
Wanamwambia Mungu, 'Ondoka kwetu kwani hatutaki ufahamu wowote juu ya njia zako.
15 ১৫ সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
Mwenye enzi ni nani, hata tumwabudu? Tutafaidika na nini tukimwabudu? Tutapata faida gani ikiwa tutamwomba?
16 ১৬ চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
Tazama, je mafanikio yao hayamo katika mikono yao wenyewe? Sina cha kufanya na ushauri wa waovu.
17 ১৭ দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
Mara ngapi taa za waovu huzimwa, au kwamba majanga huja juu yao? Mara ngapi inatokea kwamba Mungu husambaza huzuni kwao kwa hasira?
18 ১৮ কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
Ni mara ngapi inatokea kwamba wanakuwa kama mabua mbele ya upepo au kama makapi yanayopeperushwa na dhoruba?
19 ১৯ তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
Mnasema, 'Mungu huweka hatia ya mtu kwa watoto wake kuilipa.' Na alipe yeye mwenyewe, ili kwamba aweze kujua hatia yake mwenyewe.
20 ২০ তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
Acha macho yake yaone uangamivu wake mwenyewe, na acha anywe gadhabu ya Mwenyezi.
21 ২১ কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
Kwani anaangaliaje familia yake mbele yake idadi ya miezi yake inapokwisha.
22 ২২ যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
Je kuna mtu anaweza kumfundisha Mungu maarifa kwa kuwa yeye huwaukumu hata walio juu?
23 ২৩ সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে।
Mtu mmoja ufa katika nguvu zake kamili, akiwa na utulivu kabisa na kwa amani.
24 ২৪ তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
Mwili wake hauna uhitaji, na kiini cha mifupa yake ina unyevu na afya njema.
25 ২৫ আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
Mtu mwingine ufa kwa uchungu wa nafsi, bila kujifurahisha kwa jambo lolote jema.
26 ২৬ সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।
Wanazikwa kaburini wote kwa pamoja, funza wanawafunika wote.
27 ২৭ চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
Tazama, nayajua mawazo yenu, na jinsi mnavyotaka kunikosesha.
28 ২৮ কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
Kwa kuwa mwasema, 'Iko wapi sasa nyumba ya mwana wa mfalme? Liko wapi kao alipokaa mwovu?'
29 ২৯ তোমালোকে পথিকবিলাকক সোধা নাই নে?
Je hamjawauliza wasafiri? Hamfahamu wanavyoweza kusema,
30 ৩০ দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
kwamba mwovu anaepushwa na siku ya shida, na kwamba anawekwa mbali na siku ya gadhabu?
31 ৩১ তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
Ni nani atakaye ituhumu siku ya mwovu mbele yake? Ni nani atakayemwadhibu kwa alichokifanya?
32 ৩২ তথাপি তাক মৈদামলৈ নিয়া হ’ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
Hata hivyo atapelekwa kaburini; watu wataliona kaburi lake.
33 ৩৩ আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
Udongo wa bondeni utakuwa mtamu kwake; watu wote watamfuata, hata kuwe na watu wengi mbele yake.
34 ৩৪ তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”
Ni jinsi gani basi mtanifariji bila kufikiri, kwa kuwa majibu yenu hayana lolote ila uongo?”

< যোব 21 >