< যোব 21 >

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
А Јов одговори и рече:
2 তোমালোকে মন দি মোৰ কথা শুনা; আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
Слушајте добро речи моје, и то ће ми бити од вас утеха.
3 অলপ সহন কৰা, ময়ো কওঁ; মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
Потрпите ме да ја говорим, а кад изговорим, подсмевајте ми се.
4 মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
Еда ли се ја човеку тужим? И како не би био жалостан дух мој?
5 তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা, আৰু নিজৰ মুখত হাত দিছা।
Погледајте на ме, и дивите се, и метните руку на уста.
6 যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
Ја кад помислим, страх ме је, и гроза подузима тело моје.
7 দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
Зашто безбожници живе? Старе? И богате се?
8 সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
Семе њихово стоји тврдо пред њима заједно с њима, и натражје њихово пред њиховим очима.
9 সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
Куће су њихове на миру без страха, и прут Божји није над њима.
10 ১০ সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।
Бикови њихови скачу, и не промашују; краве њихове теле се, и не јалове се.
11 ১১ সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
Испуштају као стадо децу своју, и синови њихови поскакују.
12 ১২ সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
Подвикују уз бубањ и уз гусле, веселе се уза свиралу.
13 ১৩ সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়। (Sheol h7585)
Проводе у добру дане своје, и за час силазе у гроб. (Sheol h7585)
14 ১৪ তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
А Богу кажу: Иди од нас, јер нећемо да знамо за путеве твоје.
15 ১৫ সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
Шта је свемогући да му служимо? И каква нам је корист, да му се молимо?
16 ১৬ চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
Гле, добро њихово није у њиховој руци; намера безбожничка далеко је од мене.
17 ১৭ দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
Колико се пута гаси жижак безбожнички и долази им погибао, дели им муке у делу свом Бог?
18 ১৮ কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
Бивају као плева на ветру, као прах који разноси вихор?
19 ১৯ তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
Чува ли Бог синовима његовим погибао њихову, плаћа им да осете?
20 ২০ তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
Виде ли својим очима погибао своју, и пију ли гнев Свемогућег?
21 ২১ কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
Јер шта је њима стало до куће њихове након њих, кад се број месеца њихових прекрати?
22 ২২ যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
Еда ли ће Бога ко учити мудрости, који суди високима?
23 ২৩ সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে।
Један умире у потпуној сили својој, у миру и у срећи.
24 ২৪ তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
Музилице су му пуне млека, и кости су му влажне од мождина.
25 ২৫ আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
А други умире ојађене душе, који није уживао добра.
26 ২৬ সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।
Обојица леже у праху, и црви их покривају.
27 ২৭ চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
Ето, знам ваше мисли и судове, којима ми чините криво.
28 ২৮ কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
Јер говорите: Где је кућа силног, и где је шатор у коме наставају безбожници?
29 ২৯ তোমালোকে পথিকবিলাকক সোধা নাই নে?
Нисте ли никад питали путника? И шта вам казаше нећете да знате,
30 ৩০ দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
Да се на дан погибли оставља задац, кад се пусти гнев.
31 ৩১ তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
Ко ће га укорити у очи за живот његов? И ко ће му вратити шта је учинио?
32 ৩২ তথাপি তাক মৈদামলৈ নিয়া হ’ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
Али се износи у гробље и остаје у гомили.
33 ৩৩ আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
Слатке су му груде од долине, и вуче за собом све људе, а онима који га претекоше нема броја.
34 ৩৪ তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”
Како ме, дакле, напразно тешите кад у одговорима вашим остаје превара?

< যোব 21 >