< যোব 21 >
1 ১ তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
Respondeu porém Job, e disse:
2 ২ তোমালোকে মন দি মোৰ কথা শুনা; আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
Ouvi attentamente as minhas razões; e isto vos sirva de consolações.
3 ৩ অলপ সহন কৰা, ময়ো কওঁ; মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
Soffrei-me, e eu fallarei: e, havendo eu fallado, zombae.
4 ৪ মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
Porventura eu me queixo a algum homem? porém, ainda que assim fosse, porque se não angustiaria o meu espirito?
5 ৫ তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা, আৰু নিজৰ মুখত হাত দিছা।
Olhae para mim, e pasmae: e ponde a mão sobre a bocca.
6 ৬ যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
Porque, quando me lembro d'isto, me perturbo, e a minha carne é sobresaltada d'horror.
7 ৭ দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
Por que razão vivem os impios? envelhecem, e ainda se esforçam em poder?
8 ৮ সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
A sua semente se estabelece com elles perante a sua face; e os seus renovos perante os seus olhos.
9 ৯ সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
As suas casas teem paz, sem temor; e a vara de Deus não está sobre elles.
10 ১০ সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।
O seu touro gera, e não falha: pare a sua vacca, e não aborta.
11 ১১ সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
Mandam fóra as suas creanças, como a um rebanho, e seus filhos andam saltando.
12 ১২ সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
Levantam a voz, ao som do tamboril e da harpa, e alegram-se ao som dos orgãos.
13 ১৩ সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়। (Sheol )
Na prosperidade gastam os seus dias, e n'um momento descem á sepultura. (Sheol )
14 ১৪ তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
E, todavia, dizem a Deus: Retirate de nós; porque não desejamos ter conhecimento dos teus caminhos.
15 ১৫ সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
Quem é o Todo-poderoso, para que nós o sirvamos? e que nos aproveitará que lhe façamos orações?
16 ১৬ চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
Vêde porém que o seu bem não está na mão d'elles: esteja longe de mim o conselho dos impios!
17 ১৭ দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
Quantas vezes succede que se apaga a candeia dos impios, e lhes sobrevem a sua destruição? e Deus na sua ira lhes reparte dôres!
18 ১৮ কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
Porque são como a palha diante do vento, e como a pragana, que arrebata o redemoinho.
19 ১৯ তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
Deus guarda a sua violencia para seus filhos, e lhe dá o pago, que o sente.
20 ২০ তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
Seus olhos vêem a sua ruina, e elle bebe do furor do Todo-poderoso.
21 ২১ কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
Porque, que prazer teria na sua casa, depois de si, cortando-se-lhe o numero dos seus mezes?
22 ২২ যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
Porventura a Deus se ensinaria sciencia, a elle que julga os excelsos?
23 ২৩ সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে।
Este morre na força da sua plenitude, estando todo quieto e socegado.
24 ২৪ তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
Os seus baldes estão cheios de leite, e os seus ossos estão regados de tutanos.
25 ২৫ আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
E outro morre, ao contrario, na amargura do seu coração, não havendo comido do bem.
26 ২৬ সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।
Juntamente jazem no pó, e os bichos os cobrem.
27 ২৭ চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
Eis que conheço bem os vossos pensamentos: e os maus intentos com que injustamente me fazeis violencia.
28 ২৮ কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
Porque direis: Onde está a casa do principe? e onde a tenda das moradas dos impios?
29 ২৯ তোমালোকে পথিকবিলাকক সোধা নাই নে?
Porventura o não perguntastes aos que passam pelo caminho? e não conheceis os seus signaes?
30 ৩০ দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
Que o mau é preservado para o dia da destruição; e são levados no dia do furor.
31 ৩১ তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
Quem accusará diante d'elle o seu caminho? e quem lhe dará o pago do que faz?
32 ৩২ তথাপি তাক মৈদামলৈ নিয়া হ’ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
Finalmente é levado ás sepulturas, e vigia no montão.
33 ৩৩ আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
Os torrões do valle lhe são doces, e attrahe a si a todo o homem; e diante de si ha innumeraveis.
34 ৩৪ তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”
Como pois me consolaes com vaidade? pois nas vossas respostas ainda resta a transgressão.