< যোব 20 >
1 ১ তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে,
Zofar il Naamatita prese a dire:
2 ২ মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে, কাৰণ এইবোৰে মোক অন্তৰক অধৈৰ্য কৰিছে।
Per questo i miei pensieri mi spingono a rispondere e perciò v'è questa fretta dentro di me.
3 ৩ মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে।
Ho ascoltato un rimprovero per me offensivo, ma uno spirito, dal mio interno, mi spinge a replicare.
4 ৪ কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল, কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা,
Non sai tu che da sempre, da quando l'uomo fu posto sulla terra,
5 ৫ দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
il trionfo degli empi è breve e la gioia del perverso è d'un istante?
6 ৬ যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে,
Anche se innalzasse fino al cielo la sua statura e il suo capo toccasse le nubi,
7 ৭ তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে?
come lo sterco sarebbe spazzato per sempre e chi lo aveva visto direbbe: «Dov'è?».
8 ৮ সি সপোনৰ দৰে উড়ি যাব, তাক পুনৰ পোৱা নাযাব; এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব।
Svanirà come un sogno, e non si troverà più, si dileguerà come visione notturna.
9 ৯ যি চকুৱে তাক দেখিছিল, সেই চকুৱে তাক পুনৰ নেদেখিব; তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব।
L'occhio avvezzo a vederlo più non lo vedrà, né più lo scorgerà la sua dimora.
10 ১০ তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব।
I suoi figli dovranno risarcire i poveri, le loro mani restituiranno le sue ricchezze.
11 ১১ তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইয়ো তাৰ লগত ধূলিত শুব।
Le sue ossa erano ancora piene di giovinezza, ma con lui giacciono nella polvere.
12 ১২ যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে, যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে,
Se alla sua bocca fu dolce il male, se lo teneva nascosto sotto la sua lingua,
13 ১৩ যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে, কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়,
assaporandolo senza inghiottirlo, se lo tratteneva in mezzo al suo palato:
14 ১৪ তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়, সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে।
il suo cibo gli si guasterà nelle viscere, veleno d'aspidi gli sarà nell'intestino.
15 ১৫ সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।
I beni divorati ora rivomita, Dio glieli caccia fuori dal ventre.
16 ১৬ সি কালসৰ্পৰ বিষ চুহিব; বিশাল সাপৰ জিভাই তাক বধ কৰিব।
Veleno d'aspide ha succhiato, una lingua di vipera lo uccide.
17 ১৭ সি নদীবোৰ দেখা নাপাব, মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব।
Non vedrà più ruscelli d'olio, fiumi di miele e fior di latte;
18 ১৮ সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব।
renderà i sudati acquisti senza assaggiarli, come non godrà del frutto del suo commercio,
19 ১৯ সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে; এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব।
perché ha oppresso e abbandonato i miseri, ha rubato case invece di costruirle;
20 ২০ তাৰ পেট কেতিয়াও তৃপ্ত নহয়; এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব।
perché non ha saputo essere pago dei suoi beni, con i suoi tesori non si salverà.
21 ২১ সি গ্ৰাস নকৰা একোৱেই বাকী নাই; এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব।
Nulla è sfuggito alla sua voracità, per questo non durerà il suo benessere.
22 ২২ তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব; দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব।
Nel colmo della sua abbondanza si troverà in miseria; ogni sorta di sciagura piomberà su di lui.
23 ২৩ সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব।
Quando starà per riempire il suo ventre, Dio scaglierà su di lui la fiamma del suo sdegno, e gli farà piovere addosso brace.
24 ২৪ সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; কিন্তু পিতলৰ ধনুবাণে তাক সৰকাই পেলাব।
Se sfuggirà l'arma di ferro, lo trafiggerà l'arco di bronzo:
25 ২৫ সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে; এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়; তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।
gli uscirà il dardo dalla schiena, una spada lucente dal fegato. Lo assaliranno i terrori;
26 ২৬ তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব; সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব।
tutte le tenebre gli sono riservate. Lo divorerà un fuoco non acceso da un uomo, esso consumerà quanto è rimasto nella sua tenda.
27 ২৭ আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব, আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব।
Riveleranno i cieli la sua iniquità e la terra si alzerà contro di lui.
28 ২৮ তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।
Un'alluvione travolgerà la sua casa, scorrerà nel giorno dell'ira.
29 ২৯ দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে, আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ।
Questa è la sorte che Dio riserva all'uomo perverso, la parte a lui decretata da Dio.