< যোব 2 >
1 ১ আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল।
Unu tagon, kiam la filoj de Dio venis, por stariĝi antaŭ la Eternulo, venis ankaŭ Satano inter ili, por stariĝi antaŭ la Eternulo.
2 ২ তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।
Kaj la Eternulo diris al Satano: De kie vi venas? Kaj Satano respondis al la Eternulo, kaj diris: Mi vagadis sur la tero kaj rondiradis sur ĝi.
3 ৩ তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।”
Kaj la Eternulo diris al Satano: Ĉu vi atentis Mian servanton Ijob? ne ekzistas sur la tero homo simila al li, tiel honesta, justa, diotima, kaj evitanta malbonon; kaj li ĝis nun ankoraŭ estas firma en sia virteco, kvankam vi ekscitis Min kontraŭ li, por pereigi lin senkulpe.
4 ৪ তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে।
Tiam Satano respondis al la Eternulo, kaj diris: Haŭto pro haŭto; kaj ĉion, kion homo posedas, li fordonus pro sia vivo.
5 ৫ কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
Sed etendu Vian manon, kaj tuŝu liajn ostojn kaj lian karnon; tiam Vi vidos, ke li blasfemos Vin antaŭ Via vizaĝo.
6 ৬ তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।”
La Eternulo diris al Satano: Jen li estas transdonata en vian manon; nur lian vivon konservu.
7 ৭ তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল।
Satano foriris de antaŭ la vizaĝo de la Eternulo, kaj frapis Ijobon per turmentaj abscesoj de la plando de lia piedo ĝis lia verto.
8 ৮ ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে।
Li prenis potpecon, por skrapadi sin per ĝi, sidante meze de cindro.
9 ৯ পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।”
Kaj lia edzino diris al li: Vi ĉiam ankoraŭ estas firma en via virteco! blasfemu Dion, kaj mortu.
10 ১০ তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
Sed li diris al ŝi: Vi parolas tiel, kiel parolas iu el la malsaĝulinoj; ĉu bonon ni akceptu de Dio, kaj malbonon ni ne akceptu? Malgraŭ ĉio ĉi tio Ijob ne pekis per siaj lipoj.
11 ১১ পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে।
Kiam la tri amikoj de Ijob aŭdis pri tiu tuta malfeliĉo, kiu trafis lin, ili iris ĉiu de sia loko, Elifaz, la Temanano, Bildad, la Ŝuĥano, kaj Cofar, la Naamano, kaj kunvenis kune, por iri plori kun li kaj konsoli lin.
12 ১২ পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে;
Kiam ili levis siajn okulojn de malproksime, ili ne rekonis lin; kaj ili levis sian voĉon kaj ekploris; kaj ĉiu el ili disŝiris sian veston, kaj ĵetis teron sur sian kapon, turnante sin al la ĉielo.
13 ১৩ আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।
Kaj ili sidis kun li sur la tero dum sep tagoj kaj sep noktoj, kaj ne parolis al li eĉ unu vorton; ĉar ili vidis, ke la suferado estas tre granda.