< যোব 2 >
1 ১ আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল।
Tsiku linanso pamene ana a Mulungu anabwera kudzadzionetsa pamaso pa Yehova, nayenso Satana anabwera nawo limodzi kudzadzionetsa pamaso pa Yehova.
2 ২ তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।
Ndipo Yehova anati kwa Satana, “Kodi iwe ukuchokera kuti?” Satana anayankha Yehova kuti, “Ndakhala ndikungoyendayenda ndi kumangozungulira mʼdzikoli.”
3 ৩ তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।”
Pamenepo Yehova anati kwa Satana, “Kodi unalingalirapo za mtumiki wanga Yobu? Palibe wina pa dziko lapansi wofanana naye; ndi munthu wosalakwa ndi wolungama mtima, munthu amene amaopa Mulungu ndi kupewa zoyipa. Ndipo iye akanalibe wangwiro, ngakhale iwe unandiwumiriza kuti ndikulole kuti umuvutitse popanda chifukwa.”
4 ৪ তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে।
Satana anayankha kuti, “Iye ayesedwe mʼthupi mwake. Munthu angathe kupereka zonse ali nazo malingana iyeyo ali ndi moyo.
5 ৫ কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
Koma tatambasulani dzanja lanu ndi kuwononga thupi lake, ndipo iyeyo adzakutukwanani ndithu pamaso panu.”
6 ৬ তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।”
Yehova anati kwa Satana, “Chabwino, iye ali mʼmanja mwako; koma moyo wake usawuchotse.”
7 ৭ তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল।
Choncho Satana anachoka pamaso pa Yehova napita kukazunza Yobu ndi zilonda zaululu pa thupi lake lonse.
8 ৮ ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে।
Pamenepo Yobu anatenga phale ndi kumadzikanda nalo atakhala pa dzala la phulusa.
9 ৯ পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।”
Mkazi wake anati kwa iye, “Kodi ukuwumirirabe kukhala wangwiro? Tukwana Mulungu kuti ufe!”
10 ১০ তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
Yobu anayankha kuti, “Ukuyankhula ngati mkazi wopusa. Kodi tidzalandira zokoma zokhazokha kwa Mulungu, osalandiranso zowawa?” Mu zonsezi, Yobu sanachimwe pa zimene anayankhula.
11 ১১ পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে।
Abwenzi atatu a Yobu, Elifazi wa ku Temani, Bilidadi wa ku Suki ndi Zofari wa ku Naama, atamva za tsoka lonse limene linamugwera iye, ananyamuka ku nyumba zawo nakumana malo amodzi mopangana kuti apite ndi kukamupepesa Yobu ndi kumutonthoza.
12 ১২ পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে;
Atamuona Yobuyo, iwo ali chapatalipo, sanathe kumuzindikira. Choncho anayamba kulira mokweza mawu ndipo anangʼamba mikanjo yawo ndi kuwaza fumbi pa mitu yawo.
13 ১৩ আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।
Tsono anakhala naye pamodzi pansi kwa masiku asanu ndi awiri, usana ndi usiku omwe. Palibe ndi mmodzi yemwe anayankhula naye, chifukwa anazindikira kuti Yobu amavutika kwambiri.