< যোব 19 >

1 তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,
A odpowiadając Ijob rzekł:
2 তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?
Dokądże trapić będziecie duszę moję, a nacierać na mię mowami swemi?
3 তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।
Już dziesięćkroć zawstydziliście mię, i nie wstydże was, że się tak zatwardzacie przeciwko mnie?
4 বাস্তৱিকতে মই যদি ভূল কৰিলোঁ, তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।
A niech tak będzie, żem zbłądził; przy mnie zostanie błąd mój.
5 যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা, আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,
A jeźli się przeciw mnie wynosicie, a obwiniacie mię pohańbieniem mojem,
6 তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
Wiedzcież, żeć mię Bóg odwrócił, i siecią swoją obtoczył mię.
7 চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
Oto, wołamli o krzywdę, nie bywam wysłuchany; krzyczęli, niemasz sądu.
8 মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে।
Drogę moję zagrodził, żebym przejść nie mógł, a na ścieszce mojej ciemności położył.
9 তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
Z sławy mojej złupił mię, i zdjął koronę z głowy mojej.
10 ১০ তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,
Popsuł mię zewsząd, abym zaginął, a wyrwał jako drzewo nadzieję moję.
11 ১১ তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।
Nadto zapalił się na mię gniew jego, a policzył mię w poczet nieprzyjaciół swoich.
12 ১২ তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।
Przyszły razem hufy jego, i utorowały przeciwko mnie drogę swoję, i obległy w około namiot mój.
13 ১৩ তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে, আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।
Braci moich odemnie oddalił, a znajomi moi stronią odemnie.
14 ১৪ মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।
Opuścili mię bliscy moi, a znajomi moi zapomnieli mię.
15 ১৫ মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে; মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।
Komornicy domu mego, i służebnice moje mają mię za obcego, cudzoziemcem stałem się w oczach ich.
16 ১৬ মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।
Wołamli na sługę mego, nie ozywa mi się, chociaż go proszę ustami memi.
17 ১৭ মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস, আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।
Tchem moim brzydzi się żona moja, choć proszę przez synów żywota mego.
18 ১৮ শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে; মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।
I najlichsi pogardzają mną, a gdy powstaję, urągają mi.
19 ১৯ মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে, মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।
Brzydzą się mną wszyscy najwierniejsi moi, a którychem umiłował, stali mi się przeciwnymi.
20 ২০ মই হাড়ে-ছালে লাগিলোঁ; মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।
Do skóry mojej, jako do ciała mego przyschła kość moja; skóra tylko została około zębów moich.
21 ২১ হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
Zmiłujcie się nademną, zmiłujcie się nademną, wy przyjaciele moi! bo ręka Boża dotknęła mię.
22 ২২ ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা? আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?
Czemuż mię prześladujecie, jako Bóg, a ciała mego nie możecie się nasycić?
23 ২৩ অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,
Oby teraz napisane były słowa moje! oby je na księgach wyrysowano!
24 ২৪ অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!
Oby rylcem żelaznym i ołowiem na wieczną pamiątkę na kamieniu wydrążone były!
25 ২৫ কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
Aczci ja wiem, iż Odkupiciel mój żyje, a iż w ostateczny dzień nad prochem stanie.
26 ২৬ আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
A choć ta skóra moja roztoczona będzie, przecież w ciele mojem oglądam Boga;
27 ২৭ মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।
Którego ja sam oglądam, i oczy moje ujrzą go, a nie inny; choć zniszczały nerki moje we wnętrznościach moich.
28 ২৮ যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’
Przeczże nie mówicie: Czemuż go prześladujemy? gdyż się przy mnie znajduje grunt dobrej sprawy.
29 ২৯ তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”
Ulęknijcie się sami miecza, bo pomsta nieprawości jest miecz; a wiedzcie, że będzie sąd.

< যোব 19 >