< যোব 19 >
1 ১ তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,
Men Job svarede og sagde:
2 ২ তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?
Hvor længe ville I bedrøve min Sjæl og knuse mig med Ord?
3 ৩ তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।
I have nu ti Gange forhaanet mig, I skammede eder ikke ved at overdøve mig.
4 ৪ বাস্তৱিকতে মই যদি ভূল কৰিলোঁ, তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।
Og sandelig, om jeg end har faret vild, da bliver jo min Vildfarelse hos mig selv.
5 ৫ যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা, আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,
Dersom I virkelig vilde ophøje eder imod mig og overbevise mig om min Skam,
6 ৬ তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
saa forstaar dog, at Gud har forvendt min Sag og har ladet sit Garn omringe mig.
7 ৭ চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
Se, jeg raaber over Vold, og jeg faar ikke Svar; jeg skriger, og der er ingen Ret.
8 ৮ মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে।
Han satte Gærde for min Vej, at jeg ikke kan komme over, og han lagde Mørkhed over mine Stier.
9 ৯ তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
Han afførte mig min Ære og borttog mit Hoveds Krone.
10 ১০ তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,
Han nedbrød mig trindt omkring, og jeg for bort; han oprykkede mit Haab som et Træ;
11 ১১ তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।
og han optændte sin Vrede imod mig og agtede mig over for sig som sine Fjender.
12 ১২ তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।
Hans Tropper kom til Hobe og banede sig Vej imod mig, og de lejrede sig trindt omkring mit Telt.
13 ১৩ তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে, আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।
Han fjernede mine Brødre fra mig, og de, som kende mig, holde sig aldeles fremmede for mig.
14 ১৪ মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।
Mine nærmeste have forladt mig, og mine Kyndinge have glemt mig.
15 ১৫ মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে; মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।
De, som bo hos mig i mit Hus, og mine Tjenestepiger agte mig som en fremmed, jeg er bleven en Udlænding for deres Øjne.
16 ১৬ মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।
Jeg kaldte ad min Tjener, og han svarede ikke; med egen Mund maatte jeg bede ham bønligt.
17 ১৭ মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস, আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।
Min Aand er bleven fremmed for min Hustru og min Kærlighed for min Moders Sønner.
18 ১৮ শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে; মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।
Endogsaa Børn foragte mig; staar jeg op, tale de imod mig.
19 ১৯ মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে, মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।
Alle de Mænd, som vare i min Fortrolighed, have Vederstyggelighed til mig, og de, som jeg elskede, have vendt sig imod mig.
20 ২০ মই হাড়ে-ছালে লাগিলোঁ; মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।
Mine Ben hænge ved min Hud og ved mit Kød, og jeg er netop undsluppen med mine Tænders Hud.
21 ২১ হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
Forbarmer eder over mig, forbarmer eder over mig, I, mine Venner! thi Guds Haand har rørt mig.
22 ২২ ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা? আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?
Hvi forfølge I mig, ligesom Gud, og kunne ikke mættes af mit Kød?
23 ২৩ অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,
Gid dog mine Ord maatte blive opskrevne, gid de maatte blive prentede i en Bog,
24 ২৪ অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!
ja, maatte de med en Jernstil og med Bly blive indhuggede i en Klippe til evig Tid!
25 ২৫ কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
Og jeg ved, at min Genløser lever, og at han som den sidste skal staa op over Støvet.
26 ২৬ আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
Og naar min Hud, saaledes sønderslidt, er borte, og jeg er blottet for mit Kød, skal jeg skue Gud,
27 ২৭ মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।
hvem jeg skal skue som den, der er for mig, og hvem mine Øjne skulle se, og ikke en fremmed; mine Nyrer forsmægte i mit Indre.
28 ২৮ যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’
Naar I sige: Hvor skulle vi dog forfølge ham! — og Sagens Rod skal være funden i mig —:
29 ২৯ তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”
Da frygter for Sværdet; thi Vreden rammer Misgerninger, som fortjene Sværdet; paa det I skulle vide, at der er Dom til.