< যোব 18 >

1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
Отвещав же Валдад Савхейский, рече:
2 তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
доколе не престанеши? Пожди, да и мы возглаголем.
3 আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?
И почто аки четвероножная умолчахом пред тобою?
4 ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?
Пребысть ти гнев. Что бо? Аще ты умреши, не населенна ли будет поднебесная? Или превратятся горы из оснований?
5 নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।
И свет нечестивых угаснет, и не произыдет их пламень:
6 তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
свет его тма в жилищи, светилник же в нем угаснет:
7 তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।
да уловят меншии имения его, погрешит же его совет:
8 কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।
ввержена же бысть нога его в пругло, мрежею да повиется:
9 কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব।
да приидут же нань пругла, укрепит нань жаждущих:
10 ১০ তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।
скрыся в земли уже его, и ятие его на стези.
11 ১১ কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
Окрест да погубят его болезни: мнози же окрест ног его обыдут во гладе теснем:
12 ১২ ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।
падение же ему уготовано велико.
13 ১৩ মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,
Поядены же да будут плесны ног его, красная же его да пояст смерть.
14 ১৪ যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
Отторжено же буди от жития его изцеление, да имет же его беда виною царскою.
15 ১৫ তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।
Да вселится в храмине его в нощи его, посыпана да будут лепотная его жупелом:
16 ১৬ তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
под ним корения его да изсохнут, свыше же нападет пожатие его.
17 ১৭ পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।
Память его да погибнет от земли, и (не) будет имя его на лицы внешнем:
18 ১৮ তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।
да отринет его от света во тму:
19 ১৯ স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
не будет знаемь в людех его, ниже спасен в поднебесней дом его:
20 ২০ তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।
но в своих ему поживут инии, над ним воздохнуша последнии, первых же объя чудо.
21 ২১ নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”
Сии суть домове неправедных, сие же место неведущих Бога.

< যোব 18 >