< যোব 18 >
1 ১ তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
respondens autem Baldad Suites dixit
2 ২ তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
usque ad quem finem verba iactabitis intellegite prius et sic loquamur
3 ৩ আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?
quare reputati sumus ut iumenta et sorduimus coram vobis
4 ৪ ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?
qui perdis animam tuam in furore tuo numquid propter te derelinquetur terra et transferentur rupes de loco suo
5 ৫ নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।
nonne lux impii extinguetur nec splendebit flamma ignis eius
6 ৬ তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
lux obtenebrescet in tabernaculo illius et lucerna quae super eum est extinguetur
7 ৭ তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।
artabuntur gressus virtutis eius et praecipitabit eum consilium suum
8 ৮ কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।
inmisit enim in rete pedes suos et in maculis eius ambulat
9 ৯ কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব।
tenebitur planta illius laqueo et exardescet contra eum sitis
10 ১০ তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।
abscondita est in terra pedica eius et decipula illius super semitam
11 ১১ কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
undique terrebunt eum formidines et involvent pedes eius
12 ১২ ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।
adtenuetur fame robur eius et inedia invadat costas illius
13 ১৩ মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,
devoret pulchritudinem cutis eius consumat brachia illius primogenita mors
14 ১৪ যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
avellatur de tabernaculo suo fiducia eius et calcet super eum quasi rex interitus
15 ১৫ তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।
habitent in tabernaculo illius socii eius qui non est aspergatur in tabernaculo eius sulphur
16 ১৬ তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
deorsum radices eius siccentur sursum autem adteratur messis eius
17 ১৭ পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।
memoria illius pereat de terra et non celebretur nomen eius in plateis
18 ১৮ তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।
expellet eum de luce in tenebras et de orbe transferet eum
19 ১৯ স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
non erit semen eius neque progenies in populo suo nec ullae reliquiae in regionibus eius
20 ২০ তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।
in die eius stupebunt novissimi et primos invadet horror
21 ২১ নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”
haec sunt ergo tabernacula iniqui et iste locus eius qui ignorat Deum