< যোব 18 >

1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
Sai Bildad mutumin Shuwa ya amsa,
2 তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
“Yaushe za ka gama maganganun nan? Ka dawo da hankalinka sa’an nan za mu iya yin magana.
3 আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?
Don me muke kamar shanu a wurinka, ka ɗauke mu mutanen wofi?
4 ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?
Kai da ka yayyage kanka don haushi, za a yashe duniya saboda kai ne? Ko kuma duwatsu za su matsa daga wurinsu?
5 নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।
“An kashe fitilar mugu; harshen wutarsa ya daina ci.
6 তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
Wutar cikin tentinsa ta zama duhu; fitilar da take kusa da shi ta mutu.
7 তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।
Ƙarfin takawarsa ya ragu; dabararsa ta ja fāɗuwarsa.
8 কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।
Ƙafafunsa sun kai shi cikin raga, yana ta yawo a cikin ragar.
9 কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব।
Tarko ya kama ɗiɗɗigensa; tarko ya riƙe shi kam.
10 ১০ তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।
An ɓoye masa igiya da za tă zarge shi a ƙasa; an sa masa tarko a kan hanyar da zai bi.
11 ১১ কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
Tsoro duk ya kewaye shi ta kowane gefe yana bin shi duk inda ya je.
12 ১২ ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।
Masifa tana jiransa; bala’i yana shirye yă fāɗa masa a lokacin da zai fāɗi.
13 ১৩ মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,
Ya cinye wani sashe na gaɓar jikinsa; ɗan fari na mutuwa ya cinye ƙafafunsa.
14 ১৪ যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
An yage shi daga zaman lafiyar da yake yi a cikin tentinsa aka sa shi tsoro sosai.
15 ১৫ তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।
Wuta ta cinye tentinsa; farar wuta ta rufe wurin da yake zama.
16 ১৬ তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
Jijiyoyinsa sun bushe a ƙasa rassansa sun mutu a sama.
17 ১৭ পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।
An manta da shi a duniya; ba wanda yake ƙara tunawa da shi.
18 ১৮ তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।
An tura shi daga cikin haske zuwa cikin duhu, an kore shi daga duniya.
19 ১৯ স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
Ba shi da’ya’ya ko zuriya cikin mutanensa, ba sauran wanda yake a raye a wurin da ya taɓa zama.
20 ২০ তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।
Mutanen Yamma suna mamakin abin da ya faru da shi; tsoro ya kama mutanen gabas.
21 ২১ নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”
Ba shakka haka wurin zaman mugun mutum yake, haka wurin zaman wanda bai san Allah ba yake.”

< যোব 18 >