< যোব 16 >

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
וַיַּעַן אִיּוֹב וַיֹּאמַֽר׃
2 মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
שָׁמַעְתִּי כְאֵלֶּה רַבּוֹת מְנַחֲמֵי עָמָל כֻּלְּכֶֽם׃
3 বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?
הֲקֵץ לְדִבְרֵי־רוּחַ אוֹ מַה־יַּמְרִֽיצְךָ כִּי תַעֲנֶֽה׃
4 ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
גַּם ׀ אָנֹכִי כָּכֶם אֲדַבֵּרָה לוּ־יֵשׁ נַפְשְׁכֶם תַּחַת נַפְשִׁי אַחְבִּירָה עֲלֵיכֶם בְּמִלִּים וְאָנִיעָה עֲלֵיכֶם בְּמוֹ רֹאשִֽׁי׃
5 অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।
אֲאַמִּצְכֶם בְּמוֹ־פִי וְנִיד שְׂפָתַי יַחְשֹֽׂךְ׃
6 মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?
אִֽם־אֲדַבְּרָה לֹא־יֵחָשֵׂךְ כְּאֵבִי וְאַחְדְּלָה מַה־מִנִּי יַהֲלֹֽךְ׃
7 কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।
אַךְ־עַתָּה הֶלְאָנִי הֲשִׁמּוֹתָ כָּל־עֲדָתִֽי׃
8 তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।
וַֽתִּקְמְטֵנִי לְעֵד הָיָה וַיָּקָם בִּי כַחֲשִׁי בְּפָנַי יַעֲנֶֽה׃
9 তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
אַפּוֹ טָרַף ׀ וַֽיִּשְׂטְמֵנִי חָרַק עָלַי בְּשִׁנָּיו צָרִי ׀ יִלְטוֹשׁ עֵינָיו לִֽי׃
10 ১০ লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।
פָּעֲרוּ עָלַי ׀ בְּפִיהֶם בְּחֶרְפָּה הִכּוּ לְחָיָי יַחַד עָלַי יִתְמַלָּאֽוּן׃
11 ১১ ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
יַסְגִּירֵנִי אֵל אֶל עֲוִיל וְעַל־יְדֵי רְשָׁעִים יִרְטֵֽנִי׃
12 ১২ মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।
שָׁלֵו הָיִיתִי ׀ וַֽיְפַרְפְּרֵנִי וְאָחַז בְּעָרְפִּי וַֽיְפַצְפְּצֵנִי וַיְקִימֵנִי לוֹ לְמַטָּרָֽה׃
13 ১৩ তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
יָסֹבּוּ עָלַי ׀ רַבָּיו יְפַלַּח כִּלְיוֹתַי וְלֹא יַחְמוֹל יִשְׁפֹּךְ לָאָרֶץ מְרֵרָֽתִי׃
14 ১৪ তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
יִפְרְצֵנִי פֶרֶץ עַל־פְּנֵי־פָרֶץ יָרֻץ עָלַי כְּגִבּֽוֹר׃
15 ১৫ মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
שַׂק תָּפַרְתִּי עֲלֵי גִלְדִּי וְעֹלַלְתִּי בֶעָפָר קַרְנִֽי׃
16 ১৬ যদিও মোৰ হাতত অত্যাচাৰ নাই, আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,
פָּנַי חמרמרה חֳמַרְמְרוּ מִנִּי־בֶכִי וְעַל עַפְעַפַּי צַלְמָֽוֶת׃
17 ১৭ তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
עַל לֹא־חָמָס בְּכַפָּי וּֽתְפִלָּתִי זַכָּֽה׃
18 ১৮ হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।
אֶרֶץ אַל־תְּכַסִּי דָמִי וְֽאַל־יְהִי מָקוֹם לְזַעֲקָתִֽי׃
19 ১৯ চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।
גַּם־עַתָּה הִנֵּה־בַשָּׁמַיִם עֵדִי וְשָׂהֲדִי בַּמְּרוֹמִֽים׃
20 ২০ মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;
מְלִיצַי רֵעָי אֶל־אֱלוֹהַ דָּלְפָה עֵינִֽי׃
21 ২১ যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!
וְיוֹכַח לְגֶבֶר עִם־אֱלוֹהַּ וּֽבֶן־אָדָם לְרֵעֵֽהוּ׃
22 ২২ কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।
כִּֽי־שְׁנוֹת מִסְפָּר יֶאֱתָיוּ וְאֹרַח לֹא־אָשׁוּב אֶהֱלֹֽךְ׃

< যোব 16 >