< যোব 16 >
1 ১ তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
ὑπολαβὼν δὲ Ιωβ λέγει
2 ২ মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
ἀκήκοα τοιαῦτα πολλά παρακλήτορες κακῶν πάντες
3 ৩ বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?
τί γάρ μὴ τάξις ἐστὶν ῥήμασιν πνεύματος ἢ τί παρενοχλήσει σοι ὅτι ἀποκρίνῃ
4 ৪ ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
κἀγὼ καθ’ ὑμᾶς λαλήσω εἰ ὑπέκειτό γε ἡ ψυχὴ ὑμῶν ἀντὶ τῆς ἐμῆς εἶτ’ ἐναλοῦμαι ὑμῖν ῥήμασιν κινήσω δὲ καθ’ ὑμῶν κεφαλήν
5 ৫ অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।
εἴη δὲ ἰσχὺς ἐν τῷ στόματί μου κίνησιν δὲ χειλέων οὐ φείσομαι
6 ৬ মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?
ἐὰν γὰρ λαλήσω οὐκ ἀλγήσω τὸ τραῦμα ἐὰν δὲ καὶ σιωπήσω τί ἔλαττον τρωθήσομαι
7 ৭ কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।
νῦν δὲ κατάκοπόν με πεποίηκεν μωρόν σεσηπότα
8 ৮ তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।
καὶ ἐπελάβου μου εἰς μαρτύριον ἐγενήθη καὶ ἀνέστη ἐν ἐμοὶ τὸ ψεῦδός μου κατὰ πρόσωπόν μου ἀνταπεκρίθη
9 ৯ তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
ὀργῇ χρησάμενος κατέβαλέν με ἔβρυξεν ἐπ’ ἐμὲ τοὺς ὀδόντας βέλη πειρατῶν αὐτοῦ ἐπ’ ἐμοὶ ἔπεσεν
10 ১০ লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।
ἀκίσιν ὀφθαλμῶν ἐνήλατο ὀξεῖ ἔπαισέν με εἰς σιαγόνα ὁμοθυμαδὸν δὲ κατέδραμον ἐπ’ ἐμοί
11 ১১ ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
παρέδωκεν γάρ με ὁ κύριος εἰς χεῖρας ἀδίκου ἐπὶ δὲ ἀσεβέσιν ἔρριψέν με
12 ১২ মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।
εἰρηνεύοντα διεσκέδασέν με λαβών με τῆς κόμης διέτιλεν κατέστησέν με ὥσπερ σκοπόν
13 ১৩ তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
ἐκύκλωσάν με λόγχαις βάλλοντες εἰς νεφρούς μου οὐ φειδόμενοι ἐξέχεαν εἰς τὴν γῆν τὴν χολήν μου
14 ১৪ তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
κατέβαλόν με πτῶμα ἐπὶ πτώματι ἔδραμον πρός με δυνάμενοι
15 ১৫ মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
σάκκον ἔρραψα ἐπὶ βύρσης μου τὸ δὲ σθένος μου ἐν γῇ ἐσβέσθη
16 ১৬ যদিও মোৰ হাতত অত্যাচাৰ নাই, আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,
ἡ γαστήρ μου συγκέκαυται ἀπὸ κλαυθμοῦ ἐπὶ δὲ βλεφάροις μου σκιά
17 ১৭ তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
ἄδικον δὲ οὐδὲν ἦν ἐν χερσίν μου εὐχὴ δέ μου καθαρά
18 ১৮ হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।
γῆ μὴ ἐπικαλύψῃς ἐφ’ αἵματι τῆς σαρκός μου μηδὲ εἴη τόπος τῇ κραυγῇ μου
19 ১৯ চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।
καὶ νῦν ἰδοὺ ἐν οὐρανοῖς ὁ μάρτυς μου ὁ δὲ συνίστωρ μου ἐν ὑψίστοις
20 ২০ মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;
ἀφίκοιτό μου ἡ δέησις πρὸς κύριον ἔναντι δὲ αὐτοῦ στάζοι μου ὁ ὀφθαλμός
21 ২১ যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!
εἴη δὲ ἔλεγχος ἀνδρὶ ἔναντι κυρίου καὶ υἱὸς ἀνθρώπου τῷ πλησίον αὐτοῦ
22 ২২ কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।
ἔτη δὲ ἀριθμητὰ ἥκασιν ὁδῷ δέ ᾗ οὐκ ἐπαναστραφήσομαι πορεύσομαι