< যোব 15 >

1 তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে,
Then answered Eliphaz the Temanite, and said,
2 জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে?
Should a wise men utter vain knowledge, and fill his belly with the east wind?
3 সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা,
Should he reason with unprofitable talk? or with speeches with which he can do no good?
4 এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।
Yes, thou castest off fear, and restrainest prayer before God.
5 কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।
For thy mouth uttereth thy iniquity, and thou choosest the tongue of the crafty.
6 তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।
Thy own mouth condemneth thee, and not I: yes, thy own lips testify against thee.
7 মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?
[Art] thou the first man [that] was born? or wast thou made before the hills?
8 তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে?
Hast thou heard the secret of God? and dost thou restrain wisdom to thyself?
9 তুমি নো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা?
What knowest thou that we know not? [what] understandest thou, which [is] not in us?
10 ১০ আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ।
With us [are] both the gray headed and very aged men, much older than thy father.
11 ১১ ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?
[Are] the consolations of God small with thee? is there any secret thing with thee?
12 ১২ তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,
Why doth thy heart carry thee away? and what do thy eyes wink at,
13 ১৩ তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?
That thou turnest thy spirit against God, and lettest [such] words go out of thy mouth?
14 ১৪ মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
What [is] man, that he should be clean? and [he who is] born of a woman, that he should be righteous?
15 ১৫ চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।
Behold, he putteth no trust in his saints; yes, the heavens are not clean in his sight.
16 ১৬ তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।
How much more abominable and filthy [is] man, who drinketh iniquity like water?
17 ১৭ মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ;
I will show thee, hear me; and that [which] I have seen, I will declare;
18 ১৮ যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল,
Which wise men have told from their fathers, and have not hid [it]:
19 ১৯ জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়,
To whom alone the earth was given, and no stranger passed among them.
20 ২০ দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।
The wicked man travaileth with pain all [his] days, and the number of years is hidden to the oppressor.
21 ২১ ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
A dreadful sound [is] in his ears: in prosperity the destroyer shall come upon him.
22 ২২ সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে।
He believeth not that he shall return out of darkness, and he is waited for by the sword.
23 ২৩ সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
He wandereth abroad for bread, [saying], Where [is it]? he knoweth that the day of darkness is ready at his hand.
24 ২৪ ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
Trouble and anguish shall make him afraid; they shall prevail against him, as a king ready to the battle.
25 ২৫ কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।
For he stretcheth out his hand against God, and strengtheneth himself against the Almighty.
26 ২৬ এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে।
He runneth upon him, [even] on [his] neck, upon the thick bosses of his bucklers:
27 ২৭ এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে;
Because he covereth his face with his fatness, and maketh collops of fat on [his] flanks.
28 ২৮ আৰু সি জনশূণ্য নগৰত বাস কৰিলে; য’ত কোনো মানুহে বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে।
And he dwelleth in desolate cities, [and] in houses which no man inhabiteth, which are ready to become heaps.
29 ২৯ সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।
He shall not be rich, neither shall his substance continue, neither shall he prolong the perfection of it upon the earth.
30 ৩০ সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
He shall not depart out of darkness; the flame shall dry up his branches, and by the breath of his mouth shall he go away.
31 ৩১ সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব।
Let not him that is deceived trust in vanity: for vanity shall be his recompense.
32 ৩২ তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব।
It shall be accomplished before his time, and his branch shall not be green.
33 ৩৩ সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।
He shall shake off his unripe grape as the vine, and shall cast off his flower as the olive.
34 ৩৪ কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব।
For the congregation of hypocrites [shall be] desolate, and fire shall consume the tabernacles of bribery.
35 ৩৫ সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”
They conceive mischief, and bring forth vanity, and their belly prepareth deceit.

< যোব 15 >