< যোব 15 >
1 ১ তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে,
Saa tog Temaniten Elifaz til Orde og sagde:
2 ২ জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে?
Mon Vismand svarer med Mundsvejr og fylder sit Indre med Østenvind
3 ৩ সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা,
for at hævde sin Ret med gavnløs Tale, med Ord, som intet baader?
4 ৪ এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।
Desuden nedbryder du Gudsfrygt og krænker den Stilhed, som tilkommer Gud.
5 ৫ কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।
Din Skyld oplærer din Mund, du vælger de listiges Sprog.
6 ৬ তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।
Din Mund domfælder dig, ikke jeg, dine Læber vidner imod dig!
7 ৭ মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?
Var du den første, der fødtes, kom du til Verden, før Højene var?
8 ৮ তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে?
Mon du lytted til, da Gud holdt Raad, og mon du rev Visdommen til dig?
9 ৯ তুমি নো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা?
Hvad ved du, som vi ikke ved, hvad forstaar du, som vi ikke kender?
10 ১০ আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ।
Ogsaa vi har en gammel iblandt os, en Olding, hvis Dage er fler end din Faders!
11 ১১ ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?
Er Guds Trøst dig for lidt, det Ord, han mildelig talede til dig?
12 ১২ তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,
Hvi river dit Hjerte dig hen, hvi ruller dit Øje vildt?
13 ১৩ তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?
Thi du vender din Harme mod Gud og udstøder Ord af din Mund.
14 ১৪ মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
Hvor kan et Menneske være rent, en kvindefødt have Ret?
15 ১৫ চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।
End ikke sine Hellige tror han, og Himlen er ikke ren i hans Øjne,
16 ১৬ তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।
hvad da den stygge, den onde, Manden, der drikker Uret som Vand!
17 ১৭ মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ;
Jeg vil sige dig noget, hør mig, jeg fortæller, hvad jeg har set,
18 ১৮ যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল,
hvad vise Mænd har forkyndt, deres Fædre ikke dulgt,
19 ১৯ জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়,
dem alene var Landet givet, ingen fremmed færdedes blandt dem:
20 ২০ দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।
Den gudløse ængstes hele sit Liv, de stakkede Aar, en Voldsmand lever;
21 ২১ ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
Rædselslyde fylder hans Ører, midt under Fred er Hærgeren over ham;
22 ২২ সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে।
han undkommer ikke fra Mørket, opsparet er han for Sværdet,
23 ২৩ সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
udset til Føde for Gribbe, han ved, at han staar for Fald;
24 ২৪ ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
Mørkets Dag vil skræmme ham. Trængsel og Angst overvælde ham som en Konge, rustet til Strid.
25 ২৫ কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।
Thi Haanden rakte han ud mod Gud og bød den Almægtige Trods,
26 ২৬ এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে।
stormed haardnakket mod ham med sine tykke, buede Skjolde.
27 ২৭ এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে;
Thi han dækked sit Ansigt med Fedt og samlede Huld paa sin Lænd.
28 ২৮ আৰু সি জনশূণ্য নগৰত বাস কৰিলে; য’ত কোনো মানুহে বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে।
tog Bolig i Byer, der øde laa hen, i Huse, man ikke maa bo i, bestemt til at ligge i Grus.
29 ২৯ সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।
Han bliver ej rig, hans Velstand forgaar, til Jorden bøjer sig ikke hans Aks;
30 ৩০ সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
han undkommer ikke fra Mørket. Solglød udtørrer hans Spire, hans Blomst rives bort af Vinden.
31 ৩১ সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব।
Han stole ikke paa Tomhed — han farer vild — thi Tomhed skal være hans Løn!
32 ৩২ তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব।
I Utide visner hans Stamme, hans Palmegren skal ikke grønnes;
33 ৩৩ সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।
han ryster som Ranken sin Drue af og kaster som Olietræet sin Blomst.
34 ৩৪ কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব।
Thi vanhelliges Samfund er goldt, og Ild fortærer Bestikkelsens Telte;
35 ৩৫ সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”
svangre med Kvide, føder de Uret, og deres Moderskød fostrer Svig!