< যোব 13 >
1 ১ চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।
Mira, he visto todo esto con mis propios ojos, y lo he oído con mis propios oídos, y lo entiendo.
2 ২ তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।
Sé lo que sabes. No eres mejor que yo.
3 ৩ কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।
Pero aun así me gustaría hablar con el Todopoderoso: ¡Quiero probarme ante Dios!
4 ৪ কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
En cuanto a ustedes, ¡encubren las cosas diciendo mentiras! ¡Todos ustedes son como los médicos que no pueden curar a nadie!
5 ৫ অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।
¡Cuánto desearía que se callaran todos! Eso sería lo más sensato para ustedes.
6 ৬ এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।
Escuchen mi argumento y presten atención a lo que tengo que decir.
7 ৭ তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?
¿Creen que pueden decir mentiras para defender a Dios? ¿Hablan con engaño en su nombre?
8 ৮ তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?
¿O es que quieren demostrar su favoritismo a Dios? ¿Argumentarán en favor de Dios?
9 ৯ তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
¿Concluirá Dios que hacen el bien cuando los examine? ¿Podrán engañarlo como si se tratara de un ser humano?
10 ১০ তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।
¡No, definitivamente los reprenderá si le muestran secretamente su favoritismo!
11 ১১ তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?
¿No les aterra su majestad? ¿Acaso no se paralizarían de miedo ante él?
12 ১২ তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।
Sus dichos son tan útiles como la ceniza; sus argumentos tan débiles como el barro.
13 ১৩ তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; মোলৈ যি ঘটে, ঘটক।
Callen y no me hablen. Déjenme hablar, pase lo que pase.
14 ১৪ মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।
Me hago responsable de mí mismo y estoy dispuesto a arriesgar mi vida.
15 ১৫ চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
Aunque me mate, esperaré en él. Todavía seguiré defendiendo mis caminos ante él.
16 ১৬ এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।
Haciendo esto me salvaré, ya que ningún impío podría presentarse ante él.
17 ১৭ মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।
Escuchen atentamente lo que digo, y presten atención a mi explicación.
18 ১৮ চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
Miren que he preparado mi caso y sé que se me dará la razón.
19 ১৯ মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
¿Quién quiere discutir conmigo? Si se demuestra que estoy equivocado, estoy dispuesto a callar y morir.
20 ২০ হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
Dios, tengo dos peticiones, entonces podré enfrentarme a ti.
21 ২১ মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
Deja de golpearme, y deja de aterrorizarme.
22 ২২ তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।
Entonces llama, y yo responderé. O déjame hablar, y luego respóndeme.
23 ২৩ মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।
¿Cuáles son mis pecados e iniquidades? Muéstrame qué he hecho mal; ¿cómo me he rebelado contra ti?
24 ২৪ কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?
¿Por qué eres tan hostil conmigo? ¿Por qué me tratas como tu enemigo?
25 ২৫ উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?
¿Asustarías a una hoja movida por el viento o cazarías un pedazo de paja?
26 ২৬ কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
Porque escribes cosas amargas contra mí y me haces pagar por los pecados de mi juventud.
27 ২৭ তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
Pones mis pies en el cepo. Vigilas cada uno de mis pasos. Incluso inspeccionas mis huellas.
28 ২৮ সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।
Me deshago como algo podrido, como ropa apolillada.