< যোব 12 >
1 ১ পাছত ইয়োবে পুনৰায় উত্তৰ দিলে আৰু ক’লে,
Ipapo Jobho akapindura akati:
2 ২ “হয় হয়, তোমালোকহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।
“Zvirokwazvo imi muri vanhu, uye uchenjeri huchafa nemi!
3 ৩ কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে; তোমালোকতকৈ মই নিকৃষ্ট নহওঁ; এনেবোৰ কথা কোনে নাজানে?
Asi neniwo ndinonzwisisa semi; handisi muduku kwamuri. Ndianiko asingazivi zvinhu zvose izvi?
4 ৪ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ; ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।
“Ndava chiseko kushamwari dzangu, kunyange ndakadana kuna Mwari akapindura, ndava chiseko zvacho, kunyange ndakarurama uye ndisina chandingapomerwa!
5 ৫ নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়; পিছল খাই পৰিব লগীয়াবোৰলৈ সেয়ে বাট চায় থাকে।
Varume vagere zvakanaka vanoshora nhamo, vachiti ndiwo magumo avaya vane tsoka dzinotedzemuka.
6 ৬ ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
Matende amakororo haakanganiswe, uye vaya vanotsamwisa Mwari vagere zvakanaka, ivo vanotakura mwari wavo mumaoko avo.
7 ৭ কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব; আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব।
“Asi bvunza mhuka, uye dzichakudzidzisa, kana shiri dzedenga, idzo dzichakuudza;
8 ৮ নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব; আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব।
kana taura kunyika, ichakudzidzisa, kana hove dzegungwa ngadzikuzivise.
9 ৯ পশুবোৰে এইবোৰ বিষয় নাজানে যে, যিহোৱাৰ হাতে এইবোৰ কৰিছে - সিহঁতক জীৱন দিছে -
Ndechipiko pane zvose izvi chisingazivi kuti ruoko rwaJehovha rwakaita izvi?
10 ১০ যিহোৱাৰ হাততেই সকলো জীৱজন্তুৰ প্ৰাণ, আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।
Upenyu hwezvisikwa zvose huri muruoko rwake, nokufema kwavanhu vamarudzi ose.
11 ১১ জিভাই যেনেকৈ আহাৰৰ আস্বাদ পায়, তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?
Ko, nzeve haiedzi mashoko sorurimi runoravira chokudya here?
12 ১২ বৃদ্ধ লোকসকলৰ সৈতে জ্ঞান আছে, দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।
Ko, uchenjeri hahuwanikwi pakati pavatana here? Ko, kuwanda kwoupenyu hakuuyisi kunzwisisa here?
13 ১৩ জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে; পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।
“Uchenjeri nesimba ndezvaMwari; kudzidzisa nokunzwisisa ndezvake.
14 ১৪ চোৱা, তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়; তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়।
Zvaanenge akoromora hakuna anozvivakazve; murume waanenge apfigira mujeri haangasunungurwi.
15 ১৫ চোৱা, তেওঁ জল সমূহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়; আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে।
Kana akadzivisa kunaya kwemvura, kuoma kunovapo; kana akairegedzera, nyika inoparadzwa.
16 ১৬ পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।
Simba nokukunda ndezvake; anonyengerwa nomunyengeri vose ndevake.
17 ১৭ তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে।
Anodzinga makurukota asina nguo uye anoita kuti vatongi vave mapenzi.
18 ১৮ তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়, আৰু তেওঁলোকৰ ককালত ডোল লগায়।
Anobvisa zvisungo zvakaiswa namadzimambo agosunga zviuno zvavo nomucheka.
19 ১৯ তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।
Anodzinga vaprista vasina nguo uye anobvisa pachigaro vanhu vakanguri vadzika midzi.
20 ২০ তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে, আৰু বৃদ্ধ সকলৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।
Anofumbira miromo yavapi vamazano vavanovimba navo, uye anobvisa kunzwisisa kwavakuru.
21 ২১ তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।
Anodurura kushorwa pamakurukota uye anokutunura zvombo zvavane simba.
22 ২২ তেওঁ আন্ধৰৰ পৰা নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে, আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।
Anobudisa pachena zvinhu zvakadzama zverima, uye anouyisa mimvuri mikuru kuchiedza.
23 ২৩ তেওঁ জাতি সমূহক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে; তেওঁ জাতি সমূহক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়।
Anoita kuti ndudzi dzive huru, uye anodziparadza; anowanza ndudzi, uye anodziparadzira.
24 ২৪ তেওঁ পৃথিবীৰ লোক-সমাজৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে, আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁলোকক ভ্ৰমণ কৰায়।
Anotorera vatungamiri venyika kunzwisisa kwavo; anovaendesa vachingodzungaira pasina nzira.
25 ২৫ তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে; তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।
Vanotsvanzvadzira murima vasina chiedza; anoita kuti vadzedzereke sezvidhakwa.