< যোব 11 >
1 ১ তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে,
А Софар Намаћанин одговори и рече:
2 ২ ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?
Зар на многе речи нема одговора? Или ће човек говорљив остати прав?
3 ৩ তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব? তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে?
Хоће ли твоје лажи ућуткати људе? И кад се ругаш, зар те неће нико посрамити?
4 ৪ কিয়নো তুমি কৈছা, “মোৰ মত ঠিক, আৰু মই তোমাৰ দৃষ্টিতে শুচি।”
Јер си рекао: Чиста је наука моја, и чист сам пред очима твојим.
5 ৫ কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে, আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে;
Али кад би Бог проговорио и усне своје отворио на те,
6 ৬ জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে, ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল! এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।
И показао ти тајне мудрости, јер их је двојином више, познао би да те Бог кара мање него што заслужује твоје безакоње.
7 ৭ তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?
Можеш ли ти тајне Божије докучити, или докучити савршенство Свемогућег?
8 ৮ সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা? সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা? (Sheol )
То су висине небеске, шта ћеш учинити? Дубље је од пакла, како ћеш познати? (Sheol )
9 ৯ তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল, আৰু সমুদ্ৰতকৈয়ো বহল।
Дуже од земље, шире од мора.
10 ১০ তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে, তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে?
Да преврати, или затвори или сабере, ко ће Му бранити?
11 ১১ কিয়নো তেওঁ দুষ্ট লোকক জানে, আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে।
Јер зна ништавило људско, и видећи неваљалство зар неће пазити?
12 ১২ কিন্তু অসাৰ মানুহ জ্ঞনশূন্য, এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ।
Човек безуман постаје разуман, премда се човек рађа као дивље магаре.
13 ১৩ তুমি যদি নিজৰ মন শুদ্ধ কৰা, আৰু তেওঁৰ ফাললৈ হাত মেলা,
Да ти управиш срце своје и подигнеш руке своје к Њему,
14 ১৪ কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা, আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা;
Ако је безакоње у руци твојој, да га уклониш, и не даш да неправда буде у шаторима твојим,
15 ১৫ তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা; এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা,
Тада ћеш подигнути лице своје без мане и стајаћеш тврдо и нећеш се бојати;
16 ১৬ কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব।
Заборавићеш муку, као воде која протече опомињаћеш је се;
17 ১৭ তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব, আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব।
Настаће ти време ведрије него подне, синућеш, бићеш као јутро;
18 ১৮ আশা থকা কাৰণে তুমি সাহিয়াল হবা; আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা।
Уздаћеш се имајући надање, закопаћеш се, и мирно ћеш спавати.
19 ১৯ তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব; বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।
Лежаћеш, и нико те неће плашити, и многи ће ти се молити.
20 ২০ কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।
Али очи ће безбожницима ишчилети, и уточишта им неће бити, и надање ће им бити издисање.