< যোব 10 >
1 ১ মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।
“Ndinosema upenyu hwangu chaihwo, naizvozvo ndicharega kunyarara pakunyunyuta kwangu ndigotaura mukushungurudzika kwemwoyo wangu.
2 ২ মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।
Ndichati kuna Mwari: Musandiwanira mhosva asi mundiudze mhaka yangu nemi.
3 ৩ তুমি উপদ্ৰৱ কৰিবলৈ, তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ, আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?
Ko, kundimanikidza kunokufadzai, kuti muzvidze basa ramaoko enyu, muchinyemwerera kurangano dzavakaipa here?
4 ৪ তোমাৰ চকু জানো চৰ্ম্ম-চকু? আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?
Ko, imi muna meso enyama here? Munoona sokuona kunoita munhu anofa here?
5 ৫ তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য? বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?
Ko, mazuva enyu akaita seavaya vanofa, kana makore enyu samakore omunhu,
6 ৬ তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা, আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,
kuti muongorore mhosva yangu uye mutsvage chivi changu,
7 ৭ মই যে দুষ্ট নহওঁ, আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?
kunyange muchiziva kuti handina mhosva, uye kuti hakuna anogona kundinunura paruoko rwenyu here?
8 ৮ তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে, মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।
“Maoko enyu akandiumba uye akandigadzira. Zvino modzoka kuzondiparadza here?
9 ৯ সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা; পাছত আকৌ মোক ধুলিলৈ নিবা নে?
Rangarirai kuti makandiumba sevhu. Zvino mondidzoserazve kuvhu here?
10 ১০ তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে? আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে?
Hamuna kundidurura somukaka here uye mukandigwambisa sechizi,
11 ১১ তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা; হাড় আৰু সিৰেৰে মোক বলা।
mukandifukidza neganda nenyama mukandisonanidza pamwe chete namapfupa namarunda here?
12 ১২ তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা; তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।
Makandipa upenyu mukandinzwira ngoni, uye nehanya yenyu mukachengeta mweya wangu.
13 ১৩ তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল- তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে,
“Asi izvi ndizvo zvamakaviga mumwoyo menyu, uye ndinoziva kuti izvi zvaiva mupfungwa dzenyu.
14 ১৪ মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
Kana ndakatadza, imi maizenge makanditarisa, uye hamaizotendera kudarika kwangu kuti kurege kurangwa.
15 ১৫ মই দুষ্ট হলে, মোক সন্তাপ হ’ব, ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;
Kana ndine mhosva, ndine nhamo! Kunyange dai ndisina mhosva, handingasimudzi musoro wangu, nokuti ndizere nenyadzi uye ndakanyura mukutambudzika kwangu.
16 ১৬ মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা, আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;
Kana ndikasimudza musoro wangu, imi munondironda sezvinoita shumba, uyezve munoratidza simba renyu rinotyisa pamusoro pangu.
17 ১৭ তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা, আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।
Munouya nezvapupu zvenyu zvitsva kuzondipomera mhosva uye munowedzera hasha dzenyu pamusoro pangu, hondo dzenyu dzinondirwisa, mapoka namapoka.
18 ১৮ তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা? নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন।
“Ko, zvino makandibudisirei mudumbu? Ndinoshuva kuti dai ndakafa hangu pasati pava neziso randiona.
19 ১৯ মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন, আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।
Dai chete ndakanga ndisina kumbovapo hangu, kana kuti ndakatakurwa ndichiendeswa kubwiro ndichangobva mudumbu ramai vangu!
20 ২০ মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা। মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;
Ko, mazuva angu haasi mashoma ava kutopera here? Ibvai kwandiri kuti ndimbofara hangu kwakanguva,
21 ২১ য’ৰ পৰা মই উলটি নাহিম, সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,
ndisati ndaenda kusingadzokwi, kunyika yerima nomumvuri wakadzama,
22 ২২ সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই; তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।”
kunyika yerima guru, yomumvuri wakadzama nenyonganyonga, iko kunoti kunyange chiedza chakangofanana nerima.”