< যেরেমিয়া 1 >
1 ১ এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল।
Beseda Jeremija, Hilkijájevega sina, izmed duhovnikov, ki so bili v Anatótu v Benjaminovi deželi,
2 ২ যিহূদা দেশৰ ৰজা আমোনৰ পুত্ৰ যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰ ধৰি যিহোৱাই তেওঁৰ এই বাক্যবোৰ যিৰিমিয়ালৈ দিবলৈ আৰম্ভ কৰিছিল।
kateremu je prišla Gospodova beseda v dneh Jošíja, Amónovega sina, Judovega kralja, v trinajstem letu njegovega kraljevanja.
3 ৩ যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।
Ta je prišla tudi v dneh Jojakíma, Jošíjevega sina, Judovega kralja, do konca enajstega leta Sedekíja, Jošíjevega sina, Judovega kralja, do preselitve jeruzalemskega ujetništva v petem mesecu.
4 ৪ এদিনাখন যিহোৱাই এই বাক্য মোলৈ দিছিল:
Potem je prišla k meni Gospodova beseda, rekoč:
5 ৫ বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।”
»Preden sem te oblikoval v trebuhu, sem te poznal. Preden si prišel iz maternice, sem te posvetil in te odredil [za] preroka narodom.«
6 ৬ তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
Potem sem rekel: »Jaz, ah Gospod Bog! Glej, ne morem govoriti, kajti jaz sem otrok.«
7 ৭ যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব।
Toda Gospod mi je rekel: »Ne govori: ›Jaz sem otrok, ‹ kajti šel boš k vsem, h katerim te bom poslal in karkoli ti zapovem, boš govoril.
8 ৮ তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
Ne boj se njihovih obrazov, kajti jaz sem s teboj, da te rešujem, « govori Gospod.
9 ৯ তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;
Potem je Gospod iztegnil svojo roko in se dotaknil mojih ust. Gospod mi je rekel: »Glej, svoje besede sem položil v tvoja usta.
10 ১০ চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰুবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।
Glej, ta dan sem te postavil nad narode in nad kraljestva, da izkoreniniš, da podiraš, da uničiš, da zrušiš, da zgradiš in da sadiš.«
11 ১১ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তাতে মই ক’লোঁ, “বাদাম গছৰ এডাল ডাল দেখিছোঁ।”
Poleg tega je prišla k meni Gospodova beseda, rekoč: »Jeremija, kaj vidiš?« Rekel sem: »Vidim palico mandljevca.«
12 ১২ যিহোৱাই ক’লে, “ঠিকেই দেখিছা। কিয়নো ‘বাদাম’ শব্দটো ‘সজাগতা’ শব্দটোৰ লগত মিল আছে, অৰ্থাৎ যি ঘটিবলৈ আছে মই তালৈ সজাগ হৈ আছোঁ, আৰু জাতিবোৰ ধ্বংশ হোৱাৰ বাবে মোৰ বাক্য সিদ্ধ কৰিবলৈ সজাগে আছোঁ।”
Potem mi je Gospod rekel: »Dobro si videl, kajti pospešil bom svojo besedo, da jo izvršim.«
13 ১৩ তেতিয়া পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “এতিয়া তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই এটা ঘূৰণীয়া পাত্র দেখিছোঁ য’ত উতলি থকা পানীৰে পৰিপূৰ্ণ হৈ আছে। দক্ষিণ ফালৰ পৰা তাৰ মুখ ফালে কাতি হৈ আছে।”
Gospodova beseda je drugič prišla k meni, rekoč: »Kaj vidiš?« Rekel sem: »Vidim lonec, v katerem vre in njegova stran je proti severu.«
14 ১৪ যিহোৱাই উত্তৰ দি ক’লে, “হয়! ইয়াৰ অৰ্থ হ’ল, ঘূৰণীয়া পাত্রৰ পৰা উতলা পানী ঢলাৰ দৰে, উত্তৰ দিশৰ পৰা এই আটায় দেশ-নিবাসীলৈ অমঙ্গলৰে বিয়পি পৰিব।
Potem mi je Gospod rekel: »Iz severa bo izbruhnilo zlo nad vse prebivalce dežele.
15 ১৫ মই কি কৈ আছোঁ, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালেমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব।
Kajti, glej, poklical bom vse družine kraljestev iz severa, « govori Gospod »in prišli bodo in postavili bodo vsak svoj prestol ob vhodu velikih vrat [prestolnice] Jeruzalem in zoper vse njene zidove naokoli in zoper vsa Judova mesta.
16 ১৬ তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে নির্মান কৰা মূর্তিৰ আগত প্ৰণিপাত কৰিছে!
Izrekel bom svoje sodbe zoper njih glede vseh njihovih zlobnosti, ki se dotikajo vseh svojih zlobnosti, ki so me zapustili in zažigali kadilo drugim bogovom ter oboževali dela svojih lastnih rok.
17 ১৭ এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
Opaši si torej svoja ledja in vstani ter jim spregovori vse, kar sem ti zapovedal. Ne bodi zaprepaden ob njihovih obrazih, da te ne bi zbegal pred njimi.
18 ১৮ কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ।
Kajti glej, ta dan sem te naredil za obrambno mesto, železen steber in bronaste zidove zoper celotno deželo, zoper Judove kralje, zoper njegove prince in zoper njegove duhovnike in zoper ljudstvo dežele.
19 ১৯ তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”
Borili se bodo zoper tebe, toda ne bodo prevladali zoper tebe, kajti jaz sem s teboj, « govori Gospod, »da te osvobodim.«