< যেরেমিয়া 9 >
1 ১ মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।
Å, um hovudet mitt var vatn og auga mitt ei tårekjelda! Då skulde eg gråta dag og natt yver deim som er ihelslegne for dotteri, folket mitt!
2 ২ অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ।
Å, um eg hadde eit herbyrge i øydemarki! Då skulde eg skiljast med folket mitt og fara burt frå deim. For alle saman er dei horkarar, ein flokk av svikarar.
3 ৩ আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
Og dei spenner tunga som bogen sin til lygn, og ikkje på ærleg vis er dei megtige vortne i landet, men frå vondt til vondt gjeng dei fram, og meg veit dei ikkje av, segjer Herren.
4 ৪ তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
Vara dykk, kvar og ein for sin ven, og lit ikkje på ein bror! for kvar ein bror er ein stor-svikar, og kvar ein ven fer med baktale.
5 ৫ আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।
Og kvar og ein svik sin ven, og sanning talar dei ikkje. Dei tem si tunge upp til å tala lygn, dei møder seg ut med meinkrokar.
6 ৬ তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।
Du bur midt i svik: i sitt svik vil dei ikkje vita av meg, segjer Herren.
7 ৭ এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
Difor, so segjer Herren, allhers drott: Sjå, eg vil smelta deim og røyna deim, for kva anna skulde eg gjera med slik ei som dotteri, folket mitt?
8 ৮ তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।
Tunga deira er ei drepande pil, svik talar ho. Med munnen talar dei venleg med grannen sin, men i hjarta set dei upp gildra for honom.
9 ৯ যিহোৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিম নে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাসাধিব নে?
Skulde eg ikkje heimsøkja deim for slikt? segjer Herren; skulde mi sjæl ikkje hemna seg på slikt eit folk?
10 ১০ মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।
Yver heidarne vil eg setja i med gråt og låt og yver beitemarkerne i audni med eit syrgjekvæde; for dei er avsvidne, so ingen fer der framum, og fe-rauting er ikkje høyrande der. Både himmelens fuglar og dyri er flydde og burtfarne.
11 ১১ মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
Og eg vil gjera Jerusalem til steinrøysar, til sjakal-bøle, og byarne i Juda vil eg gjera til ei audn so ingen bur i deim.
12 ১২ সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?
Kven er so vis ein mann at han skynar dette, og kven hev Herrens munn tala til, so han kann kunngjera dette: Kvifor landet er i øyde lagt, avsvide som ei øydemark der ingen fer framum?
13 ১৩ যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে।
Og Herren sagde: Sidan dei vende seg frå lovi mi, som eg gav deim, og ikkje lydde meg og ikkje ferdast etter henne,
14 ১৪ কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।
men ferdast etter sitt harde hjarta og etter Ba’alarne som federne deira hadde lært deim,
15 ১৫ এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।
difor, so segjer Herren, allhers drott, Israels Gud: Sjå, eg gjev dette folket malurt å eta og eitervatn å drikka.
16 ১৬ তেওঁলোকে বা তেওঁলোকৰ পূৰ্বপুৰুষসকলে নজনা জাতি সমূহৰ মাজত মই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম; আৰু মই তেওঁলোকক সংহাৰ নকৰোঁমানলৈকে, তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম।
Og eg vil spreida deim ut millom folkeslag som dei ikkje kjende, korkje dei sjølve eller federne deira, og eg vil senda sverdet etter deim til dess eg fær tynt deim.
17 ১৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে বিবেচনা কৰা; বিলাপ-কাৰিণীহঁতক মাতা, তেওঁলোক আহক; বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক।
So segjer Herren, allhers drott: Gjev gaum, og kalla på syrgjekvendi, at dei må koma, og send bod til dei kunnige kvinnorne, at dei kann koma!
18 ১৮ তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাঁকাৰ কৰ’ক, যাতে চকু-লোত আমাৰ চকু উটি যাবৰ বাবে, আৰু আমাৰ চকুৰ পিৰঠিয়েদি বেগেৰে পানী ওলাই যায়।
Og lat deim skunda seg og setja i eit syrgjekvad yver oss, so tåror kann trilla utor augo våre og augneloki våre vatsfljuga.
19 ১৯ কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লো! আমি দেশ ত্যাগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লো।
For frå Sion høyrer ein omen av syrgjesong: «Å, kor øydelagde me er! Me er vortne ovleg til skammar; for landet laut me fly, av di at dei hev brote ned våre bustader.»
20 ২০ তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা। আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা।
Ja, høyr, de kvinnor, Herrens ord, og lat øyra dykkar taka imot ordet frå hans munn, og lær døtterne dykkar syrgjesong, og den eine lære hi syrgjekvæde!
21 ২১ কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
For dauden stig upp i vindaugo våre, er komen inn i hallerne våre. Han vil rydja ut borni på gata og ungmenni frå torgi.
22 ২২ তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।
Tala: So segjer Herren: Og manne-liki skal liggja som møk burtyver jordi og som kornband etter skjeraren, og ingen samlar deim upp.
23 ২৩ যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
So segjer Herren: Den vise rose seg ikkje av visdomen sin, og den sterke rose seg ikkje av styrken sin, den rike rose seg ikkje av rikdomen sin!
24 ২৪ কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
Men den som vil rosa seg, han rose seg av di han er vitug og kjenner meg: at eg er Herren, som gjer miskunn, rett og rettferd på jordi; for i sovore hev eg hugnad, segjer Herren.
25 ২৫ যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম।
Sjå, dei dagar skal koma, segjer Herren, då eg vil heimsøkja alle umskorne som er u-umskorne:
26 ২৬ মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তান সকল, মোৱাব আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতি সমূহ অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়পালটন কৰা লোক নহয়।”
Egyptarland og Juda, Edom og Ammons-sønerne og Moab og alle med rundklypt hår, som bur i øydemarki. For alle heidningfolki er u-umskorne, og heile Israels hus er u-umskore på hjarta.