< যেরেমিয়া 9 >

1 মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।
Da ma kaina maɓulɓulan ruwa ne idanuna kuma maɓulɓulan hawaye! Da sai in yi kuka dare da rana saboda mutanena da aka kashe.
2 অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ।
Da ma a hamada ina da wurin da matafiye za su sauka, don in bar mutanena in tafi in bar su; gama dukansu mazinata ne, taron mutane marasa aminci.
3 আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
“Sun tanƙwasa harshensu kamar baka, don su harba ƙarya; ba da gaskiya ba ne suke nasara a cikin ƙasar. Sukan tashi daga wannan zunubi zuwa wancan; ba su san ni ba,” in ji Ubangiji.
4 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
“Ka yi hankali da abokanka; kada ka amince da’yan’uwanka. Gama kowane ɗan’uwa munafuki ne, kowane aboki kuma mai kushe ne.
5 আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।
Aboki kan ruɗi aboki, ba mai faɗar gaskiya. Sun koya wa harshensu faɗar ƙarya; sun gajiyar da kansu da yin zunubi.
6 তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।
Kai kana zama a tsakiyar ruɗu; cikin ruɗunsu sun ƙi su san ni,” in ji Ubangiji.
7 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
Saboda haka ga abin da Ubangiji Maɗaukaki yana cewa, “Ga shi zan tace in kuma gwada su, gama me kuwa zan yi saboda zunubin mutanena?
8 তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।
Harshensu kibiya ce mai dafi; yana magana da ruɗu. Da bakinsa kowa yana maganar alheri da maƙwabcinsa, amma a zuciyarsa ya sa masa tarko.
9 যিহোৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিম নে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাসাধিব নে?
Bai kamata in hukunta su saboda wannan ba?” In ji Ubangiji. “Bai kamata in ɗau fansa a kan irin al’umma kamar wannan ba?”
10 ১০ মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।
Zan yi kuka in yi kururuwa saboda duwatsu in kuma yi makoki game da wuraren kiwon hamada. Sun zama kango ba wanda yake bi cikinta, ba a kuma jin kukan shanu. Tsuntsaye sararin sama sun gudu namun jeji ma duk sun watse.
11 ১১ মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
“Zan mai da Urushalima tsibin kufai, wurin zaman diloli; zan kuma lalace garuruwan Yahuda saboda haka ba wanda zai zauna a can.”
12 ১২ সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?
Wane mutum ne yana da isashiyar hikimar fahimtar wannan? Wa Ubangiji ya umarta da zai iya yin bayani? Me ya sa aka lalace ƙasar ta zama kufai kamar hamada da ba wanda zai iya ratsa ta?
13 ১৩ যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে।
Ubangiji ya ce, “Domin sun bar dokata, wadda na sa a gabansu; ba su yi biyayya da ni ko su bi dokata ba.
14 ১৪ কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।
A maimako, sun bi taurin zuciyarsu; suka bi Ba’al, yadda kakanninsu suka koya musu.”
15 ১৫ এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।
Saboda haka, ga abin da Ubangiji Maɗaukaki, Allah na Isra’ila yana cewa, “Ga shi zan sa wannan mutane su ci abinci mai ɗaci su kuma sha ruwan dafi.
16 ১৬ তেওঁলোকে বা তেওঁলোকৰ পূৰ্বপুৰুষসকলে নজনা জাতি সমূহৰ মাজত মই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম; আৰু মই তেওঁলোকক সংহাৰ নকৰোঁমানলৈকে, তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম।
Zan watsar da su a cikin al’ummai da su da kakanninsu ba su sani ba, zan kuma fafare su da takobi sai na hallaka su.”
17 ১৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে বিবেচনা কৰা; বিলাপ-কাৰিণীহঁতক মাতা, তেওঁলোক আহক; বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক।
Ga abin da Ubangiji Maɗaukaki yana cewa, “Ku lura yanzu! Ku kira mata masu makoki su zo ku aika wa gwanaye a cikinsu su zo.
18 ১৮ তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাঁকাৰ কৰ’ক, যাতে চকু-লোত আমাৰ চকু উটি যাবৰ বাবে, আৰু আমাৰ চকুৰ পিৰঠিয়েদি বেগেৰে পানী ওলাই যায়।
Bari su zo da sauri su yi kuka a kanmu sai idanunmu sun cika da hawaye giranmu kuma su jiƙe sharkaf.
19 ১৯ কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লো! আমি দেশ ত্যাগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লো।
An ji karar kuka daga Sihiyona cewa, ‘Duba yadda muka lalace! Duba irin babban kunyar da muka sha! Dole mu bar ƙasar domin gidajenmu sun lalace.’”
20 ২০ তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা। আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা।
Yanzu, ya mata, ku ji maganar Ubangiji; ku buɗe kunnuwanku ga maganar bakina. Ku koya wa’yan matanku yadda za su yi kuka; ku koya wa juna makoki.
21 ২১ কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
Mutuwa ta haura ta tagoginmu ta kuma shiga katangarmu; ta karkashe’ya’ya a tituna ta kuma karkashe samari a dandali.
22 ২২ তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।
Ka ce, “Ga abin da Ubangiji ya furta, “‘Gawawwakin mutane za su fāɗi kamar juji a fili, kamar hatsin da aka yanka a bayan mai girbi, da ba mai tara su.’”
23 ২৩ যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
Ga abin da Ubangiji yana cewa, “Kada mai hikima ya yi fariya da hikimarsa ko mai ƙarfi ya yi fariya da ƙarfinsa ko mai arziki ya yi fariya da arzikinsa,
24 ২৪ কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
amma bari shi wanda yake taƙama ya yi taƙama da wannan, cewa ya fahimci ya kuma san ni, cewa ni ne Ubangiji, wanda yake yin alheri, gaskiya da kuma adalci a duniya, gama a waɗannan ne nake jin daɗi,” in ji Ubangiji.
25 ২৫ যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম।
“Kwanaki suna zuwa,” in ji Ubangiji, “sa’ad da zan hukunta dukan waɗanda aka yi musu kaciya kawai a jiki,
26 ২৬ মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তান সকল, মোৱাব আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতি সমূহ অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়পালটন কৰা লোক নহয়।”
Masar, Yahuda, Edom, Ammon, Mowab da dukan waɗanda suke zaune a hamada a wurare masu nisa. Gama dukan waɗannan al’ummai marasa kaciya ne, har dukan gidan Isra’ila ma marasa kaciya ne a zuciya.”

< যেরেমিয়া 9 >