< যেরেমিয়া 8 >
1 ১ যিহোৱাই কৈছে, সেই দিনা শত্ৰূ যিহূদাৰ ৰজাসকলৰ, তাৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ, ভাববাদীসকলৰ, আৰু যিৰূচালেম-নিবাসীসকলৰ হাড়বোৰ তেওঁলোকৰ মৈদামৰ পৰা উলিয়াব।
"Siihen aikaan, sanoo Herra, otetaan Juudan kuningasten ja sen ruhtinasten luut, pappien ja profeettain luut sekä Jerusalemin asukasten luut pois heidän haudoistansa
2 ২ তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
ja hajotetaan auringon, kuun ja kaiken taivaan joukon eteen, joita he rakastivat ja palvelivat, joita he seurasivat, etsivät ja kumartaen rukoilivat; niitä ei koota eikä haudata, vaan ne tulevat maan lannaksi.
3 ৩ বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।
Ja kuolema on oleva halutumpi kuin elämä koko sille jäännökselle, joka jää jäljelle tästä pahasta sukukunnasta, kaikissa paikoissa, mihin minä karkoitan nämä jäljelle jääneet, sanoo Herra Sebaot.
4 ৪ তুমি তেওঁলোকক আৰু এই কথা ক’বা, যিহোৱাই এই কথা কৈছে: মানুহ পৰি জানো পুনৰায় নুঠিব? বা অপথে গৈ জানো আকৌ উলটি নাহিব?
Ja sano heille: Näin sanoo Herra: Eikö se, joka lankeaa, nouse jälleen? Eikö se, joka kääntyy pois, käänny takaisin?
5 ৫ তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
Miksi kääntyy tämä kansa, Jerusalem, pois ainaisessa luopumuksessa? Miksi he pitävät kiinni petoksesta eivätkä tahdo palata?
6 ৬ মই কাণ পাতি শুনিলোঁ; তেওঁলোকে যথাৰ্থ কথা নক’লে; “মই কি কৰিলোঁ?” এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে, যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা ঘোঁৰাৰ দৰে, তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘুৰে।
Minä olen tarkannut ja kuunnellut: he puhuvat sitä, mikä ei ole oikein; ei kukaan kadu pahuuttansa, ei ajattele: Mitä olen minä tehnyt! Kaikki he kääntyvät pois juosten juoksuansa, niinkuin orhi kiitää taistelussa.
7 ৭ আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
Haikarakin taivaalla tietää aikansa; metsäkyyhkynen, pääskynen ja kurki pitävät vaarin tuloajastansa, mutta minun kansani ei tunne Herran oikeutta.
8 ৮ “আমি জ্ঞানী, আৰু যিহোৱাৰ ব্যৱস্থা আমাৰ লগত আছে”, এই বুলি তোমালোকে কেনেকৈ ক’ব পাৰা? কিন্তু চোৱা! লিখকসকলৰ মিছাকৈ লিখা লিখনীয়ে তাক মিছা কৰি পেলালে।
Kuinka saatatte sanoa: 'Me olemme viisaita, ja meillä on Herran laki'? Totisesti! Katso, valheen työtä on tehnyt kirjanoppineiden valhekynä.
9 ৯ জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?
Viisaat saavat häpeän, kauhistuvat ja joutuvat kiinni. Katso, he ovat hyljänneet Herran sanan-mitä heillä on viisautta?
10 ১০ সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত শোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।
Sentähden minä annan heidän vaimonsa vieraille, heidän peltonsa valloittajille. Sillä kaikki, niin pienet kuin suuretkin, pyytävät väärää voittoa, kaikki, niin profeetat kuin papitkin, harjoittavat petosta.
11 ১১ যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
He parantavat kepeästi tyttären, minun kansani, vamman, sanoen: 'Rauha, rauha!' vaikka ei rauhaa ole.
12 ১২ তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
He joutuvat häpeään, sillä he ovat tehneet kauhistuksia; mutta heillä ei ole hävyntuntoa, he eivät osaa hävetä. Sentähden he kaatuvat kaatuvien joukkoon, sortuvat, kun heidän rangaistuksensa tulee, sanoo Herra.
13 ১৩ যিহোৱাই কৈছে, মই তেওঁলোকক একত্রিত কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।
Minä tempaan heidät peräti pois, sanoo Herra. Ei ole rypäleitä viinipuussa eikä viikunoita viikunapuussa, ja lehtikin lakastuu. Minä saatan hyökkääjät heidän kimppuunsa."
14 ১৪ “আমি কিয় বহি থাকোঁ? আহাঁ, আমি একে লগ হৈ গড়েৰে আবৃত নগৰত সোমাওঁ, আৰু তাত নিজম দি থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে, আৰু বিহ গছৰ ৰস পান কৰালে, কাৰণ আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
"Miksi istumme alallamme? Kokoontukaa! Menkäämme varustettuihin kaupunkeihin, ja siellä hukkukaamme! Sillä Herra, meidän Jumalamme, hukuttaa meidät ja juottaa meille myrkkyvettä, sillä me olemme syntiä tehneet Herraa vastaan."
15 ১৫ আমি শান্তিৰ আশা কৰিছিলোঁ, কিন্তু মঙ্গল নহ’ল; আৰু সুস্থৰ সময়লৈ বাট চাইছিলোঁ, কিন্তু চোৱা, ত্ৰাস উপস্থিত।”
"Odotetaan rauhaa, mutta hyvää ei tule, paranemisen aikaa, mutta katso, tulee peljästys!
16 ১৬ দানৰ পৰা শত্রু ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে? তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেকঢেকনিত গোটেই দেশ কঁপিছে; কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে।
Daanista kuuluu hänen hevostensa korskunta, hänen orhiensa hirnunnasta vapisee koko maa. Ja he tulevat ja syövät maan ja kaiken, mikä siinä on, kaupungin ja siinä asuvaiset.
17 ১৭ কিয়নো চোৱা, মই তোমালোকৰ মাজলৈ মন্ত্ৰ নমনা সৰ্প, কালসৰ্পবোৰ পঠিয়াম; যিহোৱাই কৈছে, সেইবোৰে তোমালোকক দংশিব।
Sillä katso, minä lähetän teidän sekaanne käärmeitä, myrkkyliskoja, joihin ei lumous tehoa, ja ne purevat teitä, sanoo Herra."
18 ১৮ অহ, মই দুখ-নিবাৰক শান্তনা পোৱা হ’লে, কেনে ভাল আছিল! মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্ব্বল হৈছে।
Missä on virvoitus minun murheeseeni? Minun sydämeni on sairas.
19 ১৯ চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?
Katso, tyttären, minun kansani, huuto kuuluu kaukaisesta maasta: "Eikö Herra ole Siionissa, eikö ole siellä sen kuningas?" Miksi he ovat vihoittaneet minut jumalankuvillansa, muukalaisten turhilla jumalilla?
20 ২০ শস্য দোৱাৰ সময় অতীত হল; গুটি পৰিবৰ সময় শেষ হ’ল, কিন্তু আমি পৰিত্ৰাণ পোৱা নাই।
Ohi on elonaika, lopussa kesä, mutta ei ole meille apua tullut.
21 ২১ মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ, মই শোক কৰিছোঁ, বিচুৰ্ত্তি খাইছোঁ।
Tyttären, minun kansani, murtumisen tähden olen minä murtunut, minä käyn murheasussa, kauhistus on minut vallannut.
22 ২২ গিলিয়দ প্রদেশত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই? তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?
Eikö Gileadissa ole palsamia, eikö siellä ole parantajaa? Vai miksi eivät tyttären, minun kansani, haavat kasva umpeen?