< যেরেমিয়া 7 >
1 ১ যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক’লে:
La palabra que vino a Jeremías de parte del Señor, diciendo:
2 ২ বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।
Toma tu lugar en la puerta de la templo del Señor, y di esta palabra allí, y di: «Escuchen la palabra del Señor, todos los de Judá que entran por estas puertas para adorar al Señor.
3 ৩ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য শুধৰোৱা; তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম।
El Señor de los ejércitos, el Dios de Israel, dice: Deja que tus caminos y tus acciones se cambien para mejor y te dejaré seguir viviendo en este lugar.
4 ৪ এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
No pongas fe en las palabras mentirosas, diciendo: El Templo del Señor, el Templo del Señor, el Templo del Señor, son estos.
5 ৫ কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য সম্পূৰ্ণকৈ শুধৰোৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,
Porque si tus caminos y tus hechos son verdaderamente cambiados para bien; si verdaderamente hacen justicia correctas entre un hombre y su prójimo;
6 ৬ বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
Si no eres cruel con él hombre de un país extranjero, y con él huérfano, y con la viuda, y no matas a los justos de este lugar, ni vas tras otros dioses, causando daño a ustedes mismos,
7 ৭ তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই দেশত তোমালোকক অনন্ত কাললৈকে বাস কৰোৱাম।
Entonces te dejaré seguir viviendo en este lugar, en la tierra que di a tus padres en el pasado y por los siglos de los siglos.
8 ৮ চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
Mira, pones tu fe en palabras engañosas que no tienen ningún beneficio.
9 ৯ তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা?
Roban, matan, no son fieles a sus esposas, hacen juramentos falsos y queman perfumes al Baal y perseguirás a otros dioses que no han conocido.
10 ১০ মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে?
Después vienen, y toman su lugar delante de mí en este templo, que fue dedicado a mi nombre, y dicen: Hemos sido salvos; ¿Para que puedan hacer todas estas cosas asquerosas?
11 ১১ মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হল নে? যিহোৱাই ইয়াকেই ঘোষণা কৰিছে, চোৱা! মই, মইয়ো ইয়াকেই দেখিলোঁ।
¿Este templo, que lleva mi nombre, se ha convertido en un agujero de ladrones para ti? Verdaderamente yo, incluso yo, lo he visto, dice el Señor.
12 ১২ কিন্তু, পূৰ্বতে মই য’ত মোৰ নাম স্থাপন কৰিছিলোঁ, চীলোত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ, তাক চোৱা।
Pero ve ahora a mi lugar que estaba en Silo, donde puse mi nombre al principio, y mira lo que le hice por causa de la maldad de mi pueblo Israel.
13 ১৩ আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা, আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।
Y ahora, porque has hecho todas estas obras, dice el Señor, y yo te envié mi palabra, levantándome temprano y hablando sin cesar, pero no escuchaste; Y mi voz vino a ti, pero no respondiste.
14 ১৪ এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।
Por esta razón lo haré a la casa que lleva mi nombre y en la que has puesto tu fe, y al lugar que te he dado a ti y a tus padres, como le he hecho a Silo.
15 ১৫ আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
Y te enviaré lejos de delante de mí, como he enviado a todos tus hermanos, incluso a toda la descendencia de Efraín.
16 ১৬ এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।
Y en cuanto a ti Jeremías, no hagas oraciones por este pueblo, no hagas gritar ni hagas oración por ellos, no me hagas ninguna petición, porque no escucharé.
17 ১৭ তেওঁলোকে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিবোৰত যি কৰিছে, তাক জানো তুমি দেখা নাই?
¿No ves lo que están haciendo en las ciudades de Judá y en las calles de Jerusalén?
18 ১৮ মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।
Los niños van por la madera, los padres arden el fuego, las mujeres están trabajando la pasta para hacer pasteles para la reina del cielo, y las ofrendas de bebidas son derramadas a otros dioses, lo que me lleva a la ira.
19 ১৯ যিহোৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব? কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব?
¿Me están moviendo a la ira? dice el Señor ¿No se están ofendiendo así mismos, a su propia vergüenza?
20 ২০ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
Así que esto es lo que el Señor Dios ha dicho: mira, mi ira y mi furor se desatarán en este lugar, en el hombre y la bestia, en los árboles del campo y en el producto de la tierra; se quemará y no se apagará.
21 ২১ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ মঙ্গলাৰ্থক বলিৰ লগত হোম-বলি যোগ কৰা, আৰু মাংস খোৱা।
Estas son las palabras del Señor de los ejércitos, el Dios de Israel: Pon tus holocaustos con tus sacrificios, y toma carne para tu comida.
22 ২২ কিয়নো যি দিনা মই তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
Porque no dije nada a tus padres, y no les di órdenes, el día en que los saqué de Egipto, acerca de los holocaustos y sacrificios.
23 ২৩ কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।
Pero esta fue la orden que les di, diciendo: Escuchen mi voz, y yo seré su Dios, y ustedes serán mi pueblo; entren todo el camino que yo ordene, para que les vaya bien a todos.
24 ২৪ কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।
Pero no tomaron nota y no escucharon, sino que fueron guiados por los pensamientos y el orgullo de sus corazones malvados, regresando y no avanzando.
25 ২৫ তোমালোকৰ পূৰ্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে, মই প্ৰতি প্ৰভাতে উঠি, সদায় মোৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ।
Desde el día en que tus padres salieron de Egipto hasta el día de hoy, te he enviado a mis siervos los profetas, levantándome temprano todos los días yo los he enviado.
26 ২৬ তথাপি তেওঁলোকে মোৰ বাক্যলৈ মন নিদিলে, আনকি কাণো নাপাতিলে; কিন্তু নিজ নিজ ডিঙি ঠৰ কৰিলে, নিজৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কু-আচৰণ কৰিলে।
Pero aun así no tomaron nota y no quisieron oír, pero endurecieron sus cuellos, haciendo peor que sus padres.
27 ২৭ তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।
Y tienes que decirles todas estas palabras, pero no te escucharán; les gritarás, pero no darán respuesta.
28 ২৮ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!
Y tienes que decirles: Esta es la nación que no ha escuchado la voz de su Dios, o ha tomado en serio sus enseñanzas; la verdad ha perecido y está cortada de su boca.
29 ২৯ হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা। কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।
Deja que se te corte el pelo, oh Jerusalén, y suéltalo, y que se levante un canto de dolor en las colinas desoladas; porque el Señor se ha apartado y ha abandonado la generación objeto de su ira.
30 ৩০ কিয়নো, যিহোৱাই কৈছে, মোৰ সাক্ষাতে যি কুচ্ছিত, যিহূদাৰ সন্তান সকলে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিণলগীয়া বস্তুবোৰ ৰাখিলে।
Porque los hijos de Judá han hecho lo que es malo ante mis ojos, dice el Señor; han puesto sus repugnantes imágenes en la casa que lleva mi nombre y la hacen impura.
31 ৩১ আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
Y levantaron el lugar alto de Topet, en el valle del hijo de Hinom, y quemaron allí a sus hijos y sus hijas en el fuego; una cosa que no fue ordenada por mí y nunca vino a mi mente.
32 ৩২ যিহোৱাই কৈছে, এই হেতুকে চোৱা, যি দিনা সেই ঠাই তোফত বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি প্ৰখ্যাত নহব, কিন্তু হত্যাৰ উপত্যকা বুলি প্ৰখ্যাত হব, এনে দিন আহিছে; কাৰণ সেইদিনা তোমালোকে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তাত মৰা শৱ পুতি থাকিব।
Por esta causa, los días se avecinan, dice el Señor, cuando ya no se llamará Tofet, o, El valle del hijo de Hinom, sino, El valle de la Muerte. porque pondrán a los muertos en la tierra en Tofet porque no haya más espacio.
33 ৩৩ তেতিয়া এই জাতিৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব, সেইবোৰক কোনেও ভয় দেখুৱাই বাধা দিব নোৱাৰিব।
Y los cuerpos de este pueblo serán alimento para las aves del cielo y para las bestias de la tierra; y no habrá quien las espante.
34 ৩৪ তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’
Y en los pueblos de Judá y en las calles de Jerusalén, pondré fin a las voces risueñas, la voz de alegría y la voz del hombre recién casado y la voz de la novia; porque la tierra será desolada.