< যেরেমিয়া 7 >

1 যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক’লে:
Det Ord, som kom til Jeremias fra HERREN:
2 বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।
Staa hen i Porten til HERRENS Hus og udraab dette Ord: Hør HERRENS Ord, hele Juda, I, som gaar ind gennem disse Porte for at tilbede HERREN!
3 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য শুধৰোৱা; তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম।
Saa siger Hærskarers HERRE, Israels Gud: Bedrer eders Veje og eders Gerninger, saa vil jeg lade eder bo paa dette Sted.
4 এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
Stol ikke paa den Løgnetale: Her er HERRENS Tempel, HERRENS Tempel, HERRENS Tempel!
5 কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য সম্পূৰ্ণকৈ শুধৰোৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,
Men bedrer eders Veje og eders Gerninger! Dersom I virkelig øver Ret Mand og Mand imellem,
6 বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
ikke undertrykker den fremmede, den faderløse og Enken, ej heller udgyder uskyldigt Blod paa dette Sted, ej heller til egen Skade holder eder til fremmede Guder,
7 তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই দেশত তোমালোকক অনন্ত কাললৈকে বাস কৰোৱাম।
saa vil jeg til evige Tider lade eder bo paa dette Sted i det Land, jeg gav eders Fædre.
8 চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
Se, I stoler paa Løgnetale, som intet baader.
9 তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা?
Stjæle, slaa ihjel, hore, sværge falsk, tænde Offerild for Ba'al, holde eder til fremmede Guder, som I ikke kender til —
10 ১০ মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে?
og saa kommer I og staar for mit Aasyn i dette Hus, som mit Navn nævnes over, og siger: »Vi er frelst!« — for at gøre alle disse Vederstyggeligheder.
11 ১১ মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হল নে? যিহোৱাই ইয়াকেই ঘোষণা কৰিছে, চোৱা! মই, মইয়ো ইয়াকেই দেখিলোঁ।
Holder I dette Hus, som mit Navn nævnes over, for en Røverkule? Men se, ogsaa jeg har Øjne, lyder det fra HERREN.
12 ১২ কিন্তু, পূৰ্বতে মই য’ত মোৰ নাম স্থাপন কৰিছিলোঁ, চীলোত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ, তাক চোৱা।
Gaa dog hen til mit hellige Sted i Silo, hvor jeg først stedfæstede mit Navn, og se, hvad jeg gjorde ved det for mit Folk Israels Ondskabs Skyld.
13 ১৩ আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা, আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।
Og nu, fordi I øver alle disse Gerninger, lyder det fra HERREN, og fordi I ikke vilde høre, naar jeg aarle og silde talede til eder, eller svare, naar jeg kaldte paa eder,
14 ১৪ এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।
derfor vil jeg gøre med Huset, som mit Navn nævnes over, og som I stoler paa, og med Stedet, jeg gav eder og eders Fædre, ligesom jeg gjorde med Silo;
15 ১৫ আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
og jeg vil støde eder bort fra mit Aasyn, som jeg stødte alle eders Brødre bort, al Efraims Æt.
16 ১৬ এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।
Men du maa ikke gaa i Forbøn for dette Folk eller frembære klage og Bøn eller trænge ind paa mig for dem, thi jeg hører dig ikke.
17 ১৭ তেওঁলোকে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিবোৰত যি কৰিছে, তাক জানো তুমি দেখা নাই?
Ser du ikke, hvad de har for i Judas Byer og paa Jerusalems Gader?
18 ১৮ মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।
Børnene sanker Brænde, Fædrene tænder Ild, og Kvinderne ælter Dejg for at bage Offerkager til Himmelens Dronning og udgyde Drikofre for fremmede Guder og krænke mig.
19 ১৯ যিহোৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব? কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব?
Mon det er mig, de krænker, lyder det fra HERREN, mon ikke sig selv til deres Ansigters Skam?
20 ২০ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
Derfor, saa siger den Herre HERREN: Se, min Vrede og Harme udgyder sig over dette Sted, over Folk og Fæ, over Markens Træer og Jordens Frugt, og den skal brænde uden at slukkes.
21 ২১ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ মঙ্গলাৰ্থক বলিৰ লগত হোম-বলি যোগ কৰা, আৰু মাংস খোৱা।
Saa siger Hærskarers HERRE, Israels Gud: Læg eders Brændofre til eders Slagtofre og æd Kød!
22 ২২ কিয়নো যি দিনা মই তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
Thi dengang jeg førte eders Fædre ud af Ægypten, talede jeg ikke til dem eller bød dem noget om Brændoffer og Slagtoffer;
23 ২৩ কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।
men dette bød jeg dem: »I skal høre min Røst, saa vil jeg være eders Gud, og I skal være mit Folk; og I skal gaa paa alle de Veje, jeg byder eder, at det maa gaa eder vel.«
24 ২৪ কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।
Men de hørte ikke og laante ikke Øre; de fulgte deres onde Hjertes Stivsind og gik tilbage, ikke fremad.
25 ২৫ তোমালোকৰ পূৰ্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে, মই প্ৰতি প্ৰভাতে উঠি, সদায় মোৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ।
Fra den Dag eders Fædre drog ud af Ægypten, og til i Dag har jeg Dag efter Dag, aarle og silde sendt eder alle mine Tjenere Profeterne;
26 ২৬ তথাপি তেওঁলোকে মোৰ বাক্যলৈ মন নিদিলে, আনকি কাণো নাপাতিলে; কিন্তু নিজ নিজ ডিঙি ঠৰ কৰিলে, নিজৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কু-আচৰণ কৰিলে।
men de hørte ikke og laante ikke Øre; de gjorde Nakken stiv og øvede mere ondt end deres Fædre.
27 ২৭ তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।
Naar du siger dem alle disse Ord, hører de dig ikke, og kalder du paa dem, svarer de dig ikke.
28 ২৮ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!
Sig saa til dem: Det er det Folk, som ej hørte HERREN deres Guds Røst, det, som ej tog ved Lære; Sandhed er svundet, udryddet af deres Mund.
29 ২৯ হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা। কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।
Afklip dit Haar, kast det bort og klag paa de nøgne Høje! Thi HERREN har forkastet og bortstødt den Slægt, han var vred paa.
30 ৩০ কিয়নো, যিহোৱাই কৈছে, মোৰ সাক্ষাতে যি কুচ্ছিত, যিহূদাৰ সন্তান সকলে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিণলগীয়া বস্তুবোৰ ৰাখিলে।
Thi Judas Sønner har gjort, hvad der er ondt i mine Øjne, lyder det fra HERREN; de har opstillet deres væmmelige Guder i Huset, som mit Navn nævnes over, for at gøre det urent;
31 ৩১ আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
de har bygget Tofets Offerhøje i Hinnoms Søns Dal for at brænde deres Sønner og Døtre i Ilden, hvad jeg ikke har paabudt, og hvad aldrig var i min Tanke.
32 ৩২ যিহোৱাই কৈছে, এই হেতুকে চোৱা, যি দিনা সেই ঠাই তোফত বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি প্ৰখ্যাত নহব, কিন্তু হত্যাৰ উপত্যকা বুলি প্ৰখ্যাত হব, এনে দিন আহিছে; কাৰণ সেইদিনা তোমালোকে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তাত মৰা শৱ পুতি থাকিব।
Se, derfor skal Dage komme, lyder det fra HERREN, da man ikke mere skal sige Tofet og Hinnoms Søns Dal, men Morddalen, og man skal jorde de døde i Tofet, fordi Pladsen ikke slaar til.
33 ৩৩ তেতিয়া এই জাতিৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব, সেইবোৰক কোনেও ভয় দেখুৱাই বাধা দিব নোৱাৰিব।
Og dette Folks Lig skal blive Himmelens Fugle og Jordens Dyr til Æde, og ingen skal skræmme dem bort.
34 ৩৪ তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’
Og i Judas Byer og paa Jerusalems Gader gør jeg Ende paa Fryderaab og Glædesraab, Brudgoms Røst og Bruds Røst, thi Landet skal lægges øde.

< যেরেমিয়া 7 >