< যেরেমিয়া 6 >
1 ১ “হে বিন্যামীনৰ সন্তান সকল, তোমালোকে যিৰূচালেমৰ মাজৰ পৰা ৰক্ষাৰ পাবৰ বাবে পলোৱা, আৰু তকোৱাত শিঙা বজোৱা। আৰু বৈৎহক্কেৰমত এক নিচান তোলা; কিয়নো উত্তৰ ফালৰ পৰা এক অমঙ্গল আৰু মহাসংহাৰে দেখা দিছে।
本雅明子民,請你們逃出耶路撒冷,在特科亞吹號,在貝特革楞豎立旗幟! 因為有一個災禍,即一個巨大的毀滅,已由北方隱約出現。
2 ২ সুন্দৰী আৰু আলসুৱা চিয়োন জীয়াৰীক মই সংহাৰ কৰিম।
熙雍女郎仿佛美麗的草場,
3 ৩ মেৰ-ছাগ ৰখীয়াবোৰে নিজ নিজ জাক লগত লৈ তাইৰ ওচৰলৈ আহিব; তেওঁলোকে তাইৰ বিৰুদ্ধে চাৰিওফালে নিজ নিজ তম্বু তৰিব, আৰু প্ৰতিজনে নিজ নিজ ঠাইত চৰিব।
牧童領著自己的羊群坰她進發,在她四週張設帳幕,各據一方牧放。
4 ৪ তোমালোকে তাইৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰা। “আমি উঠি দুপৰীয়া যাত্ৰা কৰোঁহক। কি দুখৰ বিষয়! চোৱা, দিনৰ শেষ হৈছে, এনে কি, সন্ধিয়া বেলাৰ ছাঁ দীঘলীয়া হৈছে।
「請你們備戰,向她進攻;來,讓我們在正午就上前進攻! 我們真不幸! 因為日已偏西,暮影已長!
5 ৫ আমি উঠি ৰাতি যাত্ৰা কৰি তাইৰ অট্ৰালিকাবোৰ নষ্ট কৰোঁহক।”
不妨! 就趁夜上去,破壞她的閭闕。」
6 ৬ কিয়নো বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: তোমালোকে কাঠ কাটি যিৰূচালেমৰ অহিতে দ’ম বান্ধা। সেয়ে দণ্ড পাবলগীয়া নগৰী; তাৰ মাজত সম্পূৰ্ণ অত্যাচাৰ আছে।
因為萬軍的上主這樣說:6.「他們該砍伐她的樹木,雀起壁壘,圍攻耶路撒冷,這該受罰的城市,因為在那裏充滿了壓榨。
7 ৭ যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে। তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।
泉源怎樣湧出泉水,她就怎樣湧出邪惡;從那裏只可聽到強暴和迫害,我金看見疾病和瘡痍。
8 ৮ হে যিৰূচালেম, সতৰ্ক হোৱা, নহ’লে মোৰ মন তোমাৰ পৰা নিলগত হব; নহ’লে মই তোমাক উচ্ছন্ন ঠাই আৰু নিবাসীহীন দেশ কৰিম।
耶路撒冷! 你應接受訓戒,免得我的心疏遠你,使你荒涼,成為沒有人居住的地方。」
9 ৯ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যে তেওঁলোকে দ্ৰাক্ষাফলৰ দৰে ইস্ৰায়েলৰ অৱশিষ্টখিনি সম্পূৰ্ণকৈ গোটাব। দ্ৰাক্ষাগুটি চপাওঁতা জনৰ নিচিনা তুমি বাৰে বাৰে পাচিলৈ হাত নিয়া।
萬軍的上主這樣說:「你應像收拾葡萄,把以色列的遺民收拾淨盡;又如收割的人 向枝條再伸出你的手來。」
10 ১০ তোমালোকে শুনিবৰ কাৰণে মই কাৰ আগত কম, আৰু সাক্ষ্য দিম? চোৱা, তেওঁলোকৰ কাণ অচুন্নৎ, তেওঁলোকে শুনিব নোৱাৰে; চোৱা! যিহোৱাৰ বাক্য তেওঁলোকৰ ধিক্কাৰৰ বিষয় হৈছে; তেওঁলোকে তাত একো সন্তোষ নাপায়।
我應對誰說,應警告誰,使他們聽信我呢﹖看,他們的耳朵遲鈍不靈,不能留心細聽;看,上主的話對他們已成了笑柄,一點也不感興趣
11 ১১ এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত, আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।
為此,我滿懷上主火憤怒,我已無法再控制:「只得將憤怒發洩在街上的孩童和青年的隊伍身上,因為男人和女人,年長和年老的人,都要被擄去;
12 ১২ তেওঁলোকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁলোকৰ মহিলাসকলক অন্যক দিয়া যাব। কাৰণ যিহোৱাই কৈছে, মই দেশনিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম।
他們的住它、莊田和妻室,都要歸他人,因為我要向本地的居民伸出我的手──上主的斷語。」
13 ১৩ কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।
實在,從最小的到最的,都貪財圖利;從先知到司祭,都欺詐行事,
14 ১৪ যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
草率治療我人民的瘡痍說:「好了,好了! 」其實卻沒有好。
15 ১৫ তেওঁলোক ঘিণলগীয়া কাৰ্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই; সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।”
他們既彿事可憎,就應當知恥;可是,他們不但毫不知恥,反而連羞愧也不知道是什麼;為此,他們要與倒斃者一同倒斃,在我降罰他們時,都要一厥不振──上主說。
16 ১৬ যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
上主這樣說:「你們應站在交叉路口,觀察探問舊路;那一條是好路,就在那路上走,你們的的心靈必獲安寧。」他們卻答說:「我們偏不走。」
17 ১৭ শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ; কিন্তু তেওঁলোকে ক’লে, “আমি কাণ নাপাতিম।”
我給你們派駐哨兵,你們連注意號聲! 」他們卻答說:「我們偏不注意。
18 ১৮ এই হেতুকে হে জাতি সমূহ, শুনা! হে মণ্ডলী, তেওঁলোকৰ অন্তৰত কি আছে, তাক বুজা।
為此,萬民! 你們必需細聽;群眾! 你們應知道他們的遭遇。
19 ১৯ শুনা, হে পৃথিৱী! চোৱা, মই এই জাতিৰ ওপৰত অমঙ্গল ঘটাম, তেওঁলোকৰ কল্পনাবোৰৰ ফল দিম। কিয়নো তেওঁলোকে মোৰ বাক্যলৈ কাণ দিয়া নাই, আৰু মোৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে।
大地注意:看,我必給這百姓帶來災禍,作他們失節的的苦果,因為他們沒有聽從我的言辭,拋棄了卜法律。
20 ২০ চিবাৰ পৰা মোৰ ওচৰলৈ কুন্দুৰু, আৰু দূৰ দেশৰ পৰা সুগন্ধি বচ কি অভিপ্ৰায়েৰে আহিছে? তোমালোকৰ হোম-বলিবোৰ গ্ৰহণীয় নহয়, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি মোৰ সন্তোষজনক নহয়।
那些來自舍巴的乳香,出自遠方的香蒲,於我有何用﹖你們的全燔祭不受悅納,你的犧牲不樂我意。
21 ২১ এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই এই জাতিৰ আগত উজুটি খোৱা মূঢ়া থম; তেতিয়া বাপেক আৰু পুতেকহঁতে একে সময়ত তাত উজুটি খাই পৰিব। ওচৰ-চুবুৰীয়া আৰু তাৰ বন্ধু বিনষ্ট হ’ব।
為此,上主這樣說:「看,我將這人民設下絆腳石,使父子一起絆倒,使鄰居和朋友同趨滅亡。」
22 ২২ যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দেশৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি উত্তেজিত হৈছে।
上主這樣說:「看,有一個民族從北方前來,有一個強大的異邦從地極興起,
23 ২৩ তেওঁলোকে ধনু আৰু বৰছা ধৰিব। তেওঁলোক নিষ্ঠুৰ আৰু দয়াহীন; তেওঁলোকৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা, আৰু তেওঁলোক ঘোঁৰাত উঠে; হে চিয়োন-জীয়াৰী, তোমাৰ বিৰুদ্ধে তেওঁলোক প্ৰতিজনে যুদ্ধাৰুৰ দৰে সাজু হৈ আছে।
緊握弓戈,殘忍無情,像海嘯一般喧嚷,騎著戰馬,萬眾一心,嚴陣準備向你進攻,熙雍女郎! 」
24 ২৪ আমি তেওঁলোকৰ যশস্যা শুনিছোঁ। আমাৰ হাত দুৰ্ব্বল হ’ল। যাতনাই, প্ৰসৱকাৰীণীৰ বেদনাৰ দৰে বেদনাই আমাক ধৰিছে।
我們聽到了這消息,束手無策,不勝憂慮,痛苦得有如臨產的婦女。
25 ২৫ পথাৰলৈ নাযাবা, আৰু ৰাজআলিত অহা-যোৱা নকৰিবা, কিয়নো শত্ৰূ তৰোৱাল, চাৰিওফালে ত্ৰাসৰ সৃষ্টি কৰি আছে।
你們不要到田間去,不要在路上徘徊,因為敵人正在撕殺,四處令人恐怖。
26 ২৬ হে মোৰ জাতিস্বৰূপা জীয়াৰী, কঁকালত চট বান্ধা, আৰু ছাইত বাগৰা; একেটি পুত্ৰৰ মৃত্যুৰ বাবে শোক কৰাৰ দৰে শোক কৰা। আৰু অত্যন্ত বিলাপ কৰা, কিয়নো বিনষ্ট কৰোঁতাই অকস্মাতে আমাৰ ওপৰত আক্ৰমণ চলাব।
我的女兒──人民──你該穿上麻衣,輾轉於灰塵,悲哀傷心痛哭,如喪獨子,因為劫奪者要突然來襲擊我們!
27 ২৭ মোৰ প্ৰজাসকলৰ পথ পৰীক্ষা কৰি জানিবৰ বাবে, মই তেওঁলোকৰ মাজত তোমাক পৰীক্ষক কৰি দুৰ্গস্বৰূপে স্থাপন কৰিলোঁ।
我立了你作我人民的查察員,原是為叫你認識並考察他們的行徑。
28 ২৮ তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
他們盡是極頑固的叛徒,往來散播流言,確是壞透了的破銅爛鐵。
29 ২৯ ভাতীয়ে বৰকৈ তাও দিছে; সীহ জুইত নষ্ট হৈছে; লোকে মিছাকৈয়ে খপি থাকিছে; কিয়নো ভাঁজস্বৰূপ দুষ্টবোৰক বাহিৰ কৰা নাযায়।
風箱猛吹,雖有烈火,但鉛仍不溶化;煉工徒然鍛煉,渣滓總煉不掉。
30 ৩০ যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!”
人都稱他們為「拋棄的銀渣,」因為上主已將他們拋棄。