< যেরেমিয়া 52 >
1 ১ চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।
Sedekiah jẹ́ ọmọ ọdún mọ́kànlélógún nígbà tí ó jẹ ọba. Ọdún mọ́kànlá ló fi jẹ ọba ní Jerusalẹmu. Orúkọ ìyá rẹ̀ ni Hamutali ọmọ Jeremiah; láti Libina ló ti wá.
2 ২ যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;
Ó ṣe búburú ní ojú Olúwa gẹ́gẹ́ bí Jehoiakimu ti ṣe.
3 ৩ কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Nítorí ìbínú Olúwa ni gbogbo èyí ṣe ṣẹlẹ̀ sí Jerusalẹmu àti Juda àti ní ìkẹyìn. Ó sì gbà wọ́n gbọ́ ní iwájú rẹ̀. Sedekiah ṣọ̀tẹ̀ sí ọba Babeli.
4 ৪ পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
Nígbà tí ó di ọdún kẹsànán ti Sedekiah tí ń ṣe ìjọba ní ọjọ́ kẹwàá, oṣù kẹwàá Nebukadnessari ọba Babeli sì lọ sí Jerusalẹmu pẹ̀lú gbogbo àwọn ọmọ-ogun rẹ̀, wọ́n pàgọ́ sí ẹ̀yìn odi ìlú náà; wọ́n sì mọ odi yíká rẹ̀.
5 ৫ এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
Ìlú náà sì wá lábẹ́ ìhámọ́ títí di ọdún kọkànlá ọba Sedekiah.
6 ৬ পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
Ní ọjọ́ kẹsànán, oṣù mẹ́rin ìyàn ìlú náà sì ti burú dé ibi pé kò sí oúnjẹ kankan mọ́ fún àwọn ènìyàn láti jẹ.
7 ৭ সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
Bákan náà, odi ìlú náà ti ya àwọn ọmọ-ogun sì tí sálọ. Wọn fi ìlú náà sílẹ̀ ní òru nípa ojú ọ̀nà tó wà láàrín odi méjèèjì lẹ́bàá ọgbà ọba. Bí ó tilẹ̀ jẹ́ wí pé, àwọn ará Babeli yìí yí ìlú náà ká. Wọ́n sá gba aginjù lọ.
8 ৮ কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
Ṣùgbọ́n àwọn ọmọ-ogun Babeli lépa ọba Sedekiah wọ́n sì le bá ni pẹ̀tẹ́lẹ̀ Jeriko. Gbogbo àwọn ọmọ-ogun sì pínyà, kúrò ní ọ̀dọ̀ rẹ̀ wọ́n sì túká.
9 ৯ পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
Wọ́n sì mu ní ìgbèkùn. Wọn mú un lọ sí ọ̀dọ̀ ọba Babeli, ní Ribla ní ilẹ̀ Hamati níbẹ̀ ni ó ti ṣe ìdájọ́ lórí rẹ̀.
10 ১০ বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
Ní Ribla ni ọba Babeli ti pa ọmọkùnrin Sedekiah lójú rẹ̀; ó sì tún pa gbogbo àwọn aláṣẹ Juda.
11 ১১ তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
Lẹ́yìn náà, ọba Babeli yọ Sedekiah ní ojú, o sì fi ẹ̀wọ̀n dè é, ó sì gbe e lọ sí Babeli níbi tí ó ti fi sínú ọgbà ẹ̀wọ̀n títí di ọjọ́ ikú rẹ̀.
12 ১২ পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
Ní ọjọ́ kẹwàá oṣù karùn-ún, tí ó jẹ́ ọdún kọkàndínlógún Nebukadnessari ọba Babeli, ni Nebusaradani balógun ìṣọ́ wá sí Jerusalẹmu.
13 ১৩ যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
Ó dáná sun pẹpẹ Olúwa, ààfin ọba àti gbogbo àwọn ilé Jerusalẹmu. Ó sì dáná sun gbogbo àwọn ilé ńlá ńlá.
14 ১৪ আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
Gbogbo àwọn ogun Babeli, tí ó wà lọ́dọ̀ olórí ẹ̀ṣọ́, wó ògiri tí ó yí Jerusalẹmu ká lulẹ̀.
15 ১৫ আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
Nebusaradani balógun ìṣọ́ kó gbogbo àwọn tálákà àti gbogbo àwọn tí ó kù ní ìlú, ní ìgbèkùn lọ sí Babeli, pẹ̀lú àwọn tí ó ya lọ, tí ó sì ya tọ ọba Babeli lọ, àti ìyókù àwọn ènìyàn náà.
16 ১৬ কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
Ṣùgbọ́n Nebusaradani, balógun ìṣọ́ fi àwọn tálákà tó kú ní ilẹ̀ náà sílẹ̀ láti máa ṣiṣẹ́ nínú ọgbà àjàrà àti ro oko.
17 ১৭ আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কলদীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
Àwọn ará Babeli fọ́ ọ̀wọ̀n idẹ wọ̀n-ọn-nì àti àwọn ìjókòó wọ̀n-ọn-nì, àti agbada idẹ títóbi wọ̀n-ọn-nì tí ń bẹ ní ilé Olúwa, àwọn ará Babeli fọ́ túútúú, wọ́n sì kó gbogbo idẹ náà lọ sí Babeli.
18 ১৮ আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
Bákan náà, wọ́n tún kó àwọn ìkòkò wọ̀n-ọn-nì, ọkọ́ wọ̀n-ọn-nì àti ọ̀pá fìtílà wọ̀n-ọn-nì, àwọn ọpọ́n wọ̀n-ọn-nì, ṣíbí wọ̀n-ọn-nì àti gbogbo ohun èlò idẹ tí wọ́n ń lò níbi pẹpẹ lọ.
19 ১৯ আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
Balógun ìṣọ́ náà kó àwokòtò wọ̀n-ọn-nì, ohun ìfọnná wọ̀n-ọn-nì, ọpọ́n wọ̀n-ọn-nì, ìkòkò wọ̀n-ọn-nì, ọ̀pá fìtílà wọ̀n-ọn-nì, ṣíbí wọ̀n-ọn-nì àti ago wáìnì wọ̀n-ọn-nì; èyí tí a fi wúrà àti fàdákà ṣe lọ.
20 ২০ আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
Àwọn ọ̀wọ́n méjì, agbada ńlá kan àti àwọn màlúù idẹ méjìlá tí ó wà lábẹ́ ìjókòó alágbéká tí Solomoni ọba ṣe fún ilé Olúwa, idẹ ni gbogbo ohun èlò wọ̀nyí, ó ju èyí tí a lè wọ́n lọ.
21 ২১ আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
Ọ̀kọ̀ọ̀kan nínú àwọn ọ̀wọ́n yìí ni ga ní ìwọ̀n ìgbọ̀nwọ́ méjìdínlógún; okùn ìgbọ̀nwọ́ méjìlá sì yí i ká. Ọ̀kọ̀ọ̀kan nípọn tó ìka mẹ́rin, wọ́n sì ní ihò nínú.
22 ২২ আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
Ọ̀nà orí idẹ kan tó ìgbọ̀nwọ́ márùn-ún ní gíga, wọ́n sì fi èso pomegiranate ṣe ọ̀ṣọ́ sí i lára yíká. Ọ̀wọ́n kejì sì wà pẹ̀lú èso pomegiranate tí ó jọra.
23 ২৩ চাৰিওফালে ছয়ান্নব্বৈটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
Pomegiranate mẹ́rìndínlọ́gọ́rùn-ún ni ó wà ní àwọn ẹ̀gbẹ́ rẹ̀. Àpapọ̀ gbogbo pomegiranate sì jẹ́ ọgọ́rùn-ún kan.
24 ২৪ পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনিয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
Balógun àwọn ẹ̀ṣọ́ mu Seraiah olórí àwọn àlùfáà àti Sefaniah àlùfáà kejì àti àwọn olùṣọ́ ìloro mẹ́ta.
25 ২৫ আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
Nínú àwọn tí ó kù ní ilẹ̀ náà, ó mú ìwẹ̀fà kan, tí ó wà ní ìtọ́jú àwọn ológun, àti àwọn olùdámọ̀ràn ọba méje. Bákan náà, ó tún mu akọ̀wé olórí ogun tí ó wà ní ìtọ́jú títo àwọn ènìyàn ilẹ̀ náà, àti ọgọ́ta nínú àwọn ọkùnrin rẹ̀ tí wọ́n rí ní ìlú náà.
26 ২৬ আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
Nebusaradani, balógun ìṣọ́ kó gbogbo wọn, ó sì mú wọn tọ ọba Babeli wá ní Ribla.
27 ২৭ পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল।
Ọba Babeli sì kọlù wọ́n, ó sì pa wọ́n ní Ribla ni ilẹ̀ Hamati. Báyìí ni a mú Juda kúrò ní ilẹ̀ rẹ̀.
28 ২৮ নবূখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহুদী মানুহক দেশান্তৰ কৰি নিলে;
Èyí ni iye àwọn ènìyàn tí Nebukadnessari kó lọ sí ilẹ̀ àjèjì. Ní ọdún keje ẹgbẹ̀rún mẹ́ta ó lé mẹ́tàlélógún ará Juda.
29 ২৯ নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
Ní ọdún kejìdínlógún Nebukadnessari o kó ẹgbẹ̀rin ó lé méjìlélọ́gbọ̀n láti Jerusalẹmu.
30 ৩০ নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
Ní ọdún kẹtàlélógún àwọn Júù tí Nebusaradani kó lọ sí ilẹ̀ àjèjì jẹ́ ọ̀tàdínlẹ́gbẹ̀rin ó dín márùn-ún. Gbogbo ènìyàn tí ó kó lápapọ̀ jẹ́ ẹgbẹ̀tàlélógún.
31 ৩১ পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল-মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
Ní ọdún kẹtàdínlógójì ti Jehoiakini ọba Juda ni Efili-Merodaki di ọba Babeli. Ó gbé orí Jehoiakini ọba Juda sókè, ó sì tú sílẹ̀ nínú túbú ní ọjọ́ kẹẹdọ́gbọ̀n oṣù kejìlá.
32 ৩২ আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
Ó ń sọ̀rọ̀ rere fún un, ó sì gbé ìtẹ́ rẹ̀ ga ju ìtẹ́ àwọn ọba tókù lọ tí ó wà pẹ̀lú rẹ̀ ní Babeli.
33 ৩৩ আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
Nítorí náà, Jehoiakini pàrọ̀ aṣọ túbú rẹ̀, ó sì ń jẹun ní gbogbo ìgbà ní iwájú rẹ̀ ní gbogbo ọjọ́ ayé rẹ̀.
34 ৩৪ আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।
Ní ojoojúmọ́ ni ọba Babeli ń fún Jehoiakini ní ìpín tirẹ̀ bí ó tí ń bẹ láààyè, títí di ọjọ́ kú rẹ̀.