< যেরেমিয়া 52 >
1 ১ চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।
Zedekiah [is] a son of twenty-one years in his reigning, and he has reigned eleven years in Jerusalem, and the name of his mother [is] Hamutal daughter of Jeremiah of Libnah.
2 ২ যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;
And he does evil in the eyes of YHWH, according to all that Jehoiakim has done,
3 ৩ কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
for because of the anger of YHWH, it has been in Jerusalem and Judah until He has cast them from before His face, and Zedekiah rebels against the king of Babylon.
4 ৪ পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
And it comes to pass, in the ninth year of his reign, in the tenth month, on the tenth of the month, Nebuchadnezzar king of Babylon has come—he and all his force—against Jerusalem, and they encamp against it, and build against it a fortification all around;
5 ৫ এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
and the city comes into siege until the eleventh year of King Zedekiah.
6 ৬ পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
In the fourth month, on the ninth of the month, when the famine is severe in the city, and there has been no bread for the people of the land,
7 ৭ সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
then the city is broken up, and all the men of war flee, and go forth from the city by night, the way of the gate between the two walls that [is] by the king’s garden—and the Chaldeans [are] by the city all around—and they go the way of the plain.
8 ৮ কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
And the forces of the Chaldeans pursue after the king, and overtake Zedekiah in the plains of Jericho, and all his forces have been scattered from him,
9 ৯ পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
and they capture the king, and bring him up to the king of Babylon at Riblah, in the land of Hamath, and he speaks with him—judgments.
10 ১০ বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
And the king of Babylon slaughters the sons of Zedekiah before his eyes, and he has also slaughtered all the princes of Judah in Riblah;
11 ১১ তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
and he has blinded the eyes of Zedekiah, and he binds him in bronze chains, and the king of Babylon brings him to Babylon, and puts him in the house of inspection to the day of his death.
12 ১২ পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
And in the fifth month, on the tenth of the month—it [is] the nineteenth year of King Nebuchadnezzar king of Babylon—Nebuzar-Adan, chief of the executioners, has come; he has stood before the king of Babylon in Jerusalem,
13 ১৩ যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
and he burns the house of YHWH, and the house of the king, and all the houses of Jerusalem—even every great house he has burned with fire,
14 ১৪ আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
and all the forces of the Chaldeans that [are] with the chief of the executioners have broken down all the walls of Jerusalem.
15 ১৫ আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
And of the poor of the people, and the remnant of the people who are left in the city, and those who are defecting, who have defected to the king of Babylon, and the remnant of the multitude, Nebuzar-Adan, chief of the executioners, has removed;
16 ১৬ কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
and of the poor of the land, Nebuzar-Adan, chief of the executioners, has left for vinedressers and for farmers.
17 ১৭ আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কলদীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
And the pillars of bronze that [are] in the house of YHWH, and the bases, and the bronze sea that [is] in the house of YHWH, the Chaldeans have broken, and they carry away all the bronze of them to Babylon;
18 ১৮ আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
and the pots, and the shovels, and the snuffers, and the bowls, and the spoons, and all the vessels of bronze with which they minister, they have taken away;
19 ১৯ আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
and the basins, and the fire-pans, and the bowls, and the pots, and the lampstands, and the spoons, and the cups, the gold of that which [is] gold, and the silver of that which [is] silver, the chief of the executioners has taken.
20 ২০ আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
The two pillars, the one sea, and the twelve bronze oxen that [are] beneath the bases, that King Solomon made for the house of YHWH, there was no weighing of the bronze of all these vessels.
21 ২১ আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
As for the pillars, eighteen cubits [is] the height of the one pillar, and a cord of twelve cubits goes around it, and its thickness [is] four fingers hollow.
22 ২২ আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
And the capital on it [is] of bronze, and the height of the one capital [is] five cubits, and network and pomegranates [are] on the capital all around, the whole [is] of bronze; and like these—the second pillar—and pomegranates.
23 ২৩ চাৰিওফালে ছয়ান্নব্বৈটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
And the pomegranates are ninety-six on a side, all the pomegranates [are] one hundred on the network all around.
24 ২৪ পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনিয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
And the chief of the executioners takes Seraiah the head priest, and Zephaniah the second priest, and the three keepers of the threshold,
25 ২৫ আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
and he has taken a certain eunuch out of the city, who has been inspector over the men of war, and seven men of those seeing the king’s face, who have been found in the city, and the head scribe of the host, who musters the people of the land, and sixty men of the people of the land, who are found in the midst of the city;
26 ২৬ আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
and Nebuzar-Adan, chief of the executioners, takes them, and brings them to the king of Babylon at Riblah,
27 ২৭ পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল।
and the king of Babylon strikes them, and puts them to death in Riblah, in the land of Hamath, and he removes Judah from off its own ground.
28 ২৮ নবূখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহুদী মানুহক দেশান্তৰ কৰি নিলে;
This [is] the people whom Nebuchadnezzar has removed: in the seventh year, of Jews, three thousand and twenty-three;
29 ২৯ নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
in the eighteenth year of Nebuchadnezzar—from Jerusalem—eight hundred thirty-two souls;
30 ৩০ নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
in the twenty-third year of Nebuchadnezzar, Nebuzar-Adan, chief of the guard, has removed of Jewish souls, seven hundred forty-five; all the souls [are] four thousand and six hundred.
31 ৩১ পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল-মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
And it comes to pass, in the thirty-seventh year of the expulsion of Jehoiachin king of Judah, in the twelfth month, on the twenty-fifth of the month, Evil-Merodach king of Babylon has lifted up, in the year of his reign, the head of Jehoiachin king of Judah, and brings him out from the house of restraint,
32 ৩২ আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
and speaks good things with him, and sets his throne above the throne of the kings who [are] with him in Babylon,
33 ৩৩ আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
and he has changed his prison garments, and he has continually eaten bread before him, all the days of his life.
34 ৩৪ আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।
And his allowance—a continual allowance—has been given to him by the king of Babylon, the matter of a day in its day, until [the] day of his death—all [the] days of his life.