< যেরেমিয়া 52 >

1 চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।
Zedekiya anali wa zaka 21 pamene analowa ufumu, ndipo analamulira zaka 11 ku Yerusalemu. Amayi ake anali Hamutali mwana wa Yeremiya wa ku Libina.
2 যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;
Iye anachita zoyipa pamaso pa Yehova, monga momwe anachitira Yehoyakimu.
3 কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Chifukwa cha zonse zimene zinachitika ku Yerusalemu ndi ku Yuda Yehova anakwiyira anthu ake mpaka kuwachotsa pamaso pake. Tsono Zedekiya anawukira mfumu ya ku Babuloni.
4 পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
Choncho mʼchaka cha chisanu ndi chinayi cha ulamuliro wa Zedekiya, mwezi wakhumi, pa tsiku la khumi, Nebukadinezara mfumu ya ku Babuloni anabwera ndi ankhondo ake onse kudzathira nkhondo Yerusalemu. Anamanga misasa ndi mitumbira yankhondo kunja kuzungulira mzindawo.
5 এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
Mzindawo unazingidwa mpaka chaka cha khumi ndi chimodzi cha ulamuliro wa Mfumu Zedekiya.
6 পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
Pa tsiku lachisanu ndi chinayi la mwezi wachinayi njala inakula kwambiri mu mzindamo kotero kuti munalibe chakudya choti anthu nʼkudya.
7 সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
Tsono linga la mzindawo linabowoledwa, ndipo ankhondo onse anathawa. Iwo anatuluka mu mzindamo usiku kudzera pa chipata cha pakati pa makoma awiri a pafupi ndi munda wa mfumu, ngakhale kuti Ababuloni anali atazinga mzindawo. Ndipo anathawira ku Araba,
8 কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
koma gulu la ankhondo la ku Babuloni linalondola mfumu Zedekiya ndi kumupeza mʼchigwa cha ku Yeriko. Ankhondo onse anamusiya yekha nabalalika.
9 পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
Anagwidwa napita naye kwa mfumu ya ku Babuloni ku Ribula mʼdziko la Hamati, kumene anagamula mlandu wake.
10 ১০ বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
Ku Ribulako mfumu ya ku Babuloni inapha ana aamuna a Zedekiya iyeyo akuona; ndiponso inapha akuluakulu onse a ku Yuda.
11 ১১ তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
Ndipo inamukolowola maso Zedekiya, ndi kumumanga ndi maunyolo a mkuwa nʼkupita naye ku Babuloni kumene inakamuyika mʼndende kuti akhalemo moyo wake wonse.
12 ১২ পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
Mwezi wachisanu, pa tsiku lakhumi, chaka cha 19 cha ulamuliro wa Nebukadinezara mfumu ya ku Babuloni, Nebuzaradani mtsogoleri wa ankhondo a mfumu, amene amatumikira mfumu ya ku Babuloni, anabwera ku Yerusalemu.
13 ১৩ যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
Ndipo anatentha Nyumba ya Yehova, nyumba ya mfumu ndi nyumba zonse za mu Yerusalemu. Anatentha nyumba iliyonse.
14 ১৪ আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
Tsono gulu lonse lankhondo la Ababuloni limene linali ndi mtsogoleri wa ankhondo a mfumu uja linagwetsa malinga onse ozungulira Yerusalemu.
15 ১৫ আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
Nebuzaradani mtsogoleri wa ankhondo anatenga anthu amene anatsala mu mzindamo, anthu aluso pamodzi ndi amene anadzipereka kale kwa mfumu ya ku Babuloni kupita nawo ku ukapolo ku Babuloni.
16 ১৬ কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
Komabe Nebuzaradani mtsogoleri wa ankhondo anasiya anthu ena onse osaukitsitsa a mʼdzikomo kuti azigwira ntchito mʼminda ya mpesa ndi minda ina.
17 ১৭ আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কলদীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
Ababuloni anaphwanya nsanamira za mkuwa, maphaka ndi chimbiya chamkuwa zimene zinali mʼNyumba ya Yehova. Anatenga mkuwa wonsewo nʼkupita nazo ku Babuloni.
18 ১৮ আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
Ankhondowo anatenganso mbiya, zochotsera phulusa, zozimitsira nyale, mbale zofukizira lubani, zikho pamodzi ndi ziwiya zina zonse za mkuwa zimene ankagwiritsira ntchito mʼNyumba ya Yehova.
19 ১৯ আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
Nebuzaradani uja anatenganso mabeseni, ziwiya zosonkhapo moto, mbale zowazira madzi, zoyikapo nyale, zipande zofukizira lubani ndi zikho ndi zina zonse zagolide ndi siliva.
20 ২০ আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
Nsanamira ziwiri zija, chimbiya, maphaka ndi ngʼombe khumi ndi ziwiri za mkuwa zochirikizira chimbiyacho zimene mfumu Solomoni anapangira Nyumba ya Yehova kulemera kwake kunali kosawerengeka.
21 ২১ আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
Nsanamira imodzi kutalika kwake kunali mamita asanu ndi atatu, akazunguliza chingwe inali mamita asanu ndi theka; mʼkati mwake munali bowo ndipo kuchindikala kwake kunali zala zinayi.
22 ২২ আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
Pamwamba pa nsanamira iliyonse panali mutu wamkuwa umene kutalika kwake kunali mamita awiri. Pozungulira pake panali ukonde ndi makangadza, zonsezo za mkuwa. Nsanamira inayo inalinso ndi makangadza ake ndipo inali yofanana ndi inzake ija.
23 ২৩ চাৰিওফালে ছয়ান্নব্বৈটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
Mʼmbali mwake munali makangadza 96; makangadza onse pamodzi analipo 100 kuzungulira ukonde onse.
24 ২৪ পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনিয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
Mtsogoleri wa ankhondo uja, anagwira Seraya mkulu wa ansembe ndi Zefaniya, wachiwiri wa mkulu wa ansembe ndi alonda atatu apachipata.
25 ২৫ আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
Mu mzindamo anagwiramo mkulu amene ankalamulira ankhondo, ndi alangizi amfumu asanu ndi awiri. Anagwiranso mlembi wa mtsogoleri wa ankhondo, amene ankalemba anthu mʼdzikomo, pamodzi ndi anthu ena 60 amene anali mu mzindamo.
26 ২৬ আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
Nebuzaradani, mtsogoleri wa ankhondoyo anawatenga onse napita nawo kwa mfumu ya ku Babuloni ku Ribula.
27 ২৭ পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল।
Ku Ribulako, mʼdziko la Hamati, mfumu ya ku Babuloniyo inalamula kuti anthuwo aphedwe. Motero anthu a ku Yuda anapita ku ukapolo, kutali ndi dziko lawo.
28 ২৮ নবূখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহুদী মানুহক দেশান্তৰ কৰি নিলে;
Chiwerengero cha anthu amene Nebukadinezara anawatenga kupita nawo ku ukapolo ndi ichi: Mʼchaka cha chisanu ndi chiwiri cha ulamuliro wake, anatenga Ayuda 3,023;
29 ২৯ নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
mʼchaka cha 18 cha ulamuliro wa Nebukadinezara, anatenga anthu 832 kuchokera mu Yerusalemu;
30 ৩০ নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
mʼchaka cha 23 cha ulamuliro wa Nebukadinezara, Nebuzaradani, mtsogoleri wa ankhondo a mfumu anagwira Ayuda 745 kupita ku ukapolo. Onse pamodzi analipo anthu 4,600.
31 ৩১ পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল-মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
Mʼchaka chimene Evili-Merodaki analowa ufumu wa Babuloni, iye anakomera mtima Yehoyakini mfumu ya ku Yuda, namutulutsa mʼndende. Izi zinachitika pa tsiku la 25 la mwezi wa khumi ndi chiwiri zitatha zaka 37 chitengedwere Yehoyakimu ku ukapolo.
32 ৩২ আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
Evili-Merodaki anakomera mtima Yehoyakini, namupatsa malo aulemu kuposa mafumu ena amene anali naye ku Babuloni.
33 ৩৩ আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
Choncho Yehoyakini analoledwa kuvula zovala zake za ku ndende ndipo tsiku ndi tsiku ankadya ndi mfumu pa moyo wake wonse.
34 ৩৪ আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।
Tsiku ndi tsiku mfumu ya ku Babuloni inkamupatsa Yehoyakini phoso lake nthawi yonse ya moyo wake, mpaka pa nthawi ya imfa yake.

< যেরেমিয়া 52 >