< যেরেমিয়া 50 >

1 যিৰিমিয়া ভাববাদীৰ দ্বাৰাই বাবিলৰ বিষয়ে আৰু বাবিলৰ লোকসকলৰ বিষয়ে যিহোৱাই কোৱা বাক্য।
הַדָּבָר אֲשֶׁר דִּבֶּר יְהוָה אֶל־בָּבֶל אֶל־אֶרֶץ כַּשְׂדִּים בְּיַד יִרְמְיָהוּ הַנָּבִֽיא׃
2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
הַגִּידוּ בַגּוֹיִם וְהַשְׁמִיעוּ וּֽשְׂאוּ־נֵס הַשְׁמִיעוּ אַל־תְּכַחֵדוּ אִמְרוּ נִלְכְּדָה בָבֶל הֹבִישׁ בֵּל חַת מְרֹדָךְ הֹבִישׁוּ עֲצַבֶּיהָ חַתּוּ גִּלּוּלֶֽיהָ׃
3 কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে; সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব তাত কোনেও বাস নকৰিব; সিহঁত পলাল মানুহ আৰু পশু সকলো গ’ল।
כִּי עָלָה עָלֶיהָ גּוֹי מִצָּפוֹן הֽוּא־יָשִׁית אֶת־אַרְצָהּ לְשַׁמָּה וְלֹֽא־יִהְיֶה יוֹשֵׁב בָּהּ מֵאָדָם וְעַד־בְּהֵמָה נָדוּ הָלָֽכוּ׃
4 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানসকল আৰু যিহূদাৰ সন্তানসকল একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
בַּיָּמִים הָהֵמָּה וּבָעֵת הַהִיא נְאֻם־יְהוָה יָבֹאוּ בְנֵֽי־יִשְׂרָאֵל הֵמָּה וּבְנֵֽי־יְהוּדָה יַחְדָּו הָלוֹךְ וּבָכוֹ יֵלֵכוּ וְאֶת־יְהוָה אֱלֹהֵיהֶם יְבַקֵּֽשׁוּ׃
5 তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
צִיּוֹן יִשְׁאָלוּ דֶּרֶךְ הֵנָּה פְנֵיהֶם בֹּאוּ וְנִלְווּ אֶל־יְהוָה בְּרִית עוֹלָם לֹא תִשָּׁכֵֽחַ׃
6 মোৰ প্ৰজাবিলাক হেৰোৱা মেৰ-ছাগ স্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শোৱা ঠাই পাহৰিলে।
צֹאן אֹֽבְדוֹת היה הָיוּ עַמִּי רֹעֵיהֶם הִתְעוּם הָרִים שובבים שֽׁוֹבְבוּם מֵהַר אֶל־גִּבְעָה הָלָכוּ שָׁכְחוּ רִבְצָֽם׃
7 তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক’লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্মনিবাস যিহোৱাৰ, সিহঁতৰ পূৰ্বপুৰুষসকলৰ বিশ্বাস ভূমি যিহোৱাৰেই বিৰুদ্ধে পাপ কৰিলে।
כָּל־מוֹצְאֵיהֶם אֲכָלוּם וְצָרֵיהֶם אָמְרוּ לֹא נֶאְשָׁם תַּחַת אֲשֶׁר חָטְאוּ לַֽיהוָה נְוֵה־צֶדֶק וּמִקְוֵה אֲבֽוֹתֵיהֶם יְהוָֽה׃
8 তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কলদীয়াহঁতৰ দেশৰ পৰা ওলাই যোৱা, আৰু জাকৰ আগে আগে যাওঁতা মতা ছাগবোৰৰ নিচিনা হোৱা।
נֻדוּ מִתּוֹךְ בָּבֶל וּמֵאֶרֶץ כַּשְׂדִּים יצאו צֵאוּ וִהְיוּ כְּעַתּוּדִים לִפְנֵי־צֹֽאן׃
9 কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোক সমূহক উচটাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব; সিহঁতৰ কাঁড়বোৰ, বিফলে উলটি নহা নিপুন বীৰৰ কাঁড়বোৰৰ নিচিনা হ’ব।
כִּי הִנֵּה אָנֹכִי מֵעִיר וּמַעֲלֶה עַל־בָּבֶל קְהַל־גּוֹיִם גְּדֹלִים מֵאֶרֶץ צָפוֹן וְעָרְכוּ לָהּ מִשָּׁם תִּלָּכֵד חִצָּיו כְּגִבּוֹר מַשְׁכִּיל לֹא יָשׁוּב רֵיקָֽם׃
10 ১০ কলদীয়া দেশ লুট দ্ৰব্য হ’ব, যিহোৱাই কৈছে, তাৰ লুটকাৰী আটাইবোৰ পৰিতৃপ্ত হ’ব।
וְהָיְתָה כַשְׂדִּים לְשָׁלָל כָּל־שֹׁלְלֶיהָ יִשְׂבָּעוּ נְאֻם־יְהוָֽה׃
11 ১১ হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোঁতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।
כִּי תשמחי תִשְׂמְחוּ כִּי תעלזי תַֽעֲלְזוּ שֹׁסֵי נַחֲלָתִי כִּי תפושי תָפוּשׁוּ כְּעֶגְלָה דָשָׁה ותצהלי וְתִצְהֲלוּ כָּאֲבִּרִֽים׃
12 ১২ এতেকে, তহঁতৰ মাৰে অত্যন্ত লাজ পাব। তহঁতৰ জননী ব্যাকুল হ’ব, দেখ, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ’ব, অৰণ্য শুকান ভূমি আৰু মৰুভূমি হ’ব।
בּוֹשָׁה אִמְּכֶם מְאֹד חָפְרָה יֽוֹלַדְתְּכֶם הִנֵּה אַחֲרִית גּוֹיִם מִדְבָּר צִיָּה וַעֲרָבָֽה׃
13 ১৩ যিহোৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতিস্থান নহ’ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ’ব; বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব।
מִקֶּצֶף יְהוָה לֹא תֵשֵׁב וְהָיְתָה שְׁמָמָה כֻּלָּהּ כֹּל עֹבֵר עַל־בָּבֶל יִשֹּׁם וְיִשְׁרֹק עַל־כָּל־מַכּוֹתֶֽיהָ׃
14 ১৪ ধনু ভিৰাওঁতা তোমালোক আটায়ে বাবিলৰ অহিতে চাৰিওফালে বেহুঁ পাতা; তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে।
עִרְכוּ עַל־בָּבֶל ׀ סָבִיב כָּל־דֹּרְכֵי קֶשֶׁת יְדוּ אֵלֶיהָ אַֽל־תַּחְמְלוּ אֶל־חֵץ כִּי לַֽיהוָה חָטָֽאָה׃
15 ১৫ চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।
הָרִיעוּ עָלֶיהָ סָבִיב נָתְנָה יָדָהּ נָֽפְלוּ אשויתיה אָשְׁיוֹתֶיהָ נֶהֶרְסוּ חֽוֹמוֹתֶיהָ כִּי נִקְמַת יְהוָה הִיא הִנָּקְמוּ בָהּ כַּאֲשֶׁר עָשְׂתָה עֲשׂוּ־לָֽהּ׃
16 ১৬ বাবিলৰ পৰা কঠীয়া সিচোঁতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোঁতাক উচ্ছন্ন কৰা; সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব, আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব।
כִּרְתוּ זוֹרֵעַ מִבָּבֶל וְתֹפֵשׂ מַגָּל בְּעֵת קָצִיר מִפְּנֵי חֶרֶב הַיּוֹנָה אִישׁ אֶל־עַמּוֹ יִפְנוּ וְאִישׁ לְאַרְצוֹ יָנֻֽסוּ׃
17 ১৭ ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদনেচৰে তাৰ হাড়বোৰ ভাঙিলে।
שֶׂה פְזוּרָה יִשְׂרָאֵל אֲרָיוֹת הִדִּיחוּ הָרִאשׁוֹן אֲכָלוֹ מֶלֶךְ אַשּׁוּר וְזֶה הָאַחֲרוֹן עִצְּמוֹ נְבוּכַדְרֶאצַּר מֶלֶךְ בָּבֶֽל׃
18 ১৮ এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই অচূৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁৰ দেশকো দণ্ড দিম।
לָכֵן כֹּֽה־אָמַר יְהוָה צְבָאוֹת אֱלֹהֵי יִשְׂרָאֵל הִנְנִי פֹקֵד אֶל־מֶלֶךְ בָּבֶל וְאֶל־אַרְצוֹ כַּאֲשֶׁר פָּקַדְתִּי אֶל־מֶלֶךְ אַשּֽׁוּר׃
19 ১৯ আৰু মই ইস্ৰায়েলক মোৰ চৰণীয়া ঠাইলৈ ওলোটাই আনিম; তাতে সি কৰ্মিল আৰু বাচানত চৰিব, ইফ্ৰয়িম পৰ্ব্বতত আৰু গিলিয়দত তাৰ প্ৰাণ তৃপ্ত হ’ব।
וְשֹׁבַבְתִּי אֶת־יִשְׂרָאֵל אֶל־נָוֵהוּ וְרָעָה הַכַּרְמֶל וְהַבָּשָׁן וּבְהַר אֶפְרַיִם וְהַגִּלְעָד תִּשְׂבַּע נַפְשֽׁוֹ׃
20 ২০ যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
בַּיָּמִים הָהֵם וּבָעֵת הַהִיא נְאֻם־יְהוָה יְבֻקַּשׁ אֶת־עֲוֺן יִשְׂרָאֵל וְאֵינֶנּוּ וְאֶת־חַטֹּאת יְהוּדָה וְלֹא תִמָּצֶאינָה כִּי אֶסְלַח לַאֲשֶׁר אַשְׁאִֽיר׃
21 ২১ তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোদ নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা।
עַל־הָאָרֶץ מְרָתַיִם עֲלֵה עָלֶיהָ וְאֶל־יוֹשְׁבֵי פְּקוֹד חֲרֹב וְהַחֲרֵם אַֽחֲרֵיהֶם נְאֻם־יְהוָה וַעֲשֵׂה כְּכֹל אֲשֶׁר צִוִּיתִֽיךָ׃
22 ২২ দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে।
קוֹל מִלְחָמָה בָּאָרֶץ וְשֶׁבֶר גָּדֽוֹל׃
23 ২৩ গোটেই পৃথিৱীৰ হাতুৰীতোঁ কগগেনে চিন্ন আৰু ভগ্ন হ’ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল।
אֵיךְ נִגְדַּע וַיִּשָּׁבֵר פַּטִּישׁ כָּל־הָאָרֶץ אֵיךְ הָיְתָה לְשַׁמָּה בָּבֶל בַּגּוֹיִֽם׃
24 ২৪ হে বাবিল মই তোমাৰ নিমিত্তে ফান্দ পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা; তুমি যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ’ল, আৰু ধৰাও পৰিলা।
יָקֹשְׁתִּי לָךְ וְגַם־נִלְכַּדְתְּ בָּבֶל וְאַתְּ לֹא יָדָעַתְּ נִמְצֵאת וְגַם־נִתְפַּשְׂתְּ כִּי בַֽיהוָה הִתְגָּרִֽית׃
25 ২৫ যিহোৱাই নিজ অস্ত্ৰৰ ভঁড়াল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে; কিয়নো কলদীয়াবিলাকৰ দেশত প্ৰভুৰ বাহিনীসকলৰ যিহোৱৰ কৰিবলৈ এটা কাৰ্য আছে।
פָּתַח יְהוָה אֶת־אוֹצָרוֹ וַיּוֹצֵא אֶת־כְּלֵי זַעְמוֹ כִּי־מְלָאכָה הִיא לַֽאדֹנָי יְהוִה צְבָאוֹת בְּאֶרֶץ כַּשְׂדִּֽים׃
26 ২৬ তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁড়ালবোৰ মেলা; শস্যৰাশিৰ নিচিনাকৈ তাক দ’ম কৰা, আৰু তাক নিঃশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা।
בֹּֽאוּ־לָהּ מִקֵּץ פִּתְחוּ מַאֲבֻסֶיהָ סָלּוּהָ כְמוֹ־עֲרֵמִים וְהַחֲרִימוּהָ אַל־תְּהִי־לָהּ שְׁאֵרִֽית׃
27 ২৭ তাৰ সকলো ভতৰাক বধ কৰা; সিহঁত বধ কৰা ঠাইলৈ নামি যাওক; হায় হায়! সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল।
חִרְבוּ כָּל־פָּרֶיהָ יֵרְדוּ לַטָּבַח הוֹי עֲלֵיהֶם כִּֽי־בָא יוֹמָם עֵת פְּקֻדָּתָֽם׃
28 ২৮ শুনা, সেইয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত; আমাৰ ঈশ্বৰ যিহোৱাই সধা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সধা প্ৰতিকাৰ সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে।
קוֹל נָסִים וּפְלֵטִים מֵאֶרֶץ בָּבֶל לְהַגִּיד בְּצִיּוֹן אֶת־נִקְמַת יְהוָה אֱלֹהֵינוּ נִקְמַת הֵיכָלֽוֹ׃
29 ২৯ তোমালোকে বাবিলৰ বিৰুদ্ধে ধনুৰ্দ্ধৰ বিলাকক, ধনু ভিৰাওঁতা আটাইকে মাতা, চাৰিওফালে তাৰ বিৰুদ্ধে ছাউনি পাতা, সিহঁতৰ কাকো সাৰি যাব নিদিবা, তাৰ কাৰ্য অনুসাৰে তাক প্ৰতিফল দিয়া, সি কৰা সকলো কাৰ্য অনুসাৰে তালৈ কৰা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে।
הַשְׁמִיעוּ אֶל־בָּבֶל ׀ רַבִּים כָּל־דֹּרְכֵי קֶשֶׁת חֲנוּ עָלֶיהָ סָבִיב אַל־יְהִי־לָהּ פְּלֵטָה שַׁלְּמוּ־לָהּ כְּפָעֳלָהּ כְּכֹל אֲשֶׁר עָשְׂתָה עֲשׂוּ־לָהּ כִּי אֶל־יְהוָה זָדָה אֶל־קְדוֹשׁ יִשְׂרָאֵֽל׃
30 ৩০ এই নিমিত্তে, যিহোৱাই কৈছে তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
לָכֵן יִפְּלוּ בַחוּרֶיהָ בִּרְחֹבֹתֶיהָ וְכָל־אַנְשֵׁי מִלְחַמְתָּהּ יִדַּמּוּ בַּיּוֹם הַהוּא נְאֻם־יְהוָֽה׃
31 ৩১ বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
הִנְנִי אֵלֶיךָ זָדוֹן נְאֻם־אֲדֹנָי יְהוִה צְבָאוֹת כִּי בָּא יוֹמְךָ עֵת פְּקַדְתִּֽיךָ׃
32 ৩২ আৰু গৰ্ব্বী জন উজুটি খাই পতিত হ’ব, কোনেও তাক নুতুলিব; আৰু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।
וְכָשַׁל זָדוֹן וְנָפַל וְאֵין לוֹ מֵקִים וְהִצַּתִּי אֵשׁ בְּעָרָיו וְאָכְלָה כָּל־סְבִיבֹתָֽיו׃
33 ৩৩ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল আৰু যিহূদাৰ সন্তান-বিলাকে একেলগে উপদ্ৰৱ পাইছে আৰু তেওঁবিলাকক বন্দী কৰি লোৱা সকলোৱে তেওঁবিলাকক দৃঢ়কৈ ধৰিছে, এৰি দিবলৈ অসন্মত।
כֹּה אָמַר יְהוָה צְבָאוֹת עֲשׁוּקִים בְּנֵי־יִשְׂרָאֵל וּבְנֵי־יְהוּדָה יַחְדָּו וְכָל־שֹֽׁבֵיהֶם הֶחֱזִיקוּ בָם מֵאֲנוּ שַׁלְּחָֽם׃
34 ৩৪ তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
גֹּאֲלָם ׀ חָזָק יְהוָה צְבָאוֹת שְׁמוֹ רִיב יָרִיב אֶת־רִיבָם לְמַעַן הִרְגִּיעַ אֶת־הָאָרֶץ וְהִרְגִּיז לְיֹשְׁבֵי בָבֶֽל׃
35 ৩৫ যিহোৱাই কৈছে, কলদীয়াবিলাকৰ আৰু বাবিল-নিবাসীবিলাকৰ ওপৰত আৰু তাৰ প্ৰধান জ্ঞানী লোকবিলাকৰ ওপৰত তৰোৱাল আছে।
חֶרֶב עַל־כַּשְׂדִּים נְאֻם־יְהוָה וְאֶל־יֹשְׁבֵי בָבֶל וְאֶל־שָׂרֶיהָ וְאֶל־חֲכָמֶֽיהָ׃
36 ৩৬ বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
חֶרֶב אֶל־הַבַּדִּים וְנֹאָלוּ חֶרֶב אֶל־גִּבּוֹרֶיהָ וָחָֽתּוּ׃
37 ৩৭ সিহঁতৰ ঘোঁৰা ৰথ, আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত তিৰোতাৰ নিচিনা হ’ব; তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ’ব।
חֶרֶב אֶל־סוּסָיו וְאֶל־רִכְבּוֹ וְאֶל־כָּל־הָעֶרֶב אֲשֶׁר בְּתוֹכָהּ וְהָיוּ לְנָשִׁים חֶרֶב אֶל־אוֹצְרֹתֶיהָ וּבֻזָּֽזוּ׃
38 ৩৮ তাৰ জল সমূহৰ ওপৰত খৰ আছে আৰু সেইবোৰ শুকাব; কিয়নো সেয়ে কটা-প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মুৰ্ত্তিত বলীয়া।
חֹרֶב אֶל־מֵימֶיהָ וְיָבֵשׁוּ כִּי אֶרֶץ פְּסִלִים הִיא וּבָאֵימִים יִתְהֹלָֽלוּ׃
39 ৩৯ এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাংকুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট পক্ষীবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব।
לָכֵן יֵשְׁבוּ צִיִּים אֶת־אִיִּים וְיָשְׁבוּ בָהּ בְּנוֹת יַֽעֲנָה וְלֹֽא־תֵשֵׁב עוֹד לָנֶצַח וְלֹא תִשְׁכּוֹן עַד־דּוֹר וָדֽוֹר׃
40 ৪০ যিহোৱাই কৈছে, ঈশ্বৰে চদোম, ঘমোৰা, আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
כְּמַהְפֵּכַת אֱלֹהִים אֶת־סְדֹם וְאֶת־עֲמֹרָה וְאֶת־שְׁכֵנֶיהָ נְאֻם־יְהוָה לֹֽא־יֵשֵׁב שָׁם אִישׁ וְלֹֽא־יָגוּר בָּהּ בֶּן־אָדָֽם׃
41 ৪১ চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে।
הִנֵּה עַם בָּא מִצָּפוֹן וְגוֹי גָּדוֹל וּמְלָכִים רַבִּים יֵעֹרוּ מִיַּרְכְּתֵי־אָֽרֶץ׃
42 ৪২ সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
קֶשֶׁת וְכִידֹן יַחֲזִיקוּ אַכְזָרִי הֵמָּה וְלֹא יְרַחֵמוּ קוֹלָם כַּיָּם יֶהֱמֶה וְעַל־סוּסִים יִרְכָּבוּ עָרוּךְ כְּאִישׁ לַמִּלְחָמָה עָלַיִךְ בַּת־בָּבֶֽל׃
43 ৪৩ বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
שָׁמַע מֶֽלֶךְ־בָּבֶל אֶת־שִׁמְעָם וְרָפוּ יָדָיו צָרָה הֶחֱזִיקַתְהוּ חִיל כַּיּוֹלֵדָֽה׃
44 ৪৪ চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
הִנֵּה כְּאַרְיֵה יַעֲלֶה מִגְּאוֹן הַיַּרְדֵּן אֶל־נְוֵה אֵיתָן כִּֽי־אַרְגִּעָה ארוצם אֲרִיצֵם מֵֽעָלֶיהָ וּמִי בָחוּר אֵלֶיהָ אֶפְקֹד כִּי מִי כָמוֹנִי וּמִי יוֹעִדֶנִּי וּמִֽי־זֶה רֹעֶה אֲשֶׁר יַעֲמֹד לְפָנָֽי׃
45 ৪৫ এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কলদীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
לָכֵן שִׁמְעוּ עֲצַת־יְהוָה אֲשֶׁר יָעַץ אֶל־בָּבֶל וּמַחְשְׁבוֹתָיו אֲשֶׁר חָשַׁב אֶל־אֶרֶץ כַּשְׂדִּים אִם־לֹא יִסְחָבוּם צְעִירֵי הַצֹּאן אִם־לֹא יַשִּׁים עֲלֵיהֶם נָוֶֽה׃
46 ৪৬ বাবিলক হাত কৰি লোৱাৰ শব্দত পৃথিৱী কঁপিছে, আৰু জাতিবিলাকৰ মাজত চিঞৰৰ শব্দ শুনি গৈছে।
מִקּוֹל נִתְפְּשָׂה בָבֶל נִרְעֲשָׁה הָאָרֶץ וּזְעָקָה בַּגּוֹיִם נִשְׁמָֽע׃

< যেরেমিয়া 50 >