< যেরেমিয়া 5 >
1 ১ “তোমালোকে যিৰূচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা, আৰু তাৰ চুকে চুকে বিচাৰা, ন্যায় কাৰ্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পোৱা, তেন্তে মই নগৰখনক ক্ষমা কৰিম।
Gån omkring på gatorna i Jerusalem, och sen till och given akt; söken på dess torg om I finnen någon, om där är någon som gör rätt och beflitar sig om sanning; då vill jag förlåta staden.
2 ২ যদিও তেওঁলোকে ‘যিহোৱাৰ জীৱনৰ শপত,’ এই বুলি ক’য়, তথাপি তেওঁলোকে মিছা শপতহে খায়।
Men säga de än: »Så sant HERREN lever», så svärja de dock falskt.
3 ৩ হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
HERRE, är det ej sanning dina ögon söka? Du slog dem, men de kände ingen sveda. Du förgjorde dem, men de ville ej taga emot tuktan. De gjorde sina pannor hårdare än sten, de ville icke omvända sig.
4 ৪ তেতিয়া মই ক’লোঁ, “স্বৰূপেই এইসকল দৰিদ্ৰ লোক। তেওঁলোক অজ্ঞানী, কাৰণ তেওঁলোকে যিহোৱাৰ পথ, আৰু নিজৰ ঈশ্বৰৰ পথ নাজানে।
Då tänkte jag: »Detta är allenast de ringa i folket; de äro dåraktiga, ty de känna icke HERRENS väg, sin Guds rätt.
5 ৫ মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে, কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।
Jag vill nu gå till de stora och tala med dem; de måste ju känna HERRENS väg, sin Guds rätt.» Men ock dessa hade alla brutit sönder oket och slitit av banden.
6 ৬ এই কাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাংকুকুৰে তেওঁলোকক বিনষ্ট কৰিব। নাহৰফুটুকী বাঘে তেওঁলোকৰ নগৰৰ ওচৰত খাপ দি থাকিব। যেয়ে নগৰৰ পৰা বাহিৰ ওলাব, তাক চিৰাচিৰ কৰা হ’ব। কাৰণ তেওঁলোকৰ অধৰ্ম অধিক আৰু তেওঁলোকৰ বিপথগমন সৰহ।
Därför bliva de slagna av lejonet från skogen och fördärvade av vargen från hedmarken; pantern lurar vid deras städer, och envar som vågar sig ut därifrån bliver ihjälriven. Ty många äro deras överträdelser och talrika deras avfällighetssynder.
7 ৭ ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তান সকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল।
Huru skulle jag då kunna förlåta dig? Dina barn hava ju övergivit mig och svurit vid gudar som icke äro gudar. Jag gav dem allt till fyllest, men de blevo mig otrogna och samlade sig i skaror till skökohuset.
8 ৮ তেওঁলোকে ৰাতিপুৱাতে উঠি, দানা খুউৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াৰ পত্নীলৈ ঢেকঢেকায়।
De likna välfödda, ystra hästar; de vrenskas var och en efter sin nästas hustru.
9 ৯ গতিকে মই জানো এই কাৰ্যবোৰৰ বাবে দণ্ড নিদিম? এইয়েই যিহোৱাৰ ঘোষণা। নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
Skulle jag icke för sådant hemsöka dem? säger HERREN. Och skulle icke min själ hämnas på ett sådant folk som detta är?
10 ১০ তোমালোকে তাইৰ দ্রাক্ষাবাৰীবোৰ পাৰ হৈ তাক নষ্ট কৰা। কিন্তু নিঃশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।
Stormen då hennes murar och för stören dem, dock utan att alldeles göra ände på henne. Riven bort hennes vinrankor, de äro ju icke HERRENS.
11 ১১ কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাসঘাতকতা কৰিলে।
Ty både Israels hus och Juda hus hava varit mycket trolösa mot mig, säger HERREN.
12 ১২ তেওঁলোকে মোক অস্বীকাৰ কৰিলে। আৰু ক’লে, ‘এওঁ আচল নহয়। আমালৈ অমঙ্গল নঘটিব, আমি তৰোৱাল কি আকাল নেদেখিম।
De hava förnekat HERREN och sagt: »Han betyder intet. Olycka skall icke komma över oss, svärd och hunger skola vi icke se.
13 ১৩ ভাববাদীসকল বায়ুস্বৰূপ হ’ল, তেওঁলোকৰ মাজত যিহোৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওঁক’।”
Men profeterna skola försvinna såsom en vind, och han som säges tala är icke i dem; dem själva skall det så gå.»
14 ১৪ এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই কৈছে, চোৱা এই কথা কোৱা বাবে, মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ, আৰু এই জাতিক খৰিস্বৰূপ কৰিম; সেয়ে তেওঁলোকক গ্ৰাস কৰিব।
Därför säger HERREN, härskarornas Gud: Eftersom I fören ett sådant tal, se, därför skall jag göra mina ord i din mun till en eld, och detta folk till ved, och elden skall förtära dem.
15 ১৫ যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম। তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা, বা তেওঁলোকৰ কথাও নুবুজা!
Se, jag skall låta komma över eder, I av Israels hus, ett folk ifrån fjärran land, säger HERREN, ett starkt folk, ett urgammalt folk, ett folk vars tungomål du icke känner, och vars tal du icke förstår.
16 ১৬ তেওঁলোকৰ টোণ মুকলি মৈদামৰ নিচিনা, আৰু তেওঁলোকৰ আটাই লোক বীৰ।
Deras koger är en öppen grav; de äro allasammans hjältar.
17 ১৭ তেওঁলোকে তোমাৰ পো-জীসকলে খাব লগীয়া শস্য আৰু আহাৰ খাব। তেওঁলোকে তোমাৰ মেৰ আৰু গৰুৰ জাকবোৰ খাব; তেওঁলোকে তোমাৰ দ্ৰাক্ষালতা আৰু ডিমৰু ফলবোৰ খাব। গড়েৰে আবৃত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, তেওঁলোকে সেইসকলক তৰোৱালেৰে গুড়ি কৰিব।
De skola förtära din skörd och ditt bröd, de skola förtära dina söner och döttrar, de skola förtära dina får och fäkreatur, de skola förtära dina vinträd och fikonträd. Dina befästa städer, som du förlitar dig på, dem skola de förstöra med svärd.
18 ১৮ যিহোৱাই এইদৰে কৈছে, কিন্তু সেই কালতো মই তোমালোকক নিঃশেষে সংহাৰ নকৰিম।
Dock vill jag på den tiden, säger HERREN, icke alldeles göra ände på eder.
19 ১৯ আৰু আমাৰ ঈশ্বৰ যিহোৱা, আমালৈ এইবোৰ কিয় কৰিলে? এইবুলি যেতিয়া তোমাৰ লোকসকলে সুধিব, তেতিয়া তুমি, যিৰিমিয়া, তেওঁলোকক ক’বা, “তোমালোকে যেতিয়া মোক ত্যাগ কৰি তোমালোকৰ নিজ দেশত বিজাতীয় দেৱতাবোৰৰ বন্দীকাম কৰোৱালা, তেনেকৈ বিদেশত বিদেশীবোৰৰো বন্দীকাম কৰিবা।
Och om I då frågen: »Varför har HERREN, vår Gud, gjort oss allt detta?», så skall du svara dem: »Såsom I haven övergivit mig och tjänat främmande gudar i edert eget land, så skolen I nu få tjäna främlingar i ett land som icke är edert.»
20 ২০ তোমালোকে যাকোবৰ বংশক এই কথা জনোৱা, আৰু যিহূদাৰ মাজত এই কথা প্ৰচাৰ কৰা,
Förkunnen detta i Jakobs hus, kungören det i Juda och sägen:
21 ২১ যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই; চকু থকাতো অন্ধ। আৰু কাণ থকাতো কলা।
Hör detta, du dåraktiga och oförståndiga folk, I som haven ögon, men icke sen, I som haven öron, men icke hören.
22 ২২ এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবা নে? মোৰেই আগত তোমালোকে কম্পিত নহ’বা নে? তোমালোকে এই কথা শুনা, যিহোৱাই কৈছে, যি জনাই চিৰস্থায়ী আদেশেৰে সাগৰৰ সীমা বালিৰে এনেকৈ স্থিৰ কৰিলে, যে, সি তাক পাৰ হব নোৱাৰে, আৰু তেওঁৰ ঢৌবোৰে আস্ফালন কৰিলেও, সেইবোৰে পৰাজয় কৰিব নোৱাৰে, আৰু গৰ্জ্জন কৰিলেও, তাক অতিক্ৰম কৰিব নোৱাৰে।
Skullen I icke frukta mig, säger HERREN, skullen I icke bäva för mig, for mig som har satt stranden till en damm for havet, till en evärdlig gräns, som det icke kan överskrida, så att dess böljor, huru de än svalla, ändå intet förmå, och huru de än brusa, likväl icke kunna överskrida den?
23 ২৩ কিন্তু এই জাতি অতিশয় আঁকোৰগোজ আৰু বিদ্ৰোহীমনা, তেওঁলোকে বিদ্ৰোহ কৰি অবাটে গ’ল।
Men detta folk har ett gensträvigt och upproriskt hjärta; de hava avfallit och gått sin väg.
24 ২৪ কাৰণ তেওঁলোকে এইবুলি নকয়, “আহাঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাক আমি ভয় কৰোঁহক, যি জনাই বতৰত আগতীয়া আৰু শেষতীয়া এই দুয়ো বৰষুন দিয়ে, যি জনাই শস্য দোৱা নিৰূপিত সপ্তাহ কেইটা আমাৰ নিমিত্তে ৰক্ষা কৰে,” এইবুলি তেওঁলোকৰ মনত তেওঁলোকে নকয়।
De sade icke i sina hjärtan: »Låtom oss frukta HERREN, vår Gud, honom som giver regn i rätt tid, både höst och vår, och som ständigt beskär oss de bestämda skördeveckorna.»
25 ২৫ তোমালোকৰ অপৰাধে এইবোৰ ঘটালে। আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মঙ্গল আটক কৰিলে।
Edra missgärningar hava nu fört dessa i olag, och edra synder hava förhållit för eder detta goda.
26 ২৬ কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে, তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।
Ty bland mitt folk finnas ogudaktiga människor: de ligga i försåt, likasom fågelfängaren ligger på lur, de sätta ut giller till att fånga människor.
27 ২৭ সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ ছলেৰে পৰিপূৰ্ণ। এই কাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ’ল।
Såsom när en bur är full av fåglar, så äro deras hus fulla av svek. Därigenom hava de blivit så stora och rika; de hava blivit feta och skinande.
28 ২৮ তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিকচিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।
För sina ogärningar veta de icke av någon gräns, de hålla icke rätten vid makt, icke den faderlöses rätt, till att främja den; och i den fattiges sak fälla de icke rätt dom.
29 ২৯ যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম? মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
Skulle jag icke för sådant hemsöka dem? säger HERREN. Skulle icke min själ hämnas på ett sådant folk som detta är?
30 ৩০ দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি উঠা ঘটনাবোৰ ঘটিছে।
Förfärliga och gruvliga ting ske i landet.
31 ৩১ ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
Profeterna profetera lögn, och prästerna styra efter deras råd; och mitt folk vill så hava det. Men vad skolen I göra, när änden på detta kommer?