< যেরেমিয়া 49 >
1 ১ অম্মোনৰ সন্তানসকলৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমৰ মূর্তিৰ পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
Um Ammons-sønerne. So segjer Herren: Eig Israel ingi søner, eller hev han ingen erving? Kvi hev Malkam ervt Gad og hans folk sett seg ned i byarne hans?
2 ২ এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।
Difor, sjå, dei dagar skal koma, segjer Herren, då eg let herrop høyrast til Rabba hjå Ammons-sønerne, og det skal verta til aude steinrøysar, og døtterne skal verta brende upp med eld, og då skal Israel erva sine ervingar, segjer Herren.
3 ৩ হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
Øya deg, Hesbon! For Aj er i øyde lagt; ropa, de Rabba-døtter! Sveip dykk i sekk, barma dykk, og renn att og fram millom kvierne! for Malkam lyt fara i utlægd, prestarne hans og hovdingarne i lag med kvarandre.
4 ৪ মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা?
Kvi gildar du deg av dalarne, av din grøderike dal, du fråfalne dotter, som lit på skattarne dine og segjer: «Kven kann nå meg?»
5 ৫ বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব।
Sjå, eg let fælske nå deg, segjer Herren, Herren, allhers drott, frå alle stader rundt ikring deg. Og de skal verta drivne burt, kvar til sin kant, og ingen skal samla i hop deim som flyr.
6 ৬ কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
Men sidan vil eg gjera ende på utlægdi åt Ammons-sønerne, segjer Herren.
7 ৭ ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
Um Edom. So segjer Herren, allhers drott: Bid det ikkje visdom lenger i Teman? Tryt det på råder for dei vituge? Er visdomen deira spillt?
8 ৮ হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
Fly, snu dykk, gøym dykk djupt nede, de som bur i Dedan! For Esaus ulukka let eg koma yver honom den tid eg heimsøkjer honom.
9 ৯ তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে?
Um druvehentarar kjem yver deg, so leiver dei ikkje noko til attpåhenting. Um tjuvar kjem med natti, vil dei tyna til dei hev fengje sitt nøgje.
10 ১০ কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।
For eg vil sjølv draga hamen av Esau, eg legg gøymslorne hans i berrsyni, so han ikkje kann løyna seg. Avkjømet hans og brørne hans og grannarne hans vert tynte, og det er ute med honom.
11 ১১ তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক।
Bry deg ikkje um dine faderlause! eg vil halda liv i deim, og enkjorne dine kann lita på meg.
12 ১২ কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।
For so segjer Herren: Sjå, dei som med rette ikkje skulde ha drukke or staupet, dei lyt drikka, og so skulde du sleppa urefst! Du skal ikkje sleppa urefst, men drikka skal du.
13 ১৩ কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।
For eg hev svore ved meg sjølv, segjer Herren, at Bosra skal verta til ei fælska, til ei hæding, til ei audn og til ei våbøn, og alle byarne som høyrer til, skal æveleg liggja i røysar.
14 ১৪ মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”।
Ei tidend hev eg høyrt frå Herren, og ein bodberar er send millom folkeslagi: «Sanka dykk og far imot honom, bu dykk til bardage!»
15 ১৫ কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ।
For sjå, eg gjer deg liten millom folki, svivyrd millom menner.
16 ১৬ হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।
Rædsla kome yver deg! Ditt hjartans ovmod hev dåra deg, du som bur i bergklypor, som klengjer deg fast til fjelltinden. Um du bygde reiret ditt so høgt som ørnen, so skulde eg støypa deg ned derifrå, segjer Herren.
17 ১৭ ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব।
Og Edom skal verta til ei skræma; alle som fer der framum, skal ræddast og spotta yver alle plågorne hans.
18 ১৮ যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
Liksom då Sodoma og Gomorra med grannebyar vart lagde i øyde, segjer Herren, so skal ingen mann bu der, og ikkje noko mannsbarn halda til der.
19 ১৯ চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
Sjå, det kjem ein upp stigande, som løva ut or tjukkskogen attmed Jordan, og inn på den sigrøne eng; for i ein augneblink vil eg jaga det burt derifrå, og den som er utvald, vil eg setja yver det. For kven er min like, og kven vil stemna meg? Og kven er den hyrdingen som stend seg for meg?
20 ২০ এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
Difor, høyr den rådgjerdi Herren hev teke um Edom, og dei tankarne han hev tenkt um Teman-buarne: Sanneleg, dei skal dragsa deim burt, dei små lambi, sanneleg, hagelendet deira skal taka fæla av deim.
21 ২১ সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে।
Av dynen av deira fall bivrar jordi, naudropet - omen av det høyrer ein radt til Raudehavet.
22 ২২ চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।
Sjå, ein lik ein ørn stig upp og flyg fram og breider ut vengjerne sine yver Bosra. Og hjarta til Edom-kjemporne vert den dagen som hjarta til kvinna i barnsnaud.
23 ২৩ দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
Um Damaskus. Hamat og Arpad er skjemde, for dei hev spurt ei låk tidend, dei er reint vitskræmde; i havet er uro, det kann ikkje vera stilt.
24 ২৪ দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।
Damaskus er hugfalle, det snur seg og flyr, otte hev gripe det; angest og rider hev gripe det liksom kvinna med fødeflagor.
25 ২৫ প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল?
Kvi fekk han ikkje vera, byen den namnfræge, fagnad-byen min?
26 ২৬ এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
Difor skal hans sveinar falla på gatorne hans og alle hermennerne verta tynte den dagen, segjer Herren, allhers drott.
27 ২৭ আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।
Og eg vil kveikja eld i Damaskus-murarne, og han skal øyda Benhadad-slotti.
28 ২৮ বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।
Um Kedar og Hasor-riki, som Nebukadressar, Babel-kongen, vann. So segjer Herren: Statt upp, far mot Kedar og tyn Austheims-sønerne!
29 ২৯ শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।
Tjeldi deira og sauerne deira skal dei taka, tjelddukarne deira og all bunaden deira og kamelarne deira skal dei føra burt med seg, og dei skal ropa til dei: «Rædsla rundt ikring!»
30 ৩০ যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে।
«Fly, røm undan mest de vinn, gøym dykk djupt nede, de Hasor-buar, segjer Herren; for Nebukadressar, Babel-kongen, hev teke ei rådgjerd mot dykk og tenkt ut løynråd imot dykk.
31 ৩১ যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা।
Statt upp, far upp imot eit fredleg folk som bur trygt, segjer Herren; portar og bommar vantar dei, for seg sjølve bur dei.
32 ৩২ সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
Og kamelarne deira skal verta til ran, og dei store bølingarne deira til herfang; og eg vil spreida deim for alle vindar, mennerne med rundklypt hår; og frå alle leider let eg ulukka koma yver deim, segjer Herren.
33 ৩৩ হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
Og Hasor skal verta til sjakal-bøle, ei audn um alder og æva; ingen mann skal bu der, og inkje mannsbarn skal halda til der.»
34 ৩৪ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
Herrens ord som kom til profeten Jeremia um Elam i den fyrste tidi Sidkia, Juda-kongen, styrde; han sagde:
35 ৩৫ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম।
So segjer Herren, allhers drott: Sjå, eg bryt sund for Elam hans boge, den likaste magti deira.
36 ৩৬ আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব।
Og eg sender mot Elam fire vindar frå dei fire himmelætterne og spreider deim for alle desse vindarne. Og det skal ikkje finnast det folket som ikkje burtdrivne frå Elam skal koma til.
37 ৩৭ আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।
Og eg vil gjera Elam forfærd for uvenerne sine og for deim som ligg deim etter livet, og eg vil lata ulukka koma yver deim, min brennande harm, segjer Herren, og eg vil senda sverd etter deim, til eg fær gjort ende på deim.
38 ৩৮ যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।
Og eg vil setja kongsstolen min i Elam, og eg vil tyna der både konge og hovdingar, segjer Herren.
39 ৩৯ কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
Men når tider er lidne, vil eg gjera ende på Elams utlægd, segjer Herren.