< যেরেমিয়া 49 >

1 অম্মোনৰ সন্তানসকলৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমৰ মূর্তিৰ পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
Om Ammoniterne. Saa siger HERREN: Har Israel ingen Sønner, eller har det ingen Arving? Hvorfor har Milkom taget Gad i Eje og hans Folk bosat sig i dets Byer?
2 এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।
Se, derfor skal Dage komme, lyder det fra HERREN, da jeg lader Krigsskrig lyde mod Rabba i Ammon, og det skal blive en Grusdynge, og dets Døtre skal gaa op i Luer. Da arver Israel sine Arvinger, siger HERREN.
3 হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
Klag, Hesjbon, thi Aj er ødelagt; skrig, I Rabbas Døtre, klæd jer i Sæk og klag, gaa rundt i Foldene! Thi Milkom vandrer i Landflygtighed, hans Præster og Fyrster til Hobe.
4 মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা?
Hvorfor gør du dig til af dine Dale, du frafaldne Datter, som stoler paa dine Skatte og siger: »Hvem kan komme til mig?«
5 বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব।
Se, jeg lader Rædsel komme over dig fra alle Kanter, lyder det fra Hærskarers HERRE. I skal drives bort i hver sin Retning, og ingen samler de flygtende.
6 কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
Men siden vender jeg Ammoniternes Skæbne, lyder det fra HERREN.
7 ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
Om Edom. Saa siger Hærskarers HERRE: Er der ikke mer Visdom i Teman, svigter de kloges Raad, er deres Visdom raadden?
8 হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
Fly, søg Ly i det dybe, I, som bor i Dedan! Thi Esaus Ulykke sender jeg over ham, Straffens Tid.
9 তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে?
Gæstes du af Vinhøstmænd, levner de ej Efterslæt, af Tyve om Natten, ødelægger de, hvad de lyster.
10 ১০ কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।
Thi selv blotter jeg Esau, hans Skjulesteder røber jeg; at gemme sig evner han ikke. Han er ødelagt ved Brødres og Naboers Arm, han er borte.
11 ১১ তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক।
Lad mig om dine faderløse, jeg holder dem i Live, dine Enker kan stole paa mig.
12 ১২ কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।
Thi saa siger HERREN: Se, de, hvem det ikke tilkom at tømme Bægeret, maa tømme det, og du skulde gaa fri? Du gaar ikke fri, men kommer til at tømme det.
13 ১৩ কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।
Thi jeg sværger ved mig selv, lyder det fra HERREN: til Rædsel og Spot, til Ørk og til et Forbandelsens Tegn skal Bozra blive, og alle dets Byer skal blive til evige Tomter.
14 ১৪ মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”।
Fra HERREN har jeg hørt en Tidende: Et Bud skal sendes ud blandt Folkene: Samler eder! Drag ud imod det og rejs jer til Strid!
15 ১৫ কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ।
Se, ringe har jeg gjort dig iblandt Folkene, foragtet blandt Mennesker.
16 ১৬ হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।
Rædsel over dig! Dit Hjertes Overmod bedrog dig. Du, som bor i Klippekløft og klynger dig til Fjeldtop: Bygger du Rede højt som Ørnen, jeg styrter dig ned, saa lyder det fra HERREN.
17 ১৭ ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব।
Edom skal blive til Rædsel; alle, der kommer forbi, skal slaas af Rædsel og spotte over alle dets Saar.
18 ১৮ যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
Som det gik, da Sodoma og Gomorra og Nabobyerne omstyrtedes, siger HERREN, skal intet Menneske bo der, intet Menneskebarn dvæle der.
19 ১৯ চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
Som en Løve, der fra Jordans Stolthed skrider op til den stedsegrønne Græsgang, saaledes vil jeg i et Nu drive dem bort derfra. Thi hvem er den udvalgte, jeg vil sætte over dem? Thi hvem er min Lige, og hvem kræver mig til Regnskab? Hvem er den Hyrde, der staar sig mod mig?
20 ২০ এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
Hør derfor det Raad, HERREN har for mod Edom, og de Tanker, han har mod Temans Indbyggere: Visselig skal Hjordens ringeste slæbes bort, visselig skal deres Græsgang forfærdes over dem.
21 ২১ সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে।
Ved Braget af deres Fald skal Jorden skælve; Skriget kan høres til det røde Hav.
22 ২২ চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।
Se, som en Ørn med udbredte Vinger svæver han over Bozra; og Edoms Heltes Hjerte bliver paa hin Dag som en nødstedt Kvindes Hjerte.
23 ২৩ দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
Om Damaskus. Til Skamme er Hamat og Arpad, thi de hører ond Tidende; de er ude af sig selv, i Uro som Havet, der ikke kan falde til Ro.
24 ২৪ দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।
Damaskus er modfaldent, vender sig til Flugt, Angst falder over det, Vaande og Veer griber det som en fødende Kvinde.
25 ২৫ প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল?
Ve det! Forladt er den lovpriste By, Glædens Stad.
26 ২৬ এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
Derfor falder dets Ynglinge paa dets Torve, alle Krigsfolkene omkommer paa hin Dag, lyder det fra Hærskarers HERRE.
27 ২৭ আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।
Jeg sætter Ild paa Damaskus's Mur, og den skal fortære Benhadads Borge.
28 ২৮ বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।
Om Kedar og Hazors Riger, som Kong Nebukadrezar af Babel slog. Saa siger HERREN: Kom og drag op mod Kedar, ødelæg Østens Sønner!
29 ২৯ শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।
Man skal tage deres Telte og Hjorde, deres Telttæpper, alle deres Kar, bortføre Kamelerne fra dem og raabe til dem: »Trindt om er Rædsel!«
30 ৩০ যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে।
Fly i Hast, søg Ly i det dybe, Hazors Borgere, lyder det fra HERREN. Thi Kong Nebukadrezar af Babel har oplagt et Raad imod eder og undfanget en Tanke imod eder.
31 ৩১ যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা।
Kom, drag op mod et roligt Folk, der bor i Tryghed, lyder det fra HERREN, uden Porte og Slaaer; de bor for sig selv.
32 ৩২ সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
Deres Kameler gøres til Bytte, deres mange Hjorde til Rov. Jeg spreder dem, der har rundklippet Haar, for alle Vinde, og fra alle Kanter bringer jeg Undergang over dem, lyder det fra HERREN.
33 ৩৩ হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
Hazor bliver Sjakalers Bo, en Ørken til evig Tid; der skal ej bo et Menneske, ej dvæle et Menneskebarn.
34 ৩৪ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
HERRENS Ord, som kom til Profeten Jeremias om Elam i Kong Zedekias af Judas første Regeringstid:
35 ৩৫ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম।
Saa siger Hærskarers HERRE: Jeg knækker Elams Bue, det ypperste af deres Kraft;
36 ৩৬ আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব।
og jeg bringer over Elam de fire Vinde fra de fire Verdenshjørner og spreder dem for alle disse Vinde; der skal ikke være et Folk, som de bortdrevne Elamiter ikke kommer hen til.
37 ৩৭ আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।
Jeg knuser dem foran deres Fjender og dem, der staar dem efter Livet, og jeg sender Ulykke over dem, min glødende Vrede, lyder det fra HERREN. Jeg sender Sværdet efter dem, til jeg faar dem udslettet.
38 ৩৮ যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।
Jeg rejser min Trone i Elam og tilintetgør der baade Konge og Fyrster, lyder det fra HERREN.
39 ৩৯ কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
Men i de sidste Dage vender jeg Elams Skæbne, lyder det fra HERREN.

< যেরেমিয়া 49 >