< যেরেমিয়া 48 >
1 ১ মোৱাবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “হায় হায় নবো! কিয়নো সেয়ে উচ্ছন্ন হ’ল; কিৰিয়াথয়িমে লাজ পালে, ধৰা পৰিল; মিচগবে লাজ পালে আৰু ব্যাকুল হ’ল।
Nípa Moabu. Báyìí ni Olúwa àwọn ọmọ-ogun, Ọlọ́run Israẹli wí: “Ègbé ni fún Nebo nítorí a ó parun. A dójútì Kiriataimu, a sì mú un, ojú yóò ti alágbára, a ó sì fọ́nká.
2 ২ মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’
Moabu kò ní ní ìyìn mọ́, ní Heṣboni ni wọn ó pète ìparun rẹ̀, ‘Wá, kí a pa orílẹ̀-èdè náà run.’ Àti ẹ̀yin òmùgọ̀ ọkùnrin pàápàá ni a ó pa lẹ́nu mọ́, a ó fi idà lé e yín.
3 ৩ শুনা হোৰোণয়িমত চিঞৰ-বাখৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে।
Gbọ́ igbe ní Horonaimu, igbe ìrora àti ìparun ńlá.
4 ৪ মোৱাব নষ্ট হ’ল। তাৰ সন্তান সকলে চিঞৰৰ শব্দ শুনাইছে।
Moabu yóò di wíwó palẹ̀; àwọn ọmọdé rẹ̀ yóò kígbe síta.
5 ৫ কিয়নো লুহীতলৈ উঠি যোৱা বাটেদি তেওঁলোকে ক্ৰন্দনেৰে উঠি যাব, কাৰণ হোৰোণয়িমলৈ নামি যোৱা বাটত সংহাৰৰ দুখৰ চিঞঁৰ শুনা গৈছে।
Wọ́n gòkè lọ sí Luhiti, wọ́n ń sọkún kíkorò bí wọ́n ti ń lọ; ní ojú ọ̀nà sí Horonaimu igbe ìrora ìparun ni à ń gbọ́ lọ.
6 ৬ তোমালোকে পলোৱা! নিজ নিজ প্ৰাণ ৰক্ষা কৰা, অৰণ্যত থকা ঝাও গছৰ নিচিনা হোৱা।
Sá! Àsálà fún ẹ̀mí yín; kí ẹ sì dàbí aláìní ní aginjù.
7 ৭ কিয়নো তুমি তোমাৰ কাৰ্যত আৰু তোমাৰ বহুমূল্য বস্তুত নির্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা। আৰু তেতিয়া কমোচ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী-অৱস্থালৈ একেলগে ওলাই যাব।
Níwọ́n ìgbà tí o gbẹ́kẹ̀lé agbára àti ọrọ̀ rẹ, a ó kó ìwọ náà ní ìgbèkùn, Kemoṣi náà yóò lọ sí ilẹ̀ ìgbèkùn pẹ̀lú àlùfáà àti àwọn aláṣẹ rẹ̀.
8 ৮ প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব; যিহোৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ’ব, সমতলো বিনষ্ট হ’ব।
Gbogbo ìlú rẹ ni apanirun yóò dojúkọ, ìlú kan kò sì ní le là. Àfonífojì yóò di ahoro àti ilẹ̀ títẹ́ ni a ó run, nítorí tí Olúwa ti sọ̀rọ̀.
9 ৯ তোমালোকে মোৱাবক আপোন বাটে উড়ি যাবৰ বাবে ডেউকা দিয়া। তাৰ নগৰবোৰ ধ্বংস কৰা হ’ব, তাত বাস কৰোঁতা কোনো নহ’ব।
Fi iyọ̀ sí Moabu, nítorí yóò ṣègbé, àwọn ìlú rẹ yóò sì di ahoro láìsí ẹni tí yóò gbé inú rẹ̀.
10 ১০ যি জনে যিহোৱাৰ কাৰ্য এলাহেৰে কৰে, তেওঁ শাপগ্ৰস্ত হওঁক আৰু যি জনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোঁচাই ৰাখে তেওঁ শাপগ্ৰস্থ হওঁক।
“Ìfibú ni fún ẹni tí ó fi ìmẹ́lẹ́ ṣe iṣẹ́ Olúwa, ìfibú ni fún ẹni tí ó pa idà mọ́ fún ìtàjẹ̀ sílẹ̀.
11 ১১ মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।
“Moabu ti wà ní ìsinmi láti ìgbà èwe rẹ̀ wá bí i ọtí wáìnì lórí gẹ̀dẹ̀gẹ́dẹ̀ rẹ̀, tí a kò dà láti ìgò kan sí èkejì kò tí ì lọ sí ilẹ̀ ìgbèkùn rí. Ó dùn lẹ́nu bí ó ti yẹ, òórùn rẹ̀ kò yí padà.
12 ১২ এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।
Ṣùgbọ́n ọjọ́ ń bọ̀,” ni Olúwa wí, “nígbà tí n ó rán àwọn tí ó n da ọtí láti inú àwọn ìgò tí wọ́n ó sì dà á síta; wọn ó sọ àwọn ìgò rẹ̀ di òfo, wọn ó sì fọ́ àwọn ife rẹ̀.
13 ১৩ ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।
Nígbà náà Moabu yóò sì tú u nítorí Kemoṣi, bí ojú ti í ti ilé Israẹli nígbà tí ó gbẹ́kẹ̀lé Beteli.
14 ১৪ ‘আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ, বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?
“Báwo ni o ṣe lè sọ pé, ‘Ajagun ni wá, alágbára ní ogun jíjà’?
15 ১৫ মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ’ল, বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।
A ó pa Moabu run, a ó sì gba àwọn ìlú rẹ̀; a ó sì dúńbú àwọn arẹwà ọkùnrin rẹ̀,” ni ọba wí, ẹni tí orúkọ rẹ̀ ń jẹ́ Olúwa àwọn ọmọ-ogun.
16 ১৬ মোৱাবৰ আপদ ওচৰ পালেহি আৰু তাৰ অমঙ্গল অতিশয় বেগেৰে আহিছে।
“Ìṣubú Moabu súnmọ́; ìpọ́njú yóò dé kánkán.
17 ১৭ মোৱাবৰ চাৰিওফালে থকা তাৰ নাম জনা তোমালোক সকলোৱে তাৰ নিমিত্তে বিলাপ কৰি কোৱা, এই শকত লাখুটি আৰু সুন্দৰ দণ্ডডালি কেনেৰূপে ভাগিল!
Ẹ dárò fún, gbogbo ẹ̀yin tí ó yí i ká gbogbo ẹ̀yin tí ẹ mọ bí ó ti ní òkìkí tó. Ẹ sọ pé, ‘Báwo ni ọ̀pá agbára rẹ títóbi tí ó sì lógo ṣe fọ́!’
18 ১৮ হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা; কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।
“Sọ̀kalẹ̀ níbi ògo rẹ, kí o sì jókòó ní ilẹ̀ gbígbẹ, ẹ̀yin olùgbé ọmọbìnrin Diboni, nítorí tí ẹni tí ó pa Moabu run yóò dojúkọ ọ́ yóò sì pa àwọn ìlú olódi rẹ run.
19 ১৯ হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা। পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ’ল বুলি সোধা।
Dúró lẹ́bàá ọ̀nà kí o sì wòran, ìwọ tí ń gbé ní Aroeri. Bí ọkùnrin tí ó sálọ àti obìnrin tí ó ń sá àsálà ‘Kí ni ohun tí ó ṣẹlẹ̀?’
20 ২০ মোৱাবে লাজ পালে, কিয়নো সেই নগৰ ভগ্ন হ’ল; তোমালোকে হাহাকাৰ কৰা আৰু চিঞৰি কান্দা; মোৱাব যে উচ্ছন্ন হ’ল, তাক অৰ্ণোনত প্ৰচাৰ কৰা।
Ojú ti Moabu nítorí tí a wó o lulẹ̀. Ẹ hu, kí ẹ sì kígbe! Ẹ kéde rẹ̀ ní Arnoni pé, a pa Moabu run.
21 ২১ আৰু শাস্তি আহিল সমথলৰ দেশলৈ, হোলোন, যহচা, মেফাৎ,
Ìdájọ́ ti dé sí àwọn òkè pẹrẹsẹ, sórí Holoni, Jahisa àti Mefaati,
22 ২২ দীবোন, নবো, বৈৎ-দিব্লাথয়িম,
sórí Diboni, Nebo àti Beti-Diblataimu,
23 ২৩ কিৰিয়াথয়িম, বৈৎ-গামূল, বৈৎ-মিয়োন,
sórí Kiriataimu, Beti-Gamu àti Beti-Meoni,
24 ২৪ কৰিয়োৎ আৰু বস্ৰা দূৰত কি ওচৰত থকা মোৱাবদেশীয় সকলো নগৰৰ ওপৰলৈ দণ্ড আহিল।
sórí Kerioti àti Bosra, sórí gbogbo ìlú Moabu, nítòsí àti ní ọ̀nà jíjìn.
25 ২৫ যিহোৱাই কৈছে, মোৱাবৰ শিংটি কটা হ’ল আৰু বাহু ভঙা হ’ল।
A gé ìwo Moabu kúrò, apá rẹ̀ dá,” ni Olúwa wí.
26 ২৬ তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে আৰু মোৱাবে নিজ বঁতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰূপৰ বিষয়ো হ’ব।
“Ẹ jẹ́ kí a mú u mutí nítorí ó kó ìdọ̀tí bá Olúwa, jẹ́ kí Moabu lúwẹ̀ẹ́ nínú èébì rẹ̀, kí ó di ẹni ẹ̀gàn.
27 ২৭ কিয়নো ইস্ৰায়েল জানো তোমাৰ আগত বিদ্ৰূপৰ বিষয় নাছিল? তাক জানো চোৰৰ মাজত পোৱা নগৈছিল? কাৰণ তুমি যিমানবাৰ তাৰ বিষয়ে কোৱা, সিমানবাৰ তুমি তোমাৰ মূৰ জোকাৰা।
Ǹjẹ́ Israẹli kò di ẹni ẹ̀gàn rẹ? Ǹjẹ́ a kó o pẹ̀lú àwọn olè tó bẹ́ẹ̀ tí o ń gbọn orí rẹ̀ pẹ̀lú yẹ̀yẹ́ nígbàkígbà bí a bá sọ̀rọ̀ nípa rẹ̀?
28 ২৮ হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা আৰু গাতৰ মুখৰ কিনাৰত বাহ সজা কপৌটিৰ দৰে হোৱা।
Kúrò ní àwọn ìlú rẹ, kí o sì máa gbé láàrín àwọn òkúta, ẹ̀yin tí ó ti ń gbé inú ìlú Moabu. Ẹ dàbí i àdàbà tí ó kọ́ ìtẹ́ rẹ̀ sí ẹnu ihò.
29 ২৯ আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী; তাৰ অভিমান, অহংকাৰ, দৰ্প আৰু মনৰ গৰ্ব্বৰ কথা আমি শুনিলোঁ।
“A ti gbọ́ nípa ìgbéraga Moabu: àti ìwà mo gbọ́n tan rẹ̀ àti ìgbéraga ọkàn rẹ̀.
30 ৩০ যিহোৱাই কৈছে, “মই জানো; তাৰ ক্ৰোধ মিছা, তাৰ বৰ বৰ কথা নিস্ফল।
Mo mọ àfojúdi rẹ̀, ṣùgbọ́n òfo ni,” ni Olúwa wí, “ìfọ́nnu rẹ̀ kò lè ṣe nǹkan kan.
31 ৩১ এই কাৰণে মই মোৱাবৰ বিষয়ে হাহাকাৰ কৰিম, এনেকি, গোটেই মোৱাবৰ বাবে চিঞৰি কান্দিম; কীৰ-হেৰচৰ লোকসকলৰ বিষয়ে বিলাপ কৰা যাব।
Nítorí náà, mo pohùnréré ẹkún lórí Moabu fún àwọn ará Moabu ni mo kígbe lóhùn rara, mo kẹ́dùn fún àwọn ọkùnrin Kiri-Hareseti.
32 ৩২ হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল সেয়ে যাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল; তোমাৰ ঘামকালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দ্ৰাক্ষা গুটিৰ বাবে বিনাশক আহিল।
Mo sọkún fún ọ bí Jaseri ṣe sọkún ìwọ àjàrà Sibma. Ẹ̀ka rẹ tẹ̀ títí dé Òkun, wọn dé Òkun Jaseri. Ajẹnirun ti kọlu èso rẹ, ìkórè èso àjàrà rẹ.
33 ৩৩ মোৱাব দেশৰ ফলৱতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ’ল, আৰু “মই দ্ৰাক্ষাকুণ্ডত দ্ৰাক্ষাৰস নাইকিয়া কৰিলোঁ; কোনেও আনন্দৰ ধ্বনিৰে নগচকিব; সেই ধ্বনি আনন্দৰ ধ্বনি নহ’ব।
Ayọ̀ àti ìdùnnú ti kúrò nínú ọgbà àjàrà àti oko Moabu. Mo dá ọwọ́ ṣíṣàn ọtí wáìnì dúró lọ́dọ̀ olùfúntí; kò sí ẹni tí ó ń tẹ̀ wọ́n pẹ̀lú igbe ayọ̀. Bí ó tilẹ̀ jẹ́ pé igbe wà, wọn kì í ṣe igbe ti ayọ̀.
34 ৩৪ হিচবোনত এনে চিঞঁৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়ালিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জল সমূহো মৰুভূমি হ’ব।
“Ohùn igbe wọn gòkè láti Heṣboni dé Eleale àti Jahasi, láti Soari títí dé Horonaimu àti Eglati-Ṣeliṣi, nítorí àwọn omi Nimrimu pẹ̀lú yóò gbẹ.
35 ৩৫ ইয়াত বাজে, উচ্ছস্থানত উৎসৰ্গ কৰোঁতা, আৰু নিজ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাওঁতা লোক মোৱাবত নাইকিয়া কৰিম।” ইয়াকে যিহোৱাই কৈছে।”
Ní ti Moabu ni èmi yóò ti fi òpin sí ẹni tí ó rú ẹbọ ní ibí gíga àti ẹni tí ń sun tùràrí fún òrìṣà rẹ̀,” ni Olúwa wí.
36 ৩৬ এই কাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ-হেৰচৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে; কাৰণ সি অৰ্জ্জা অধিক বস্তু নষ্ট হ’ল।
“Nítorí náà ọkàn mi ró fún Moabu bí fèrè, ọkàn mi ró bí fèrè fún àwọn ọkùnrin Kiri-Hareseti. Nítorí ìṣúra tí ó kójọ ṣègbé.
37 ৩৭ কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ’ল আৰু প্ৰত্যেকৰ ডাঢ়ি কটা হ’ল, সকলোৰে হাতত কাটকূট আৰু কঁকালত চট আছে।
Gbogbo orí ni yóò pá, gbogbo irùngbọ̀n ni a ó gé kúrò, gbogbo ọwọ́ ni a sá lọ́gbẹ́, àti aṣọ ọ̀fọ̀ ní gbogbo ẹ̀gbẹ́.
38 ৩৮ মোৱাবৰ সকলো ঘৰৰ চালত, আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে; কিয়নো যিহোৱাই কৈছে ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ।
Ẹkún ńlá ní yóò wà lórí gbogbo òrùlé Moabu, àti ní ìta rẹ̀, nítorí èmi ti fọ́ Moabu bí a ti ń fọ́ ohun èlò tí kò wu ni,” ni Olúwa wí.
39 ৩৯ “সি কেনে ভগ্ন হ’ল! তেওঁলোকে কেনে হাহাকাৰ কৰিছে! মোৱাবে লাজতে কেনেৰূপে মুখ ঘূৰালে! এইদৰে মোৱাব নিজৰ চাৰিওফালে থকা সকলোৰে আগত বিদ্ৰূপৰ আৰু ত্ৰাসৰ বিষয় হ’ব।”
“Èéṣe tí ẹ fi fọ́ túútúú, tí ẹ sì fi ń pohùnréré ẹkún! Báwo ni Moabu ṣe yí ẹ̀yìn padà ní ìtìjú! Moabu ti di ẹni ìtìjú àti ẹ̀gàn àti ìdààmú sí gbogbo àwọn tí ó yìí ká.”
40 ৪০ কিয়নো যিহোৱাই এইদৰে কৈছে, “চোৱা, তেওঁ কুৰৰ পখীৰ দৰে উড়ি আহি, মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব।
Báyìí ni Olúwa wí: “Wò ó ẹyẹ idì náà ń fò bọ̀ nílẹ̀ ó sì na ìyẹ́ rẹ̀ lórí Moabu.
41 ৪১ কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।
Kerioti ni a ó kó lẹ́rú àti ilé agbára ni ó gbà. Ní ọjọ́ náà ọkàn àwọn akọni Moabu yóò dàbí ọkàn obìnrin tí ó ń rọbí.
42 ৪২ মোৱাবে যিহোৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে, সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ’ব।
A ó pa Moabu run gẹ́gẹ́ bí orílẹ̀-èdè nítorí pé ó gbéraga sí Olúwa.
43 ৪৩ যিহোৱাই কৈছে, হে মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ, গাত আৰু ফান্দ নিৰূপিত আছে।”
Ẹ̀rù àti ọ̀fìn àti okùn dídè ń dúró dè yín, ẹ̀yin ènìyàn Moabu,” ní Olúwa wí.
44 ৪৪ “যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”
“Ẹnikẹ́ni tí ó bá sá fún ẹ̀rù yóò ṣubú sínú ọ̀fìn ẹnikẹ́ni tí o bá jáde síta nínú ọ̀fìn ní à ó mú nínú okùn dídè nítorí tí èmi yóò mú wá sórí Moabu àní ọdún ìjìyà rẹ,” ní Olúwa wí.
45 ৪৫ পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।
“Ní abẹ́ òjìji Heṣboni àwọn tí ó sá dúró láìní agbára, nítorí iná ti jáde wá láti Heṣboni, àti ọwọ́ iná láti àárín Sihoni, yóò sì jó iwájú orí Moabu run, àti agbárí àwọn ọmọ aláriwo.
46 ৪৬ হায় হায় মোৱাব! কমোচৰ প্ৰজাসকলৰ সৰ্ব্বনাশ হ’ল, কাৰণ তোমাৰ পুত্রসকলক বন্দী কৰি নিয়া হ’ল; আৰু তোমাৰ জীয়ৰিসকলক বন্দী অৱস্থালৈ নিয়া হ’ল।
Ègbé ní fún ọ Moabu! Àwọn ènìyàn orílẹ̀-èdè Kemoṣi ṣègbé a kó àwọn ọmọkùnrin rẹ lọ sí ilẹ̀ àjèjì àti àwọn ọmọbìnrin rẹ lọ sí ìgbèkùn.
47 ৪৭ তথাপি, যিহোৱাই কৈছে, “মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।” মোৱাবৰ দণ্ড ইমানলৈকে।
“Síbẹ̀, èmi yóò dá ìkólọ Moabu padà ní ọjọ́ ìkẹyìn,” ni Olúwa wí. Eléyìí ní ìdájọ́ ìkẹyìn lórí Moabu.