< যেরেমিয়া 48 >

1 মোৱাবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “হায় হায় নবো! কিয়নো সেয়ে উচ্ছন্ন হ’ল; কিৰিয়াথয়িমে লাজ পালে, ধৰা পৰিল; মিচগবে লাজ পালে আৰু ব্যাকুল হ’ল।
Przeciwko Moabowi. Tak mówi Pan zastępów, Bóg Izraelski: Biada miastu Nebo, bo spustoszone będzie; pohańbione i wzięte będzie Karyjataim; zawstydzone będzie miasto na miejscu wysokiem, i bać się będzie.
2 মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’
Nie będzie się więcej chlubił Moab z Hesebonu; myślą złe przeciwko niemu, mówiąc: Pójdźcie, a wytraćmy ich z narodu. I ty, Madmenie! wykorzeniony będziesz, miecz pójdzie za tobą.
3 শুনা হোৰোণয়িমত চিঞৰ-বাখৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে।
Głos krzyku z Choronaim: O spustoszenie i zburzenie wielkie!
4 মোৱাব নষ্ট হ’ল। তাৰ সন্তান সকলে চিঞৰৰ শব্দ শুনাইছে।
Starty będzie Moab, słyszany będzie krzyk maluczkich jego,
5 কিয়নো লুহীতলৈ উঠি যোৱা বাটেদি তেওঁলোকে ক্ৰন্দনেৰে উঠি যাব, কাৰণ হোৰোণয়িমলৈ নামি যোৱা বাটত সংহাৰৰ দুখৰ চিঞঁৰ শুনা গৈছে।
Przeto, że na drodze Luchytskiej będzie ustawiczny płacz, a którędy zstępują do Choronaim, nieprzyjaciele krzyk zburzenia słyszeć będą,
6 তোমালোকে পলোৱা! নিজ নিজ প্ৰাণ ৰক্ষা কৰা, অৰণ্যত থকা ঝাও গছৰ নিচিনা হোৱা।
Mówiących: Uciekajcie, wybawcie duszę swoję, a stańcie się jako wrzos na puszczy.
7 কিয়নো তুমি তোমাৰ কাৰ্যত আৰু তোমাৰ বহুমূল্য বস্তুত নির্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা। আৰু তেতিয়া কমোচ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী-অৱস্থালৈ একেলগে ওলাই যাব।
Bo dlatego, że masz nadzieję w dostatku twoim, i w skarbach twoich, będziesz też wzięte, i Chamos pójdzie w pojmanie, kapłani jego, także i książęta jego.
8 প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব; যিহোৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ’ব, সমতলো বিনষ্ট হ’ব।
Bo burzyciel przyjdzie na każde miasto, a żadne miasto nie ujdzie; zginie i dolina, i równiny spustoszone będą, jako mówi Pan.
9 তোমালোকে মোৱাবক আপোন বাটে উড়ি যাবৰ বাবে ডেউকা দিয়া। তাৰ নগৰবোৰ ধ্বংস কৰা হ’ব, তাত বাস কৰোঁতা কোনো নহ’ব।
Dajcie skrzydła Moabowi, niech prędko uleci; bo miasta jego przyjdą w spustoszenie, tak, że nie będzie w nich obywatela.
10 ১০ যি জনে যিহোৱাৰ কাৰ্য এলাহেৰে কৰে, তেওঁ শাপগ্ৰস্ত হওঁক আৰু যি জনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোঁচাই ৰাখে তেওঁ শাপগ্ৰস্থ হওঁক।
Przeklęty, kto zdradliwie czyni sprawę Pańską; przeklęty także, kto hamuje miecz swój ode krwi.
11 ১১ মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।
Miałci Moab pokój od dzieciństwa swego, i usadził się na drożdżach swoich, ani był przelewany z naczynia w naczynie, to jest, w pojmanie nie chodził, dla czego został w nim smak jego, a woń jego nie zmieniła się.
12 ১২ এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।
Przetoż oto dni idą, mówi Pan, że poślę nań tych, którzy wtargnienia czynią, a pojmają go, i naczynia jego wypróżnią, a łagwie jego potłuką.
13 ১৩ ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।
I zawstydzony będzie Moab od Chamosa, jako zawstydzony jest dom Izraelski od Betel, nadziei swojej.
14 ১৪ ‘আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ, বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?
Jakoż mówicie: Mocniśmy, a mężowie duży do boju?
15 ১৫ মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ’ল, বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।
Zburzony będzie Moab, i z miast swoich wynijdzie, a wyborni młodzieńcy jego pójdą na zabicie, mówi król, Pan zastępów imię jego.
16 ১৬ মোৱাবৰ আপদ ওচৰ পালেহি আৰু তাৰ অমঙ্গল অতিশয় বেগেৰে আহিছে।
Blisko jest zginienie Moabowe, i przyjdzie; a nieszczęście jego prędko się pospieszy.
17 ১৭ মোৱাবৰ চাৰিওফালে থকা তাৰ নাম জনা তোমালোক সকলোৱে তাৰ নিমিত্তে বিলাপ কৰি কোৱা, এই শকত লাখুটি আৰু সুন্দৰ দণ্ডডালি কেনেৰূপে ভাগিল!
Użalcie się go wszyscy, którzy mieszkacie około niego, i wszyscy, którzy znacie imię jego, mówcie: Jakoż się złamała laska mocy, i kij ozdobny?
18 ১৮ হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা; কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।
Zstąp z sławy, a siądź w pragnieniu, obywatelko, córko Dybońska! bo zburzyciel Moabu przyciągnie przeciwko tobie, rozrzuci twierdze twoje.
19 ১৯ হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা। পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ’ল বুলি সোধা।
Stań na drodze a przypatrz się pilnie, obywatelko Aroer! pytaj tego, który ucieka, i tej, która uchodzi, mówiąc: Co się dzieje?
20 ২০ মোৱাবে লাজ পালে, কিয়নো সেই নগৰ ভগ্ন হ’ল; তোমালোকে হাহাকাৰ কৰা আৰু চিঞৰি কান্দা; মোৱাব যে উচ্ছন্ন হ’ল, তাক অৰ্ণোনত প্ৰচাৰ কৰা।
Zawstydzony jest Moab, bo jest potarty; narzekajcie a wołajcie, opowiadajcie w Arnon, że pustoszą Moaba.
21 ২১ আৰু শাস্তি আহিল সমথলৰ দেশলৈ, হোলোন, যহচা, মেফাৎ,
Bo sąd przyszedł na ziemię tej równiny, na Holon, i na Jassa, i na Mefaat,
22 ২২ দীবোন, নবো, বৈৎ-দিব্লাথয়িম,
I na Dybon, i na Nebo, i na Bet Dyblataim,
23 ২৩ কিৰিয়াথয়িম, বৈৎ-গামূল, বৈৎ-মিয়োন,
I na Kiryjataim, i na Betgamul, i Betmehon.
24 ২৪ কৰিয়োৎ আৰু বস্ৰা দূৰত কি ওচৰত থকা মোৱাবদেশীয় সকলো নগৰৰ ওপৰলৈ দণ্ড আহিল।
I na Karyjot, i na Bocrę, i na wszystkie miasta ziemi Moabskiej, dalekie i bliskie.
25 ২৫ যিহোৱাই কৈছে, মোৱাবৰ শিংটি কটা হ’ল আৰু বাহু ভঙা হ’ল।
Odcięty będzie róg Moabski, i ramię jego będzie starte, mówi Pan.
26 ২৬ তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে আৰু মোৱাবে নিজ বঁতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰূপৰ বিষয়ো হ’ব।
Opójcie go, ponieważ się przeciw Panu podniósł; niech się wala Moab w blwocinach swoich, niech będzie i on na pośmiech.
27 ২৭ কিয়নো ইস্ৰায়েল জানো তোমাৰ আগত বিদ্ৰূপৰ বিষয় নাছিল? তাক জানো চোৰৰ মাজত পোৱা নগৈছিল? কাৰণ তুমি যিমানবাৰ তাৰ বিষয়ে কোৱা, সিমানবাৰ তুমি তোমাৰ মূৰ জোকাৰা।
Bo azaż w pośmiewisku nie był u ciebie Izrael? Izali go między złodziejami zastano? że, ilekroć mówisz o nim, wyskakujesz.
28 ২৮ হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা আৰু গাতৰ মুখৰ কিনাৰত বাহ সজা কপৌটিৰ দৰে হোৱা।
Opuszczajcie miasta a mieszkajcie na skale, obywatele Moabscy! a bądźcie jako gołębica, która ściele gniazdo swoje na kraju dziury.
29 ২৯ আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী; তাৰ অভিমান, অহংকাৰ, দৰ্প আৰু মনৰ গৰ্ব্বৰ কথা আমি শুনিলোঁ।
Słyszeliśmy o pysze Moabowej, że jest bardzo pyszny; o wysokomyślności jego, i o hardości jego, i o nadętości jego, i o wyniosłości serca jego.
30 ৩০ যিহোৱাই কৈছে, “মই জানো; তাৰ ক্ৰোধ মিছা, তাৰ বৰ বৰ কথা নিস্ফল।
Znamci Ja, mówi Pan, zagniewanie jego; lecz nie ma siły; kłamstwa jego nie dowiodą tego.
31 ৩১ এই কাৰণে মই মোৱাবৰ বিষয়ে হাহাকাৰ কৰিম, এনেকি, গোটেই মোৱাবৰ বাবে চিঞৰি কান্দিম; কীৰ-হেৰচৰ লোকসকলৰ বিষয়ে বিলাপ কৰা যাব।
Dlatego nad Moabczykami narzekam, a nade wszystkim Moabem wołam, a dla obywateli Kircheres wzdycha serce moje.
32 ৩২ হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল সেয়ে যাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল; তোমাৰ ঘামকালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দ্ৰাক্ষা গুটিৰ বাবে বিনাশক আহিল।
Bardziej niż płakano Jazerczyków, płaczę nad tobą, o winna macico Sabama! Latorośli twoje dostaną się za morze, aż do morza Jazer dosięgną; na letnie owoce twoje, i na zbieranie wina twego burzyciel przypadnie.
33 ৩৩ মোৱাব দেশৰ ফলৱতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ’ল, আৰু “মই দ্ৰাক্ষাকুণ্ডত দ্ৰাক্ষাৰস নাইকিয়া কৰিলোঁ; কোনেও আনন্দৰ ধ্বনিৰে নগচকিব; সেই ধ্বনি আনন্দৰ ধ্বনি নহ’ব।
I ustanie wesele i radość nad polem urodzajnem w ziemi Moabskiej, a winu z prasy wstręt uczynię; nie będą go tłoczyć z wykrzykaniem, a wykrzykanie nie będzie wykrzykaniem.
34 ৩৪ হিচবোনত এনে চিঞঁৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়ালিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জল সমূহো মৰুভূমি হ’ব।
Bardziej krzyczeć będą niż Hesebończycy; aż do Eleale, aż do Jazy wydadzą głos swój, od Zoar aż do Choronaim, jako jałowica trzecioletnia; bo też i wody Nimrym zniszczeją.
35 ৩৫ ইয়াত বাজে, উচ্ছস্থানত উৎসৰ্গ কৰোঁতা, আৰু নিজ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাওঁতা লোক মোৱাবত নাইকিয়া কৰিম।” ইয়াকে যিহোৱাই কৈছে।”
I uczynię, mówi Pan, że ustanie w Moabie ofiarujący na wyżynach, i kadzący bogom swoim.
36 ৩৬ এই কাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ-হেৰচৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে; কাৰণ সি অৰ্জ্জা অধিক বস্তু নষ্ট হ’ল।
Przetoż serce moje nad Moabem jako piszczałki piszczeć będzie; także nad obywatelami w Kircheres serce moje jako piszczałki piszczeć będzie, i dlatego, że i zboże zgromadzone wniwecz się obróci.
37 ৩৭ কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ’ল আৰু প্ৰত্যেকৰ ডাঢ়ি কটা হ’ল, সকলোৰে হাতত কাটকূট আৰু কঁকালত চট আছে।
Bo na każdej głowie będzie łysina, i każda broda ogolona będzie; na wszystkich rękach będą szramy, a na biodrach wór.
38 ৩৮ মোৱাবৰ সকলো ঘৰৰ চালত, আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে; কিয়নো যিহোৱাই কৈছে ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ।
Po wszystkich dachach Moabskich i po ulicach jego, wszędy nic nie będzie, tylko narzekanie; bom skruszył Moaba jako naczynie nieużyteczne, mówi Pan.
39 ৩৯ “সি কেনে ভগ্ন হ’ল! তেওঁলোকে কেনে হাহাকাৰ কৰিছে! মোৱাবে লাজতে কেনেৰূপে মুখ ঘূৰালে! এইদৰে মোৱাব নিজৰ চাৰিওফালে থকা সকলোৰে আগত বিদ্ৰূপৰ আৰু ত্ৰাসৰ বিষয় হ’ব।”
Narzekać będą, mówiąc: Jakoć jest starty! Jako tył podał Moab z hańbą! i jest Moab pośmiewiskiem, i postrachem wszystkim, którzy są około niego.
40 ৪০ কিয়নো যিহোৱাই এইদৰে কৈছে, “চোৱা, তেওঁ কুৰৰ পখীৰ দৰে উড়ি আহি, মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব।
Bo tak mówi Pan: Oto nieprzyjaciel jako orzeł przyleci, a rozciągnie skrzydła swe na Moaba.
41 ৪১ কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।
Karyjot wzięte będzie, i zamki wzięte będą, a serce mocarzów Moabskich dnia onego będzie jako serce niewiasty bolejącej.
42 ৪২ মোৱাবে যিহোৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে, সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ’ব।
I wygładzony będzie Moab z ludu; bo się przeciwko Panu podnosił.
43 ৪৩ যিহোৱাই কৈছে, হে মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ, গাত আৰু ফান্দ নিৰূপিত আছে।”
Strach i dół, i sidło nad tobą, o obywatelu Moabski! mówi Pan.
44 ৪৪ “যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”
Kto uciecze przed strachem, wpadnie w dół; a kto wynijdzie z dołu, sidłem ułapiony będzie; bo przywiodę nań, to jest na Moaba, rok nawiedzienia jego, mówi Pan.
45 ৪৫ পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।
W cieniu Hesebon stawali ci, którzy uciekali przed gwałtem; ale ogień wynijdzie z Hesebonu, i płomień z pośrodku Sehonu, i pożre kąt Moabski, i wierzch głowy tych, którzy go burzą.
46 ৪৬ হায় হায় মোৱাব! কমোচৰ প্ৰজাসকলৰ সৰ্ব্বনাশ হ’ল, কাৰণ তোমাৰ পুত্রসকলক বন্দী কৰি নিয়া হ’ল; আৰু তোমাৰ জীয়ৰিসকলক বন্দী অৱস্থালৈ নিয়া হ’ল।
Biada tobie, Moabie! zaginieć lud Chamosowy; bo synowie twoi zabrani będą w niewolę, i córki twoje do więzienia.
47 ৪৭ তথাপি, যিহোৱাই কৈছে, “মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।” মোৱাবৰ দণ্ড ইমানলৈকে।
Wszakże zasię przywrócę więźniów Moabskich w ostateczne dni, mówi Pan. Aż dotąd sąd o Moabie.

< যেরেমিয়া 48 >