< যেরেমিয়া 47 >
1 ১ ফৰৌণে গাজাক প্ৰহাৰ কৰা আগতে, পলেষ্টীয়াসকলৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
Quod factum est verbum Domini ad Ieremiam prophetam contra Palæsthinos, antequam percuteret Pharao Gazam:
2 ২ “যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দিশৰ পৰা জল সমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ধল পানী হৈ, দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব! তাতে লোকসকলে চিঞৰিব, আৰু দেশত বাস কৰা সকলোৱে হাহাকাৰ কৰিব।
Hæc dicit Dominus: Ecce aquæ ascendunt ab Aquilone, et erunt quasi torrens inundans, et operient terram, et plenitudinem eius, urbem et habitatores eius: clamabunt homines, et ululabunt omnes habitatores terræ
3 ৩ শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তান সকললৈ ঘূৰি নাচাব।
a strepitu pompæ armorum, et bellatorum eius, a commotione quadrigarum eius, et multitudine rotarum illius. Non respexerunt patres filios manibus dissolutis
4 ৪ কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।
pro adventu diei, in quo vastabuntur omnes Philisthiim, et dissipabitur Tyrus, et Sidon cum omnibus reliquis auxiliis suis. Depopulatus est enim Dominus Palæsthinos, reliquias insulæ Cappadociæ.
5 ৫ গাজাৰ মূৰ টকলা কৰা হ’ল, তেওঁলোকৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ’ল; তুমি কিমান কাল তোমাৰ গা কাটকূট কৰিবা?
Venit calvitium super Gazam: conticuit Ascalon, et reliquiæ vallis earum, usquequo concideris?
6 ৬ হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
O mucro Domini usquequo non quiesces? Ingredere in vaginam tuam, refrigerare, et sile.
7 ৭ যিহোৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ’ব পাৰা? তেওঁ অস্কিলোন আৰু সমুদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে।”
Quomodo quiescet cum Dominus præceperit ei adversus Ascalonem, et adversus maritimas eius regiones, ibique condixerit illi?