< যেরেমিয়া 46 >
1 ১ জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।
Parole de Yahvé adressée à Jérémie, le prophète, concernant les nations.
2 ২ মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবূখদনেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ নখোৰ সৈন্য-সামন্তৰ বিষয়:
Sur l'Égypte: sur l'armée de Pharaon Néco, roi d'Égypte, qui était près du fleuve Euphrate, à Carkemish, et que Nebucadnetsar, roi de Babylone, battit la quatrième année de Jojakim, fils de Josias, roi de Juda.
3 ৩ তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা।
« Préparez la cuirasse et le bouclier, et s'approcher de la bataille!
4 ৪ হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা, বৰচা জকমকোওৱা, কৱচ পিন্ধা।
Harnachez les chevaux, et levez-vous, cavaliers, et mettez-vous debout avec vos casques. Polissez les lances, mettre les manteaux de courrier.
5 ৫ মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুঁহকি গৈছে; তেওঁলোকৰ বীৰসকল বিহ্বল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়; যিহোৱাই কৈছে, চাৰিওফালে ত্ৰাস।
Pourquoi l'ai-je vu? Ils sont consternés et se retournent. Leurs puissants sont battus, ont fui en hâte, et ne regardez pas en arrière. La terreur est de tous les côtés, » dit Yahvé.
6 ৬ বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে; উত্তৰফালে ফৰাৎ নদীৰ পাৰত তেওঁলোকে উজুটি খাই পৰিছে।
« Ne laisse pas le rapide s'enfuir, ni l'homme fort ne s'échappera. Au nord, près du fleuve Euphrate ils ont trébuché et sont tombés.
7 ৭ যাৰ জল সমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন?
« Qui est celui qui s'élève comme le Nil? comme des rivières dont les eaux déferlent?
8 ৮ মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জল সমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে। আৰু সি কৈছে, ‘মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম।’
L'Égypte s'élève comme le Nil, comme des rivières dont les eaux se déchaînent. Il dit: « Je me lèverai. Je couvrirai la terre. Je détruirai les villes et leurs habitants.
9 ৯ হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কুচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লুদীয়া লোকসকল বাহিৰ ওলাওঁক।
Montez, chevaux! Ragez, chars! Que les hommes forts sortent: Cush et Put, qui s'occupent du bouclier; et les Ludim, qui manient et plient l'arc.
10 ১০ কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে।
Car ce jour-là est celui du Seigneur, Yahvé des armées, un jour de vengeance, pour qu'il se venge de ses adversaires. L'épée dévorera et sera rassasiée, et s'abreuvera de leur sang; car le Seigneur, Yahvé des Armées, a un sacrifice dans le pays du nord, près du fleuve Euphrate.
11 ১১ হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।
Monte en Galaad, et prends du baume, vierge fille d'Égypte. Vous utilisez beaucoup de médicaments en vain. Il n'y a pas de guérison pour vous.
12 ১২ জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে, কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল।
Les nations ont entendu parler de ta honte, et la terre est pleine de ton cri; car le puissant a trébuché contre le puissant, ils tombent tous les deux ensemble. »
13 ১৩ বাবিলৰ ৰজা নবূখদনেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:
La parole que Yahvé adressa à Jérémie, le prophète, sur la manière dont Nabuchodonosor, roi de Babylone, devait venir et frapper le pays d'Égypte:
14 ১৪ “তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”
« Déclarez en Égypte, publier à Migdol, et publier à Memphis et à Tahpanhes; dire: « Levez-vous et préparez-vous, car l'épée a dévoré autour de toi.
15 ১৫ তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে।
Pourquoi vos forces sont-elles balayées? Ils ne sont pas restés debout, car Yahvé les a poussés.
16 ১৬ তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”
Il a fait trébucher beaucoup de gens. Oui, ils sont tombés l'un sur l'autre. Ils ont dit: « Levez-vous! Retournons auprès des nôtres, et à la terre de notre naissance, de l'épée oppressive.
17 ১৭ তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”
Ils criaient: « Pharaon, roi d'Égypte, n'est qu'un bruit; il a laissé passer le temps qui lui était imparti ».
18 ১৮ বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”
« Je suis vivant », dit le roi, dont le nom est Yahvé des Armées, « sûrement comme le Thabor parmi les montagnes, et comme le Carmel au bord de la mer, pour qu'il vienne.
19 ১৯ হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা; কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব।
Fille qui habite en Égypte, fournissez-vous pour aller en captivité; car Memphis deviendra une désolation, et sera brûlé, sans habitant.
20 ২০ মিচৰ অতি সুন্দৰী চেঁউৰী গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি।
« L'Égypte est une très belle génisse; mais la destruction est venue du nord. Il est arrivé.
21 ২১ তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে। একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত।
Et ses mercenaires, au milieu d'elle, sont comme des veaux de l'étable, car eux aussi sont retournés en arrière. Ils se sont enfuis ensemble. Ils ne se sont pas levés, car le jour de leur calamité est venu sur eux, le moment de leur visite.
22 ২২ পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব; কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব।
Son bruit sera comme celui du serpent, car ils vont marcher avec une armée, et viennent contre elle avec des haches, comme des coupeurs de bois.
23 ২৩ যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব; কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য।
Ils couperont sa forêt, dit Yahvé, « bien qu'il ne puisse pas être fouillé; car ils sont plus nombreux que les sauterelles, et sont innombrables.
24 ২৪ মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।”
La fille de l'Égypte sera déçue; elle sera livrée entre les mains des gens du nord. »
25 ২৫ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।
Yahvé des armées, le Dieu d'Israël, dit: « Voici que je vais punir Amon de No, et Pharaon, et l'Égypte, avec ses dieux et ses rois, même Pharaon, et ceux qui se confient en lui.
26 ২৬ আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।
Je les livrerai entre les mains de ceux qui en veulent à leur vie, entre les mains de Nebucadnetsar, roi de Babylone, et entre les mains de ses serviteurs. Ensuite, elle sera habitée, comme aux jours d'autrefois, dit Yahvé.
27 ২৭ “কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
« Mais n'aie pas peur, Jacob, mon serviteur. Ne sois pas consterné, Israël; car, voici, je vous sauverai de loin, et ta descendance du pays de leur captivité. Jacob reviendra, et sera tranquille et à l'aise. Personne ne lui fera peur.
28 ২৮ যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”
N'aie pas peur, mon serviteur Jacob, dit Yahvé, « car je suis avec vous; car je ferai disparaître toutes les nations où je vous ai chassés, mais je n'en finirai pas avec vous, mais je vais vous corriger sur mesure, et ne vous laissera en aucun cas impuni. »